প্ৰলয়ংকাৰী বানত ক্ষতিগ্ৰস্ত চণ্টক আৰু নেপালীখুঁটি অঞ্চল পৰিদৰ্শন কেন্দ্রীয় মন্ত্রী জে পি নাড্ডাৰ

কেন্দ্রীয় মন্ত্রী জে পি নাড্ডাই আজি শিৱসাগৰ জিলাৰ প্ৰলয়ংকাৰী বানত ক্ষতিগ্ৰস্ত চণ্টক আৰু নেপালীখুঁটি অঞ্চল পৰিদৰ্শন কৰে। মন্ত্ৰীগৰাকীয়ে ক্ষতিৰ সন্মুখীন হোৱা লোকসকলৰ সৈতে মত বিনিময় কৰে। এই পৰিদৰ্শনকালত কেন্দ্ৰীয় মন্ত্ৰীগৰাকীৰ সৈতে মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শৰ্মা, মন্ত্ৰী অশোক সিংহল আৰু কেশৱ মহন্ত উপস্থিত থাকে। বান পৰিস্থিতি পৰিদৰ্শন কৰি জে পি নাড্ডাই কয়, যে প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ নিৰ্দেশমৰ্মে তেওঁ বান ক্ষতিগ্ৰস্ত ৰাইজৰ ওচৰলৈ আহিছে। কেন্দ্ৰীয় চৰকাৰে ক্ষতিগ্ৰস্ত লোকসকলক ক্ষতিপূৰণ দিয়াৰ ক্ষেত্ৰত কোনো কাৰণতে আপোচ নকৰে বুলি তেওঁ কয়। তদুপৰি বানত ক্ষতি হোৱা সম্পত্তি, বাসগৃহ আদি পুনৰ প্ৰদানৰ ব্যৱস্থা কৰাৰ লগতে ভয়াৱহ ক্ষতিৰ সন্মুখীন হোৱা লোকসকলক সংস্থাপনৰ ব্যৱস্থা কৰা হ’ব বুলি তেওঁ উল্লেখ কৰে।

মুখ্যমন্ত্ৰী ড° শৰ্মাই বানৰ বিভীষিকা সন্দৰ্ভত শীঘ্ৰে কেন্দ্ৰীয় চৰকাৰলৈ প্ৰতিবেদন প্ৰেৰণ কৰা হ’ব বুলি প্ৰকাশ কৰিছে। কেন্দ্ৰীয় মন্ত্রী শ্রীনাড্ডাই চাক্ষুষ অভিজ্ঞতা সন্দৰ্ভত কেন্দ্ৰীয় চৰকাৰক অৱগত কৰিব বুলিও মুখ্যমন্ত্ৰীয়ে মন্তব্য কৰে। শ্ৰীনাড্ডাই এই ভ্ৰমণকালত ৰাজ্য চৰকাৰ, জিলা প্ৰশাসন আৰু সংশ্লিষ্ট বিষয়াসকলৰ সৈতে বান সাহায্য আৰু পুনৰ সংস্থাপন সন্দৰ্ভত আলোচনা কৰিব।

মন্ত্ৰীগৰাকীয়ে নাগালেণ্ডৰ মন জিলালৈ গৈ তাত বান পৰিস্থিতিৰ পৰিদৰ্শন কৰাৰ লগতে বানপীড়িত ৰাইজক সাক্ষাৎ কৰিব। ইয়াৰ পাছত তেওঁ ডিব্ৰুগড়লৈ উভতি আহি ৰাজ্য চৰকাৰৰ জ্যেষ্ঠ বিষয়াসকলৰ সৈতে বৈঠকত মিলিত হ’ব। কাইলৈ মন্ত্ৰীগৰাকীয়ে অৰুণাচল প্ৰদেশলৈ গৈ ৰাজ্যখনত আকস্মিক বান আৰু ডাৱৰ বিস্ফোৰণৰ ফলত হোৱা বিস্তৰ ক্ষতিৰ বুজ ল’ব । তেওঁ ইটানগৰত অৰুণাচল প্ৰদেশ চৰকাৰৰ শীৰ্ষ বিষয়াৰ সৈতেও আলোচনাত মিলিত হ’ব।

বিশ্বনাথ জিলাৰ অন্তৰ্গত গহপুৰত ৩ খন নদীৰ বাঢ়নি পানীয়ে বিস্তীর্ণ অঞ্চল প্লাৱিত কৰিছে। গহপুৰৰ মাজেৰে বৈ যোৱা কুকুৰাজান নদীৰ ছিগা মথাউৰিৰে পানী সোমাই গহপুৰ অসামৰিক চিকিৎসালয়, ৰাজহ চক্ৰ কাৰ্যালয়কে ধৰি বহুকেইটা প্ৰতিষ্ঠান বুৰাই পেলাইছে। একেদৰে ব্ৰহ্মাজান নদীৰ মথাউৰি ছিগাৰ ফলত খাটৰবাৰী, দৰিয়াঘাট, আদি অঞ্চল প্লাৱিত হৈছে। বাঢ়নি পানীয়ে বহু ঘৰ-বাৰী বুৰাই পেলাইছে। ইপিনে, সুলেঙী নদীৰ বাঢ়নি পানীত নবিল অঞ্চলৰ বহু খেতিপথাৰ বুৰ গৈছে।

দৰং জিলাৰ মঙলদৈ ৰাজহ চক্ৰৰ অন্তৰ্গত বেংগাবৰা গাঁৱত নোৱা নদীৰ বাঢ়নী পানীয়ে আজি পুৱা মথাউৰিৰ প্ৰায় ১০ মিটাৰ অংশ ছিঙি লৈ যায়। ইয়াৰ ফলত ঔতলা পঞ্চায়তৰ লগতে সমীপৱৰ্তী জলজলি, চমুৱাপাৰা গাওঁ পঞ্চায়তৰ ৩০ খনতকৈ অধিক গাওঁ প্লাৱিত হৈছে। ইতিমধ্যে জিলা প্ৰশাসনৰ বিষয়াই ঘটনাস্থলীত উপস্থিত হৈ চিগা মথাউৰিৰ অংশটো মেৰামতিৰ প্ৰস্তুতি চলাইছে।