September 4, 2026 4:31 PM

views 21

নেপাল আৰু তীব্বতত হঠাতে অহা প্রলয়ংকৰী বানৰ ফলত মৃত্যু হোৱা লোকৰ সংখ্যা ১,২৮২ লৈ বৃদ্ধি

নেপাল আৰু তীব্বতত হঠাতে অহা প্রলয়ংকৰী বানৰ ফলত মৃত্যু হোৱা লোকৰ সংখ্যা ১,২৮২ হৈছে। নেপালৰ আৰক্ষী সূত্ৰই জনোৱা অনুসৰি চিটৱান অঞ্চলত ৩৫৯ গৰাকী ৰাছুৱাত ১৪০ গোৰ্খাত ৭২, ধাদিঙত ৬০ আৰু তানাহুত ৩৮ গৰাকী লোকৰ মৃত্যু হৈছে।  কাঠমাণ্ডুৰ চিকিৎসালয়ত চিকিৎসাধীন অৱস্থাত দুগৰাকী লোকৰ মৃত্যু হয়। দুর্যোগ প্রশমন আৰু ব্যৱস্থাপনা কৰ্তৃপক্ষৰ সূত্ৰ অনুসৰি কালি সন্ধিয়া পর্যন্ত ৫ হাজাৰ ৫৩ গৰাকী লোক নিৰুদ্দেশ হৈ থকাৰ তথ্য লাভ কৰা হৈছে। নেপাল চৰকাৰে নিহতসকলক চিনাক্ত কৰাৰ বাবে ডি এন এৰ পৰীক্ষা আৰম্ভ কৰিছে। ভোটেকোশি নদী...

August 5, 2026 4:25 PM

views 57

প্ৰলয়ংকাৰী বানত ক্ষতিগ্ৰস্ত চণ্টক আৰু নেপালীখুঁটি অঞ্চল পৰিদৰ্শন কেন্দ্রীয় মন্ত্রী জে পি নাড্ডাৰ

কেন্দ্রীয় মন্ত্রী জে পি নাড্ডাই আজি শিৱসাগৰ জিলাৰ প্ৰলয়ংকাৰী বানত ক্ষতিগ্ৰস্ত চণ্টক আৰু নেপালীখুঁটি অঞ্চল পৰিদৰ্শন কৰে। মন্ত্ৰীগৰাকীয়ে ক্ষতিৰ সন্মুখীন হোৱা লোকসকলৰ সৈতে মত বিনিময় কৰে। এই পৰিদৰ্শনকালত কেন্দ্ৰীয় মন্ত্ৰীগৰাকীৰ সৈতে মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শৰ্মা, মন্ত্ৰী অশোক সিংহল আৰু কেশৱ মহন্ত উপস্থিত থাকে। বান পৰিস্থিতি পৰিদৰ্শন কৰি জে পি নাড্ডাই কয়, যে প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ নিৰ্দেশমৰ্মে তেওঁ বান ক্ষতিগ্ৰস্ত ৰাইজৰ ওচৰলৈ আহিছে। কেন্দ্ৰীয় চৰকাৰে ক্ষতিগ্ৰস্ত লোকসকলক ক্ষতিপূৰণ দিয...

July 31, 2026 8:43 PM

views 31

অসম পাঠ্যপুথি প্ৰণয়ন আৰু প্ৰকাশন নিগমৰ পৰা শিৱসাগৰ, চৰাইদেউ, যোৰহাট জিলালৈ পঠিওৱা পাঠ্যপুথিসমূহ জিলাকেইখনৰ শিক্ষা বিভাগৰ বিষয়াসকলৰ হাতত অৰ্পণ

শিৱসাগৰ, চৰাইদেউ আৰু যোৰহাট জিলাৰ বান বিধ্বস্ত অঞ্চলৰ ছাত্ৰ-ছাত্ৰীসকললৈ অসম পাঠ্যপুথি প্ৰণয়ন আৰু প্ৰকাশন নিগমৰ পৰা পঠিওৱা পাঠ্যপুথিসমূহৰ প্ৰথমটো গোট আজি তিনিওখন জিলাৰ শিক্ষা বিভাগৰ বিষয়াসকলৰ হাতত আনুষ্ঠানিকভাৱে চমজাই দিয়া হয়। শিৱসাগৰ জিলাৰ অভিভাৱক মন্ত্ৰী বিমল বৰা এই কাৰ্যসূচীত উপস্থিত থাকে। যোৰহাট জিলাত আজি ছাত্ৰ-ছাত্ৰীসকলৰ মাজত এই পাঠ্যপুথিৰ লগতে বিছনা চাদৰ আৰু আঁঠুৱাও বিতৰণ কৰা হয়। বৰপেটা জিলাৰ পৰা জিলা শিক্ষা বিভাগে আজি ৪১ হাজাৰ পাঠ্যপুথি বান ক্ষতিগ্ৰস্ত উজনিৰ তিনিওখন জিলালৈ প্ৰেৰণ কৰে।...

July 1, 2026 2:40 PM

views 36

কেন্দ্ৰীয় মন্ত্ৰী শিৱৰাজ সিং চৌহান, কেন্দ্ৰীয় মন্ত্ৰী কিৰেণ ৰিজিজু আৰু অৰুণাচল প্ৰদেশৰ মুখ্যমন্ত্ৰী পেমা খান্দুৰ বানত ক্ষতিগ্রস্ত অঞ্চলসমূহ বিমানেৰে পৰিদৰ্শন

কেন্দ্ৰীয় কৃষি আৰু কৃষক কল্যাণ মন্ত্ৰী শিৱৰাজ সিং চৌহান, কেন্দ্রীয় সংসদীয় পৰিক্ৰমা মন্ত্ৰী কিৰেণ ৰিজিজু আৰু অৰুণাচল প্ৰদেশৰ মুখ্যমন্ত্ৰী পেমা খান্দুৱে আজি ৰাজ্যখনৰ বানত ক্ষতিগ্রস্ত অঞ্চলসমূহ বিমানেৰে পৰিদৰ্শন কৰে। দলটোৱে প্ৰথমে পূব ছিয়াং জিলাৰ আটাইতকৈ ক্ষতিগ্রস্ত পাছিঘাট অঞ্চল পৰিদৰ্শন কৰে। ইয়াৰ পাছত তেওঁলোকে বোয়িং গাঁৱৰ বান পৰিস্থিতিৰ বুজ লয়। আকস্মিক বান আৰু ভূমিস্খলনৰ ফলত এই গাঁওখনৰ ২০টাৰো অধিক বাসগৃহ পানীত বুৰ যোৱাৰ লগতে বহু পৰিমাণৰ শস্য আৰু পশুধনৰ হানি হয়। কেন্দ্ৰীয় মন্ত্ৰী শিৱৰাজ স...

October 7, 2025 11:49 AM

views 119

পশ্চিমবংগত বান আৰু ভূমিস্খলনত ক্ষতিগ্ৰস্ত লোকক সহায় কৰা বিজেপিৰ কৰ্মী, সাংসদ আৰু বিধায়ক আক্ৰমণৰ বলি হৈছেঃ প্ৰধানমন্ত্ৰী

■ পশ্চিমবংগত হোৱা বান আৰু ভূমিস্খলনত ক্ষতিগ্ৰস্ত লোকসকলক সহায়ৰ বাবে কাম কৰি থকা বিজেপিৰ কৰ্মীসকলৰ লগতে কেইবাজনো সাংসদ আৰু বিধায়ক আক্ৰমণৰ বলি হৈছে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে অভিযোগ কৰিছে। সামাজিক মাধ্যমত প্ৰকাশ কৰা এটা বাৰ্তাত শ্রীমোদীয়ে তৃণমূল কংগ্ৰেছৰ নেতা কৰ্মীসকলৰ এই গৰিহনাযোগ্য কাৰ্য আৰু ৰাজ্যখনৰ পুতৌজনক আইন শৃংখলা পৰিস্থিতি সন্দৰ্ভত আলোকপাত কৰে। প্ৰধানমন্ত্রী শ্রীমোদীয়ে কয়, যে পশ্চিমবংগৰ চৰকাৰ আৰু তৃণমূল কংগ্ৰেছে এই প্ৰত্যাহ্বানমূলক পৰিস্থিতিত মানুহক সহায় কৰাৰ বিপৰীতে হিংসাত্মক কা...

September 16, 2025 6:19 PM

views 61

উত্তৰাখণ্ডৰ মুখ্যমন্ত্ৰী পুস্কৰ সিং ধামীলৈ টেলিফোনযোগে ৰাজ্যখনত প্রবল বৰষুণে সৃষ্টি কৰা পৰিস্থিতিৰ বুজ প্রধানমন্ত্ৰী মোদী আৰু গৃহমন্ত্ৰী অমিত শ্বাহৰ

প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু গৃহমন্ত্ৰী অমিত শ্বাহে আজি উত্তৰাখণ্ডৰ মুখ্যমন্ত্ৰী পুস্কৰ সিং ধামীলৈ টেলিফোন কৰি ৰাজ্যখনত প্রবল বৰষুণে সৃষ্টি কৰা পৰিস্থিতিৰ বুজ লয়। প্রধানমন্ত্ৰী আৰু গৃহমন্ত্ৰীয়ে ৰাজ্যখনলৈ সকলোধৰণৰ সাহায্য আগবঢ়োৱাৰ আশ্বাস দিয়ে ৷ মুখ্যমন্ত্ৰী ধামীয়ে প্ৰধানমন্ত্ৰী আৰু গৃহমন্ত্ৰীক ধন্যবাদ জনাই কয়, যে তেওঁলোকৰ সমৰ্থনে ৰাজ্যখনত সাহায্য অভিযান খৰতকীয়া কৰি তোলাত সহায় কৰিব৷ নতুন দিল্লীৰ ইন্দিৰা গান্ধী ৰাষ্ট্ৰীয় কলাকেন্দ্ৰৰ সম্ভেট প্ৰেক্ষাগৃহত আজি আকাশবাণীৰ মন কী বাত অনুষ্ঠানৰ ...

September 9, 2025 3:03 PM

views 82

উত্তৰ প্ৰদেশৰ বান পৰিস্থিতি সম্প্ৰতি জটিল হৈ আছে

■ উত্তৰ প্ৰদেশৰ বান পৰিস্থিতি আজিও জটিল হৈ আছে। ৰাজ্যখনৰ বিশেষকৈ প্ৰয়াগৰাজ, আগ্ৰা আৰু মথুৰা জিলাত বানে অধিক জটিল ৰূপ ধাৰণ কৰা বুলি উল্লেখ কৰি আকাশবাণীৰ সংবাদদাতাই জানিবলৈ দিয়া মতে মথুৰা জিলাত বানৰ প্ৰভাৱ সবাতোকৈ অধিক হোৱা পৰিলক্ষিত হৈছে। যমুনা নৈৰ বানে ক্ষতিগ্ৰস্ত কৰা জিলাখনৰ ভালেমান আবাসিক এলেকা বানত বুৰ যোৱাৰ ফলত জিলা প্রশাসনে এনে অঞ্চলসমূহৰ বিদ্যালয় আৰু মহাবিদ্যালয়সমূহ বন্ধ ৰখাৰ কথা ঘোষণা কৰিছে। মথুৰাত কমেও পাঁচ হাজাৰ লোকে শিবিৰত আশ্ৰয় লোৱাৰ লগতে বাংকে বিহাৰী মন্দিৰলৈ যোৱা পথটো বানত বুৰ ...

August 28, 2025 9:28 PM

views 46

পাকিস্তানৰ পঞ্জাৱ প্ৰদেশত হোৱা বানত যোৱা ২৪ ঘণ্টাত কমেও ১৭ গৰাকী লোকৰ মৃত্যু

পাকিস্তানৰ পঞ্জাৱ প্ৰদেশত হোৱা বানত যোৱা ২৪ ঘণ্টাত কমেও ১৭ গৰাকী লোকৰ মৃত্যু হয়। ছুটলেজ, ৰবি আৰু চেনাব নৈৰ বাঢ়নি পানীৰ ফলত বিভিন্ন অঞ্চলত বানৰ সৃষ্টি কৰাৰ লগতে বহুসংখ্যক আন্তঃগাঁথনি ধ্বংস হৈছে। বানৰ ফলত কৃষিভূমিৰ বিস্তৰ ক্ষতি হৈছে। পঞ্জাৱৰ জৰুৰীকালীন সেৱা বিভাগৰ তথ্য মতে বানত নিহত হোৱা ১৭ গৰাকীৰ ৭ গৰাকী শিয়ালকোটৰ, ৪ গৰাকী গুজৰাটৰ, ৪ গৰাকী নাৰোৱালৰ, দুগৰাকী হাফিজাবাদৰ আৰু এগৰাকী গুজৰানৱালাৰ বাসিন্দা আছিল।

August 28, 2025 7:17 PM

views 100

গুৱাহাটী মহানগৰীত বিয়লিৰ ভাগত হোৱা ধাৰাষাৰ বৰষুণৰ ফলত বিভিন্ন অঞ্চল প্লাৱিত

গুৱাহাটী মহানগৰীত আজি বিয়লিৰ ভাগত হোৱা এজাক ধাৰাষাৰ বৰষুণৰ ফলত বিভিন্ন অঞ্চল প্লাৱিত হৈ পৰে। বৰষুণৰ ফলত যোৰাবাট, খানাপাৰা, হাতীগাওঁ, ৰূক্মিনী নগৰ, ভেটাপাৰাকে ধৰি বিভিন্ন অঞ্চল কৃত্রিম বানত বুৰ যায়। ৩৭ নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথৰ ঠায়ে ঠায়েও কৃত্রিম বানৰসৃষ্টি হৈছে। মহানগৰীৰ বিভিন্ন অঞ্চলত হোৱা তীব্র যান-জঁটৰ পৰিপ্ৰেক্ষিতত কৰ্মস্থলীৰ পৰা গৃহ অভিমুখী লোকসকলৰ লগতে অন্যান্য পথাচাৰীসকল কেইবাঘণ্টাজুৰি পথ আৱদ্ধ হৈ থাকিবলগীয়া পৰিস্থিতিৰ সৃষ্টি হৈছে। ইপিনে, ভাৰতীয় বতৰ বিজ্ঞান বিভাগে পৰৱৰ্তী ২৪ ঘণ্টাত গু...

June 23, 2025 5:57 PM

views 68

নেৰানেপেৰা বৰষুণৰ ফলত শিৱসাগৰ নগৰ বানৰ কৱলত

যোৱা নিশাৰে পৰা হোৱা নেৰানেপেৰা বৰষুণৰ ফলত শিৱসাগৰ নগৰ বানৰ কৱলত পৰিছে। আমাৰ শিৱসাগৰৰ সংবাদদাতাই জনোৱা মতে নগৰখনৰ দৌলমুখ, হাস্পতাল ৰোড, বাবুপট্টি, লখিমীনগৰ, ব’ৰ্ডিং ৰোড আদি অঞ্চল পানীত বুৰ যোৱাৰ লগতে ঐতিহাসিক ৰংঘৰৰ চাৰিওফালে পানী জমা হৈছে। নগৰখনৰ নলা-নৰ্দমাসমূহ সময়মতে পৰিষ্কাৰ নকৰাৰ বাবেই এই ঐতিহাসিক ঠাইডোখৰ কৃত্ৰিম বানৰ কৱলত পৰিছে বুলি আমাৰ সংবাদদাতাই জনাইছে।