■ উত্তৰ প্ৰদেশৰ বান পৰিস্থিতি আজিও জটিল হৈ আছে। ৰাজ্যখনৰ বিশেষকৈ প্ৰয়াগৰাজ, আগ্ৰা আৰু মথুৰা জিলাত বানে অধিক জটিল ৰূপ ধাৰণ কৰা বুলি উল্লেখ কৰি আকাশবাণীৰ সংবাদদাতাই জানিবলৈ দিয়া মতে মথুৰা জিলাত বানৰ প্ৰভাৱ সবাতোকৈ অধিক হোৱা পৰিলক্ষিত হৈছে। যমুনা নৈৰ বানে ক্ষতিগ্ৰস্ত কৰা জিলাখনৰ ভালেমান আবাসিক এলেকা বানত বুৰ যোৱাৰ ফলত জিলা প্রশাসনে এনে অঞ্চলসমূহৰ বিদ্যালয় আৰু মহাবিদ্যালয়সমূহ বন্ধ ৰখাৰ কথা ঘোষণা কৰিছে। মথুৰাত কমেও পাঁচ হাজাৰ লোকে শিবিৰত আশ্ৰয় লোৱাৰ লগতে বাংকে বিহাৰী মন্দিৰলৈ যোৱা পথটো বানত বুৰ গৈছে। একেদৰে তাজমহলৰ চৌহদত যমুনা নৈৰ পানী সোমোৱাৰ লগতে অঞ্চলটোৰ আন দ এলেকাসমূহ নৈখনৰ বাঢ়নি পানীত বুৰ গৈছে। প্ৰয়াগৰাজ জিলাৰো ভালেমান অঞ্চল গংগা আৰু যমুনা – দুয়োখন নদীৰ বানৰ কৱলত পৰিছে।
Assamese | September 9, 2025 3:03 PM | Akashvani | Akashvani News | Flood | UP Flood | Uttar Pradesh
উত্তৰ প্ৰদেশৰ বান পৰিস্থিতি সম্প্ৰতি জটিল হৈ আছে