ৰাষ্ট্ৰীয়

August 5, 2026 7:35 PM

views 28

পশ্চিম এছিয়া আৰু ভূ-ৰাজনৈতিক সংঘাতৰ মাজতে ভাৰতীয় নাবিকসকলৰ সুৰক্ষা মূল্যায়নৰ বাবে মন্ত্ৰালয়ৰ উচ্চপদস্থ বিষয়াসকলৰ সৈতে বিস্তৃত বৈঠক সৰ্বানন্দ সোণোৱালৰ

বন্দৰ, জাহাজ চলাচল আৰু জলপথ মন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ সভাপতিত্বত আজি পশ্চিম এছিয়া আৰু ভূ-ৰাজনৈতিক সংঘাতৰ মাজতে ভাৰতীয় নাবিকসকলৰ সুৰক্ষা মূল্যায়নৰ বাবে মন্ত্ৰালয়ৰ উচ্চপদস্থ বিষয়াসকলৰ সৈতে এখন বিস্তৃত বৈঠক অনুষ্ঠিত হয়। সামাজিক মাধ্যমৰ এটা বাৰ্তাত শ্ৰীসোণোৱালে কয় যে কেন্দ্ৰীয় চৰকাৰে সদায় ভাৰত...

August 5, 2026 5:00 PM

views 31

স্থিতিস্থাপক চাহিদাই ভাৰতক দ্রুত বিকশিত অর্থনীতি হিচাপে পৰিগণিত কৰোৱাৰ দিশত সহায় কৰিছেঃ আৰবিআই গৰ্ভনৰ সঞ্জয় মালহোত্রা

ভাৰতীয় ৰিজাৰ্ভ বেংকৰ গৰ্ভনৰ সঞ্জয় মালহোত্রাই কৈছে যে স্থিতিস্থাপক চাহিদাই দেশৰ অৰ্থনৈতিক বিকাশত অৰিহণা যোগোৱাৰ লগতে ভাৰতক দ্রুত বিকশিত অর্থনীতি হিচাপে পৰিগণিত কৰোৱাৰ দিশত সহায় কৰিছে। তেওঁ কয়, যে চলিত বিত্তীয় বৰ্ষৰ এপ্ৰিলৰ পৰা জুনলৈ ত্রৈমাসিকত দেশৰ অৰ্থনীতিয়ে আশা কৰাতকৈ ভাল ফলাফল দেখুৱাবলৈ সমৰ্...

August 5, 2026 4:54 PM

views 21

সংবিধানৰ ৩৭০ নম্বৰ অনুচ্ছেদ বাতিল কৰাৰ আজি ৭ বছৰ সম্পূৰ্ণ হ’ল

সংবিধানৰ ৩৭০ নম্বৰ অনুচ্ছেদ বাতিল কৰাৰ আজি ৭ বছৰ সম্পূৰ্ণ হ'ল। ২০১৯ চনৰ এই দিনটোতেই জম্মু-কাশ্মীৰক বিশেষ মর্যাদা প্ৰদান কৰা ৩৭০ নম্বৰ অনুচ্ছেদ সংসদে বাতিল কৰিছিল। ইয়াৰ পূৰ্বে ৩৭০ নম্বৰ অনুচ্ছেদত উল্লেখ কৰা অনুসৰি পৃথক সংবিধান থকা জম্মু-কাশ্মীৰেই দেশৰ একমাত্ৰ ৰাজ্য আছিল। এয়া এটা অস্থায়ী ব্যৱস্থা আ...

August 5, 2026 4:50 PM

views 39

বিভিন্ন বিষয় লৈ সৃষ্টি হোৱা হুলস্থূলীয়া পৰিস্থিতিৰ বাবে আজি উভয় সদনৰ কাৰ্যক্ৰমণিকা দিনৰ ২ বজালৈ স্থগিত

নীটৰ বিষয়ক লৈ ছাত্ৰ-ছাত্ৰীসকলৰ প্ৰতিবাদৰ সময়ত আৰক্ষীৰ ভূমিকাকে ধৰি বিভিন্ন বিষয় লৈ সৃষ্টি হুলস্থূলীয়া পৰিস্থিতিৰ বাবে আজি উভয় সদনৰ কাৰ্যক্ৰমণিকা দিনৰ ২ বজালৈ স্থগিত ৰাখিবলগীয়া হয়। ইয়াৰ পূৰ্বে দিনৰ ১১ বজাত লোকসভা মিলিত হোৱাৰ সময়ত অধ্যক্ষ ওম বিলাই প্ৰশ্নকাল আৰম্ভ কৰাৰ চেষ্টা চলায় যদিও বিৰোধী...

August 5, 2026 4:25 PM

views 62

প্ৰলয়ংকাৰী বানত ক্ষতিগ্ৰস্ত চণ্টক আৰু নেপালীখুঁটি অঞ্চল পৰিদৰ্শন কেন্দ্রীয় মন্ত্রী জে পি নাড্ডাৰ

কেন্দ্রীয় মন্ত্রী জে পি নাড্ডাই আজি শিৱসাগৰ জিলাৰ প্ৰলয়ংকাৰী বানত ক্ষতিগ্ৰস্ত চণ্টক আৰু নেপালীখুঁটি অঞ্চল পৰিদৰ্শন কৰে। মন্ত্ৰীগৰাকীয়ে ক্ষতিৰ সন্মুখীন হোৱা লোকসকলৰ সৈতে মত বিনিময় কৰে। এই পৰিদৰ্শনকালত কেন্দ্ৰীয় মন্ত্ৰীগৰাকীৰ সৈতে মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শৰ্মা, মন্ত্ৰী অশোক সিংহল আৰু কেশৱ মহ...

August 5, 2026 12:32 PM

views 33

শ্ৰীলংকাৰ বিৰুদ্ধে দুখনীয়া টেষ্ট ক্রিকেট শৃংখলাত ভাগ লোৱাৰ উদ্দেশ্যে ভাৰতীয় ক্রিকেট দল উপস্থিত

ভাৰতীয় ক্রিকেট দলটো শ্ৰীলংকাৰ বিৰুদ্ধে দুখনীয়া টেষ্ট ক্রিকেট শৃংখলাত ভাগ লোৱাৰ উদ্দেশ্যে দেশখনত উপস্থিত হৈছে। ভাৰতে টেষ্ট শৃংখলাৰ পূৰ্বে অহা ৭ আগষ্টৰ পৰা কলম্বোত এখন চাৰিদিনীয়া প্রস্তুতি খেলত অংশ ল’ব।  শৃংখলাৰ প্ৰথমখন খেল গালে আন্তঃৰাষ্ট্ৰীয় ক্রিকেট ষ্টেডিয়ামত ১৫ৰ পৰা ১৯ আগষ্টলৈ খেলোৱা হ'ব। শৃং...

August 5, 2026 12:29 PM

views 43

ইৰাণ-ওমানৰ মাজত হৰমুজ প্রণালী সম্পর্কীয় আলোচনা নতুন পৰ্যায়ত প্ৰৱেশ

ইৰাণ আৰু ওমানৰ মাজত হৰমুজ প্রণালী সম্পর্কীয় আলোচনাই নতুন পৰ্যায়ত প্ৰৱেশ কৰিছে বুলি ইৰাণৰ এজন শীৰ্ষ বিষয়াই দেশখনৰ ৰাষ্ট্ৰীয় সম্প্ৰচাৰ সন্থাৰ প্ৰতিনিধিৰ আগত প্ৰকাশ কৰিছে। ইৰাণৰ চৰকাৰী টেলিভিচনে কালি প্ৰকাশ কৰা অনুসৰি হৰমুজ প্রণালীক লৈ ইৰাণ-ওমানৰ আলোচনা অব্যাহত থকাটোৱে তেহৰাণৰ কূটনৈতিক সংযোগক প্রতী...

August 5, 2026 12:25 PM

views 40

ভাৰতৰ পতাকাযুক্ত বাণিজ্যিক জাহাজ এম এছ ভি ফইজ নুৰী অলিয়াৰ ওপৰত য়েমেনৰ উপকূলৰ সমীপত সংঘটিত আক্ৰমণক গৰিহণা

ভাৰতে দেশৰ পতাকাযুক্ত বাণিজ্যিক জাহাজ এম এছ ভি ফইজ নুৰী অলিয়াৰ ওপৰত কালি য়েমেনৰ উপকূলৰ সমীপত সংঘটিত আক্ৰমণৰ ঘটনাক গৰিহণা দিছে। বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ে এটা বিবৃতিযোগে কয়, যে জাহাজখনত থকা ১৩ গৰাকী ভাৰতীয় নাগৰিকক সুকলমে উদ্ধাৰ কৰা হৈছে। ৰিয়াধত থকা ভাৰতীয় দূতাবাসে পৰিস্থিতি সূক্ষ্মভাৱে নিৰীক্...

August 5, 2026 12:21 PM

views 35

ভূপালত আজিৰে পৰা ব্ৰীকছ ৰাষ্ট্ৰগোষ্ঠীৰ সংস্কৃতি কাৰ্যগোটৰ তৃতীয়খন বৈঠক

ভূপালত আজিৰে পৰা ব্ৰীকছ ৰাষ্ট্ৰগোষ্ঠীৰ সংস্কৃতি কাৰ্যগোটৰ তৃতীয়খন বৈঠক অনুষ্ঠিত হ'ব। ব্ৰীকছ ২০২৬ৰ অধ্যক্ষ হিচাপে ভাৰতে এই দুদিনীয়া বৈঠকৰ আয়োজন কৰিছে। সাংস্কৃতিক মন্ত্রালয়ে প্রকাশ কৰা অনুসৰি এই বৈঠকত ব্ৰীকছ ৰাষ্ট্ৰগোষ্ঠীৰ সদস্য ৰাষ্ট্ৰসমূহৰ প্ৰতিনিধিসকলক একত্ৰিত কৰি সাংস্কৃতিক সহযোগিতা অধিক শক্তি...

August 5, 2026 11:32 AM

views 37

নতুন দিল্লীৰ ৰাষ্ট্ৰপতি ভৱনৰ অমৃত উদ্যান অহা ১৬ আগষ্টৰ পৰা জনসাধাৰণৰ বাবে মুকলি

নতুন দিল্লীৰ ৰাষ্ট্ৰপতি ভৱনৰ অমৃত উদ্যান অহা ১৬ আগষ্টৰ পৰা জনসাধাৰণৰ বাবে মুকলি কৰা হ'ব। ৰাষ্ট্ৰপতি ভৱনৰ বাৰ্ষিক গ্ৰীষ্মকালীন কাৰ্যসূচীৰ অংশ হিচাপে ১৫ ছেপ্তেম্বৰ পৰ্যন্ত এমাহৰ বাবে পুৱা ১০ বজাৰ পৰা সন্ধিয়া ৬ বজালৈ বিনামূলীয়াকৈ এই উদ্যান মুকলি ৰখা হ'ব। অৱশ্যে বিয়লি ৫ বজাৰ পাছত উদ্যানখনত প্ৰৱেশ বন্...