ভাৰতীয় ক্রিকেট দলটো শ্ৰীলংকাৰ বিৰুদ্ধে দুখনীয়া টেষ্ট ক্রিকেট শৃংখলাত ভাগ লোৱাৰ উদ্দেশ্যে দেশখনত উপস্থিত হৈছে। ভাৰতে টেষ্ট শৃংখলাৰ পূৰ্বে অহা ৭ আগষ্টৰ পৰা কলম্বোত এখন চাৰিদিনীয়া প্রস্তুতি খেলত অংশ ল’ব।
শৃংখলাৰ প্ৰথমখন খেল গালে আন্তঃৰাষ্ট্ৰীয় ক্রিকেট ষ্টেডিয়ামত ১৫ৰ পৰা ১৯ আগষ্টলৈ খেলোৱা হ’ব। শৃংখলাৰ দ্বিতীয় তথা অন্তিমখন খেল সিংহলীজ স্পর্টছ ক্লাবৰ খেলপথাৰত ২৩ৰ পৰা ২৭ আগষ্টলৈ খেলোৱা হ’ব। ইংলেণ্ডৰ বিৰুদ্ধে সদ্য সমাপ্ত এদিনীয়া আন্তঃৰাষ্ট্ৰীয় ক্রিকেট শৃংখলাত হোৱা বাওঁ আঁঠুৰ আঘাতৰ সমস্যাৰ পৰা সম্পূৰ্ণৰূপে উপশম নোহোৱাৰ পৰিপ্ৰেক্ষিতত ভাৰতৰ তাৰকা খেলুৱৈ জছপ্রীত বুমৰাহক শ্ৰীলংকাৰ বিৰুদ্ধে হ’বলগীয়া শৃংখলাটোৰ পৰা আঁতৰাই ৰখা হৈছে।
খেলুৱৈগৰাকীৰ স্থানত পুৰুষৰ নিৰ্বাচক সমিতিয়ে আকিব নবীক দলত স্থান দিছে। আঘাতৰ বাবে ৱাশ্বিংটন সুন্দৰকো শৃংখলাৰ প্ৰথমখন খেলৰ পৰা বাদ দিয়া হৈছে। একেদৰে হৰ্ষিত ৰাণা আৰু নীতিশ কুমাৰ ৰেড্ডীয়ো আঘাতৰ সমস্যাত ভুগি আছে। ২০২৫-২৭ আই চি চি বিশ্ব টেষ্ট চেম্পিয়নশ্বিপৰ অংশ হিচাপে আয়োজিত এই শৃংখলাটোত শুভমন গীলে ভাৰতীয় দলৰ নেতৃত্ব বহন কৰিব।
ভাৰতে চলিত চেম্পিয়নশ্বিপৰ অংশ হিচাপে খেলা ৯ খন খেলৰ ৪ খনত জয়লাভ কৰাৰ বিপৰীতে ৪ খনত পৰাস্ত হৈছে। দলটো সম্প্রতি চেম্পিয়নশ্বিপৰ পইণ্ট তালিকাৰ পঞ্চম স্থানত আছে।