October 26, 2026 8:47 PM

views 1

উচ্চ শিক্ষা বিভাগ আৰু বিদ্যালয় শিক্ষা তথা সাক্ষৰতা বিভাগৰ জ্যেষ্ঠ বিষয়া সকলৰ সৈতে কেন্দ্রীয় শিক্ষামন্ত্রী প্রহ্লাদ যোশীৰ বৈঠকত

কেন্দ্রীয় শিক্ষামন্ত্রী প্রহ্লাদ যোশীয়ে আজি উচ্চ শিক্ষা বিভাগ আৰু বিদ্যালয় শিক্ষা তথা সাক্ষৰতা বিভাগৰ জ্যেষ্ঠ বিষয়া সকলৰ সৈতে এখন বৈঠকত মিলিত হয়। সামাজিক মাধ্যমত দিয়া এটা পোষ্টত শ্ৰীযোশীয়ে কয় যে দুয়োটা বিভাগৰ অধীনত ৰূপায়ণ হৈ থকা গুৰুত্বপূৰ্ণ কাৰ্যসূচীসমূহ ফলপ্ৰসূভাৱে ৰূপায়ণৰ কৌশলগত পৰিকল্পনাৰ বিষয়ে বৈঠকখনত গুৰুত্ব আৰোপ কৰা হয়। ইয়াৰ লগতে দুয়োটা বিভাগৰ মাজত সময়মতে কাৰ্যসূচী ৰূপায়ণৰ ক্ষেত্ৰতো গুৰুত্ব দিয়া হয়।

October 26, 2026 8:06 PM

কেবিনেট সচিব ড০ টি ভি সোমানাথনৰ সভাপতিত্বত ৰাষ্ট্ৰীয় সংকট ব্যৱস্থাপনা সমিতিৰ বৈঠকত বঙ্গোপ সাগৰত ঘূৰ্ণীবতাহৰ বাবে আগতীয়া প্ৰস্তুতিৰ পৰ্যালোচনা

কেবিনেট সচিব ড০ টি ভি সোমানাথনৰ সভাপতিত্বত আজি ৰাষ্ট্ৰীয় সংকট ব্যৱস্থাপনা সমিতিৰ বৈঠকত বঙ্গোপ সাগৰত ঘূৰ্ণীবতাহৰ বাবে আগতীয়া প্ৰস্তুতিৰ পৰ্যালোচনা কৰা হয়। বৈঠকত জনোৱা অনুসৰি পৰ্যাপ্ত আশ্রয় শিবিৰ আৰু ঠাই খালী কৰাৰ ব্যৱস্থা কৰা হৈছে, আৰু প্ৰয়োজনীয় এনডিআৰএফ আৰু এছডিআৰএফ দলসমূহক সাজু কৰি ৰখা হৈছে। জিলাই জিলাই নিয়ন্ত্রণ কক্ষও সক্রিয় কৰা হৈছে আৰু তাৰপৰা পৰিস্থিতিৰ ওপৰত অহৰহ নিৰীক্ষণ চলি আছে। এই উপলক্ষে ড০ সোমনাথনে কয় যে কোনো ধৰণৰ ক্ষয় ক্ষতি হ'লে কম সময়ৰ ভিতৰতে অত্যাৱশ্যকীয় সেৱাসমূহ পুনৰ সক্...

October 26, 2026 7:58 PM

আকাশবাণীয়ে প্ৰতিবছৰে অনুষ্ঠিত কৰা চৰ্দাৰ বল্লভ ভাই পেটেল বক্তৃতামালাৰ ৬৭ সংখ্যক সংস্কৰণ কাইলৈ অনুষ্ঠিত হ’ব

আকাশবাণীয়ে প্ৰতিবছৰে অনুষ্ঠিত কৰা চৰ্দাৰ বল্লভ ভাই পেটেল বক্তৃতামালাৰ ৬৭ সংখ্যক সংস্কৰণ কাইলৈ অনুষ্ঠিত হ'ব। কেন্দ্ৰীয় কৃষি আৰু কৃষক কল্যাণ মন্ত্ৰী শিৱৰাজ সিং চৌহানে ভাষণ দিব। তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰালয়ে জনোৱা অনুসৰি এই বক্তৃতাৰ বাণীবদ্ধ ৰূপ আকাশবাণীৰ সকলো নেটৱৰ্কযোগে চৰ্দাৰ পেটেল জয়ন্তী উপলক্ষে অহা ৩১ অক্টোবৰত প্ৰচাৰ কৰা হ'ব। ভাৰতৰ প্ৰথমগৰাকী উপ প্রধানমন্ত্ৰী আৰু তথ্য সম্প্ৰচাৰ মন্ত্ৰী চৰ্দাৰ বল্লভ ভাই পেটেলৰ সোঁৱৰণত আকাশবাণীয়ে ১৯৫৫ চনৰ পৰা প্ৰতিবছৰে বাৰ্ষিক চৰ্দাৰ বল্লভ ভাই পেটেল বক্তৃতা...

October 26, 2026 8:38 PM

ইজৰাইলৰ সংসদীয় নির্বাচন কাইলৈ অনুষ্ঠিত হ’ব

ইজৰাইলৰ সংসদীয় নির্বাচন কাইলৈ অনুষ্ঠিত হ’ব। নিৰ্বাচনত বৰ্তমানৰ প্ৰধানমন্ত্রী বেঞ্জামিন নেতান্যেহুৱে গাদি এইচেনকোট, নাফতালি বেন্নেট, য়াইৰ লাপিদ, এবিজডৰ লিবাৰমেন আৰু য়াইৰ গলানৰ প্ৰত্যাহ্বানৰ সন্মুখীন হৈছে। স্থানীয় সংবাদ মাধ্যমৰ প্ৰতিবেদন অনুসৰি নেতান্যেহুৰ দল লিকুদ পাৰ্টীয়ে হামাচ হিজবুল্লা আৰু ইৰাণৰ বিৰুদ্ধে সামৰিক সফলতাক গুৰুত্ব দিছে। ইজৰাইলৰ প্ৰতিৰক্ষা বাহিনী আই ডি এফৰ পূৰ্বৰ প্ৰাক্তন ছিফ অৱ ষ্টাফ গাদি এইছেনকোট নেতান্যেহুৰ বিৰুদ্ধে শক্তিশালী পাৰ্টী ৰূপে থিয় দিছে। ১২০ খন আসনবিশিষ্ট ইজৰাইলৰ ...

October 26, 2026 7:39 PM

views 1

যুথ অলিম্পিক গেমছ ২০২৬ৰ বাবে ভাৰতীয় অলিম্পিক সন্থাৰ দল ঘোষণা

চেনেগালৰ দাকাৰত ৩১ অক্টোবৰৰ পৰা আৰম্ভ হবলগীয়া গ্রীষ্মকালীন যুথ অলিম্পিক গেমছ ২০২৬ৰ বাবে ভাৰতীয় অলিম্পিক সন্থাই দল ঘোষণা কৰিছে। ভাৰতৰ সম্ভাৱণাপূৰ্ণ যুৱ টেবল টেনিছ খেলুৱৈ চাৰ্থক আৰ্যকে ধৰি ১৭ জন সদস্য বিশিষ্ট এথলীটৰ দলটোৱে ১১ টা শাখাত ক্রীড়া প্রতিযোগিতাখনত ভাগ লব। আফ্রিকা মহাদেশত প্ৰথমবাৰৰ বাবে হ’বলগীয়া অলিম্পিক সমাৰোহৰ কৃতীত্বৰে দাকাৰ ২০২৬ য়ে এটা ঐতিহাসিক মাইলৰ খুটিৰূপে পৰিগণিত হৈছে। ২০৭ টা প্রতিনিধি দলৰ প্ৰায় ২ হেজাৰ ৭০০ যুৱ এথলীটসকলে ২৫ টা ক্রীড়া প্রতিযোগিতাত প্ৰতিনিধিত্ব আগঢ়াব। যুৱ অলি...

October 26, 2026 7:16 PM

views 1

ভাৰতে আত্মনিৰ্ভৰশীলতাৰ ক্ষেত্ৰত ঘৰুৱাভাৱে সামগ্ৰী নিৰ্মাণ কৰাই নহয়, খৰচ আৰু কাৰ্যকৰীকৰণৰ দিশ উন্নত হোৱাটো নিশ্চিত কৰিব লাগিবঃ ৰাজনাথ সিং

প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙে আজি কয় যে ভাৰতে আত্মনিৰ্ভৰশীলতাৰ ক্ষেত্ৰত দ্বিতীয় পৰ্যায়ৰ যাত্ৰাত কেৱল ঘৰুৱাভাৱে সামগ্ৰী নিৰ্মাণ কৰাই নহয়, খৰচ আৰু কাৰ্যকৰীকৰণৰ দিশৰ পৰাও উন্নত হোৱাটো নিশ্চিত কৰিব লাগিব। নতুন দিল্লীত স্বাৱলম্বন ২০২৬ ত ভাষণ দি প্ৰতিৰক্ষা মন্ত্ৰীগৰাকীয়ে থলুৱা সামৰ্থৰ বিকাশ আৰু প্ৰযুক্তিগত উদ্ভাৱনৰ সীমাবদ্ধতাক নেওচিবলৈ গুৰুত্ব আৰোপ কৰে। শ্ৰীসিঙে অসামৰিক আৰু সামৰিক জাহাজৰ বাবে অপৰিহাৰ্য প্ৰযুক্তি আৰু সামগ্ৰীৰ বিকাশৰ বাবে অগ্রাধিকাৰ তালিকা প্রস্তুত কৰাৰ প্ৰয়োজনীয়তাৰ ওপৰত গুৰুত্ব...

October 26, 2026 7:06 PM

views 6

কাছাৰ জিলাৰ শিলচৰ নগৰৰ গুৰুত্বপূৰ্ণ উন্নয়নমূলক প্রকল্পসমূহৰ পৰ্যালোচনাৰ বাবে জিলা আয়ুক্তৰ কাৰ্যালয়ত বৈঠক অনুষ্ঠিত

কাছাৰ জিলাৰ শিলচৰ নগৰৰ গুৰুত্বপূৰ্ণ উন্নয়নমূলক প্রকল্পসমূহৰ পৰ্যালোচনাৰ বাবে আজি জিলা আয়ুক্তৰ কাৰ্যালয়ত এখন বৈঠক অনুষ্ঠিত হয়। গৃহ নিৰ্মাণ আৰু নগৰ পৰিক্ৰমা বিভাগৰ মন্ত্ৰী কৌশিক ৰায়ৰ উপস্থিতিত অনুষ্ঠিত বৈঠকত নগৰখনৰ যোগাযোগ ব্যৱস্থাৰ উন্নয়ন আৰু গুৰুত্বপূৰ্ণ আন্তঃগাঁথনি প্ৰকল্পৰ ক্ষিপ্ৰ ৰূপায়ণৰ বিষয়ে বিশদভাৱে আলোচনা কৰা হয়। শিলচৰৰ কাষৰীয়া অঞ্চলৰ যোগাযোগ ব্যৱস্থাৰ উন্নয়নত এই প্রকল্পসমূহৰ গুৰুত্ব বিবেচনা কৰি ইয়াৰ ৰূপায়ণ প্ৰক্ৰিয়াৰ বিষয়েও আলোচনা কৰা হয়। বৈঠকত বিধায়ক ৰাজদ্বীপ গোৱালা, কম...

October 26, 2026 7:16 PM

views 5

২০২৬ বৰ্ষৰ প্ৰকাশন পৰিষদ সাহিত্য বঁটাৰ বাবে গ্ৰন্থ আহ্বান অসম প্ৰকাশন পৰিষদৰ

অসম প্ৰকাশন পৰিষদে ২০২৬ বৰ্ষৰ প্ৰকাশন পৰিষদ সাহিত্য বঁটাৰ বাবে গ্ৰন্থ আহ্বান কৰিছে। ২০২৩ চনৰ ১ জানুৱাৰীৰ পৰা ২০২৫ চনৰ ৩১ ডিচেম্বৰৰ ভিতৰত প্ৰকাশিত উপন্যাস, গল্প, নাটক আৰু কাব্যগ্ৰন্থৰ মাজৰ পৰা নিৰ্বাচিত গ্ৰন্থৰ লেখক আৰু প্ৰকাশকক এই বঁটা প্ৰদান কৰা হ'ব। অসম প্ৰকাশন পৰিষদৰ সচিব প্ৰমোদ কলিতাই আজি এই বিষয়ে প্ৰকাশ কৰিছে। তেওঁ জনোৱা অনুসৰি বঁটা প্ৰাপক গ্ৰন্থখনৰ লেখকক পাঁচ লাখ টকাৰ লগতে মানপত্ৰ আৰু প্ৰকাশকক তিনি লাখ টকাৰ লগতে মানপত্ৰ প্ৰদান কৰা হ'ব। নিৰ্ধাৰিত সময়ছোৱাত প্ৰকাশিত গ্ৰন্থৰ লেখক অথবা প্রকাশ...

October 26, 2026 6:53 PM

views 3

শ্রীভূমি জিলাত শনিবাৰে নিশা সংঘটিত আক্ৰমণৰ ঘটনা সন্দৰ্ভত জিলাখনৰ বিশেষ আৰক্ষী অধীক্ষক লীনা দলেৰ প্ৰতিক্ৰিয়া প্ৰকাশ

শ্রীভূমি জিলাত শনিবাৰে নিশা সংঘটিত আক্ৰমণৰ ঘটনা সন্দৰ্ভত জিলাখনৰ বিশেষ আৰক্ষী অধীক্ষক লীনা দলেই প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে। সংবাদ মাধ্যমৰ আগত বিশেষ আৰক্ষী অধীক্ষক দলেই কয় যে বিহু দলৰ ওপৰত কৰা আক্ৰমণৰ ঘটনাত সাম্প্ৰদায়িক যোগসূত্র নাই। অতিমাত্ৰা সুৰাপানেই ঘটনাটোৰ মূল কাৰণ বুলি তেওঁ মন্তব্য কৰে। আৰক্ষী অধীক্ষকগৰাকীয়ে কয় যে আৰক্ষীৰ প্ৰাথমিক তদন্তত ঘটনাটো সুৰাপানৰ বাবে হোৱা বুলি জানিবলৈ দিছে।

October 26, 2026 6:41 PM

views 2

তৈল খেজুৰৰ খেতিক লৈ চলি থকা উৰা বাতৰি আৰু ভ্ৰান্ত ধাৰণা দূৰ কৰিবলৈ ৰাজ্য চৰকাৰ বদ্ধপৰিকৰঃ পীযূষ হাজৰিকা

তৈল খেজুৰৰ খেতিক লৈ চলি থকা উৰা বাতৰি আৰু ভ্ৰান্ত ধাৰণা দূৰ কৰিবলৈ ৰাজ্য চৰকাৰ বদ্ধপৰিকৰ বুলি কৃষি বিভাগৰ মন্ত্ৰী পীযূষ হাজৰিকাই আজি মন্তব্য কৰে। গুৱাহাটীত আজি কৃষি বিভাগৰ উদ্যোগত অনুষ্ঠিত ৰাষ্ট্ৰীয় ভোজ্য তেল অভিযান - তৈল খেজুৰৰ অধীনৰ চাহ বাগিচাত তৈল খেজুৰৰ খেতি বিষয়ক অংশীদাৰী সন্মিলনত অংশগ্ৰহণ কৰি মন্ত্ৰীগৰাকীয়ে এইদৰে কয়। মন্ত্ৰী শ্ৰীহাজৰিকাই লগতে কয় যে লাভজনক এই কৃষিয়ে ৰাজ্যৰ কৃষক বন্ধুসকলৰ অৰ্থনীতিত ইতিবাচক প্ৰভাৱ পেলাব। উল্লেখযোগ্য যে আজিৰ সন্মিলনত অসমক উদ্যানশস্যৰ অগ্ৰণী ৰাজ্য হিচাপে ...