October 1, 2026 4:15 PM

views 7

নাগালেণ্ডৰ দিখৌ নৈৰ উজনিৰ অঞ্চলত ভূমিস্খলন সংঘটিত

নাগালেণ্ডৰ দিখৌ নৈৰ উজনিৰ অঞ্চলত ভূমিস্খলন সংঘটিত হোৱা বুলি চুবুৰীয়া ৰাজ্যখনৰ লংলেঙৰ জিলা উপায়ুক্তৰ পৰা লাভ কৰা এটা বাৰ্তাৰ পাছত শিৱসাগৰ জিলা প্ৰশাসনে সমগ্ৰ পৰিস্থিতি নিৰীক্ষণ কৰি আছে। আমাৰ শিৱসাগৰ সংবাদদাতাই জনোৱামতে জিলা প্ৰশাসনে নাগৰিক সকলক সতৰ্ক হৈ থকাৰ লগতে চৰকাৰী নিৰ্দেশনা মানি চলিবলৈ আহ্বান জনাইছে। অৱশ্যে বিহুবৰ অঞ্চলত দিখৌ নৈৰ জলস্তৰ সুস্থিৰ অৱস্থাত আছে বুলি প্ৰকাশ কৰা হৈছে। এই সন্দৰ্ভত কাইলৈ ক্ষেত্ৰ ভিত্তিক পৰীক্ষণ চলোৱা হ'ব বুলি আমাৰ সংবাদদাতাই জানিবলৈ দিছে।

October 1, 2026 4:14 PM

views 8

কাইলৈ দেশী-বিদেশী পৰ্যটকৰ বাবে পুনৰ মুকলি কৰা হ’ব মানস ৰাষ্ট্ৰীয় উদ্যান

মানস ৰাষ্ট্ৰীয় উদ্যান কাইলৈ দেশী-বিদেশী পৰ্যটকৰ বাবে পুনৰ মুকলি কৰা হ'ব। ২০২৬-২৭ পৰ্যটন বৰ্ষৰ শুভাৰম্ভক লৈ উদ্যানখনৰ বাঁহবাৰী বনাঞ্চলত বিশেষ অনুষ্ঠানৰ আয়োজন কৰা হৈছে। ইপিনে, কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান পৰহিলৈ পৰ্যটকৰ বাবে পুনৰ মুকলি কৰি দিয়া হ'ব। পূব অসম বন্যপ্রাণী সংমণ্ডলৰ কাৰ্যালয়ে জাৰি কৰা জাননী অনুসৰি ২০২৬-২৭ পর্যটন বৰ্ষৰ বাবে অহা শনিবাৰে ৰাষ্ট্ৰীয় উদ্যানখনত জীপ চাফাৰী আৰম্ভ হ'ব। পুৱা ৭ বাজি ৩০ মিনিটৰ পৰা ১০ বজালৈ আৰু দিনৰ ১.৩০ বজাৰ পৰা ৩ বজালৈ জীপ চাফাৰীৰ সময় নিৰ্ধাৰণ কৰা হৈছে। প্ৰতি বছ...

October 1, 2026 4:12 PM

views 9

আজি তিনিচুকীয়া জিলা দিৱস

আজি তিনিচুকীয়া জিলা দিৱস। ১৯৮৯ চনৰ ১ অক্টোবৰত তিনিচুকীয়াই পূৰ্ণ পৰ্যায়ৰ জিলা হিচাপে স্বীকৃতি লাভ কৰিছিল। ১৯৭১ চনলৈকে তিনিচুকীয়া, অবিভক্ত লখিমপুৰ জিলাৰ অন্তৰ্ভূক্ত আছিল। পৰৱৰ্তী সময়ত অবিভক্ত ডিব্ৰুগড় জিলাৰ অধীনত তিনিচুকীয়াৰ প্ৰশাসনিক কাম-কাজ পৰিচালিত হৈছিল। অসম চৰকাৰৰ অধিসূচনা অনুযায়ী ১৯৮৯ চনৰ ১ অক্টোবৰত তিনিচুকীয়াই অসমৰ প্ৰশাসনিক মানচিত্ৰত স্বতন্ত্র জিলাৰূপে স্বীকৃতি লাভ কৰে। বিভিন্ন জাতি-জনগোষ্ঠীৰ লোকৰ বসতিস্থল তিনিচুকীয়া সাংস্কৃতিক বৈশিষ্ট্যৰে পৰিপূৰ্ণ। জিলা দিৱস উপলক্ষে আজি প্ৰশাসনে...

October 1, 2026 4:05 PM

views 8

অইল ইণ্ডিয়া লিমিটেডৰ ক্ষেত্ৰীয় মুখ্য কাৰ্যালয়ৰ নতুন আৱাসিক মুখ্য বিষয়াৰূপে আজি সঞ্জয় বার্মাৰ কাৰ্যভাৰ গ্ৰহণ

অইল ইণ্ডিয়া লিমিটেডৰ ক্ষেত্ৰীয় মুখ্য কাৰ্য্যালয়ৰ নতুন আৱাসিক মুখ্য বিষয়াৰূপে আজি সঞ্জয় বার্মাই কাৰ্য্যভাৰ গ্ৰহণ কৰিছে। অভিজ্ঞ অভিযন্তা হিচাপে ৰাজ্যৰ উপৰি দেশৰ বিভিন্ন ঠাইত নিয়াৰীকৈ দায়িত্ব পালন কৰা বাৰ্মাই ১৯৯১ চনৰ ৩ অক্টোবৰত অইলত কাৰ্য্যবাহী প্রশিক্ষার্থী হিচাপে যোগদান কৰিছিল। তেওঁ তিনি দশকৰো অধিক কাল তেল আৰু গেছ উদ্যোগত কাৰিকৰী তথা নেতৃত্বমূলক পদত সফলতাৰে কাৰ্যনিৰ্বাহ কৰিছে।

September 30, 2026 9:28 PM

views 3

ভাৰতৰ প্ৰযুক্তিগত ক্ষমতাই এক গুৰুত্বপূৰ্ণ মাইলৰ খুঁটি অতিক্রম কৰিছেঃ ড০ জিতেন্দ্র সিং

বিজ্ঞান আৰু প্ৰযুক্তি মন্ত্ৰী ড০ জিতেন্দ্র সিঙে আজি নতুন দিল্লীত অনুষ্ঠিত ৰাষ্ট্ৰীয় কোৱান্টাম মিছন প্রগতি কিউ ফাউন্ড্রি অনুষ্ঠানত উদ্বোধনী অধিৱেশনত ভাৰতৰ প্ৰযুক্তিগত ক্ষমতাই এক গুৰুত্বপূৰ্ণ মাইলৰ খুঁটি অতিক্রম কৰিছে বুলি মন্তব্য কৰে। ভাৰতে কোৱাণ্টাম সুৰক্ষিত যোগাযোগৰ ক্ষেত্ৰত ১ হাজাৰ কিলোমিটাৰৰো অধিক দূৰত্ব অতিক্ৰম কৰিবলৈ সক্ষম হৈছে। ৮ বছৰীয়া লক্ষ্যৰে আৰম্ভ কৰা এই অভিযানত আধাতকৈও অধিক কাম মাত্র তিনিবছৰৰো কম সময়ৰ ভিতৰতে সম্পূৰ্ণ কৰিবলৈ সক্ষম হৈছে বুলি মন্ত্ৰীগৰাকীয়ে উল্লেখ কৰে। তেওঁ কয়, যে ৰ...

September 30, 2026 9:18 PM

views 2

এখন শুদ্ধ আৰু সংশোধিত ভোটদাতাৰ তালিকাক গণতন্ত্ৰৰ আত্মাঃ শিৱৰাজ সিং চৌহান

বিজেপিৰ জ্যেষ্ঠ নেতা তথা কেন্দ্ৰীয় কৃষি আৰু কৃষক কল্যাণ মন্ত্রী শিৱৰাজ সিং চৌহানে এখন শুদ্ধ আৰু সংশোধিত ভোটদাতাৰ তালিকাক গণতন্ত্ৰৰ আত্মা বুলি অভিহিত কৰিছে। আজি নতুন দিল্লীত সাংবাদিকৰ সৈতে হোৱা কথা-বতৰাত শ্রীচৌহানে কয়, যে ভোটাৰ তালিকাত ভুল নাইবা অভিজ্ঞ ব্যক্তিৰ নাম অন্তৰ্ভুক্ত হ'লে সমগ্র নির্বাচনী প্ৰক্ৰিয়াটো বিঘ্নিত হ'ব পাৰে। মন্ত্ৰীগৰাকীয়ে নির্বাচনী অনিয়ম সন্দৰ্ভত বিৰোধী দলসমূহে উত্থাপন কৰা অভিযোগক লৈও প্ৰশ্ন তোলে। তেওঁ কয়, যে মৃত লোকসকলৰ নাম ভোটদাতাৰ তালিকাৰ পৰা আঁতৰ কৰি যোগ্য নাগৰিকসকলক...

September 30, 2026 9:19 PM

views 4

কাটাৰৰ ব্যৱসায়ীসকলক ভাৰতৰ সৈতে বাণিজ্য আৰু বিনিয়োগ সহযোগিতাৰ সম্ভাৱনা সক্রিয়ভাৱে অন্বেষণ কৰিবলৈ বিত্তমন্ত্রী নির্মলা সীতাৰমণৰ আহ্বান

কেন্দ্রীয় বিত্তমন্ত্রী নির্মলা সীতাৰমণে কাটাৰৰ ব্যৱসায়ীসকলক ভাৰতৰ সৈতে বাণিজ্য আৰু বিনিয়োগ সহযোগিতাৰ সম্ভাৱনা সক্রিয়ভাৱে অন্বেষণ কৰিবলৈ আৰু দ্বিপাক্ষিক অৰ্থনৈতিক সম্পর্ক অধিক সুদৃঢ় কৰিবলৈ আহ্বান জনাইছে। ডোহাত কাটাৰৰ ব্যৱসায়ী সংঘৰ ঘূৰণীয়া মেজমেলত দিয়া ভাষণত মন্ত্ৰীগৰাকীয়ে ভাৰতৰ শক্তিশালী অর্থনৈতিক বিকাশ, বর্ধিত বিনিয়োগ আৰু ২০২৫-২৬ বিত্তীয় বৰ্ষত ৯ হাজাৰ ৪৫০ কোটিৰো অধিক ডলাৰৰ অভিলেখ পৰিমাণৰ মুঠ প্রত্যক্ষ বিদেশী বিনিয়োগ সন্দৰ্ভত আলোকপাত কৰে। জাপানৰ ক্রেডিট ৰেটিং সংস্থাই অলপতে ভাৰতৰ দীৰ্ঘ...

September 30, 2026 8:07 PM

views 7

এছিয়ান গেমছত ভাৰতে আৰ্ছাৰিত ৩ টা আৰু শ্বুটিঙত ১টা সোণৰ পদকসহ মুঠ ৪ টা সোণৰ পদক অৰ্জন

জাপানত অনুষ্ঠিত এছিয়ান গেমছত আজি ভাৰতে আৰ্ছাৰিত ৩ টা আৰু শ্বুটিঙত ১টা সোণৰ পদকসহ মুঠ ৪ টা সোণৰ পদক অৰ্জন কৰে। আৰ্চাৰীত ছাহিল যাধৱ, কুশল দলাল আৰু গণেশ মণিৰত্মমে পুৰুষৰ কম্পাউণ্ড শাখাৰ দলীয় শিতানত চীনক পৰাস্ত কৰি সোণৰ পদক হস্তগত কৰে। একেদৰে ছাহিল যাধৱ আৰু চিকিতা তনিপার্থিয়ে কম্পাউণ্ড মিক্সড শাখাৰ ফাইনেলত কোৰিয়াক শুটঅফত পৰাভূত কৰি সোণৰ পদক লাভ কৰে। এই জয়ৰ সুবাদত ছাহিল আৰু চিকিতাই কোটা ব্যৱস্থাৰ অধীনত ২০২৮ চনত হ'বলগীয়া অলিম্পিকত খেলাৰ যোগ্যতা অৰ্জন কৰে। ইয়াৰ আগেয়ে ভাৰতৰ মহিলা কম্পাউণ্ড আৰ্চা...

September 30, 2026 7:25 PM

views 3

চৰকাৰী বা প্ৰাদেশিকীকৃত বিদ্যালয়লৈ কোনো ব্যক্তি যোৱাত বাধা আৰোপ কৰি কোনো জাননী বা নিৰ্দেশনা জাৰি কৰা হোৱা নাই বুলি বিদ্যালয় শিক্ষা বিভাগে স্পষ্ট কৰিছে

চৰকাৰী বা প্ৰাদেশিকীকৃত বিদ্যালয়লৈ কোনো ব্যক্তি যোৱাত বাধা আৰোপ কৰি কোনো জাননী বা নিৰ্দেশনা জাৰি কৰা হোৱা নাই বুলি বিদ্যালয় শিক্ষা বিভাগে স্পষ্ট কৰি দিছে। শেহতীয়াকৈ শিক্ষা বিভাগৰ নামত সামাজিক মাধ্যম আৰু কেতবোৰ সংবাদ মাধ্যমত প্ৰচাৰিত বাতৰিয়ে বিভ্ৰান্তিৰ সৃষ্টি কৰাৰ পাছতেই বিদ্যালয় শিক্ষা বিভাগে এটা জাননীযোগে সংবাদ মাধ্যমত প্ৰকাশিত এনে বাতৰি সত্য নহয় বুলি উল্লেখ কৰিছে। শিক্ষা মন্ত্ৰী ডাঃ ৰণোজ পেগুৱে সামাজিক মাধ্যমযোগে দিয়া এটা বাৰ্তাত কয় যে অভিভাৱক আৰু নাগৰিকসকলে বিদ্যালয়সমূহলৈ গৈ গঠনমূলক...

September 29, 2026 9:27 PM

views 5

এছিয়ান গেমছত মহিলাৰ ফ’ৰ ইনটু ফ’ হান্ড্রেড মিটাৰ দৌৰত সোণৰ পদক

জাপানৰ আইচি-নাগ’য়াত চলি থকা এছিয়ান গেমছত আজি ভাৰতে মহিলাৰ ফ'ৰ ইনটু ফ’ হান্ড্রেড মিটাৰ দৌৰত সোণৰ পদক অৰ্জন কৰে। এই শিতানৰ পুৰুষৰ শাখাতো ভাৰতে ব্ৰঞ্জৰ পদক লাভ কৰে। ইয়াৰ পূৰ্বে নিৰু ঢাণ্ডাই প্ৰথমগৰাকী ভাৰতীয় শ্বুটাৰ হিচাপে মহিলাৰ গাইগুটীয়া শাখাৰ ট্ৰেপ ইভেণ্টত সোণৰ পদক জয় কৰি ইতিহাস সৃষ্টি কৰিছে। ইয়াৰ পূৰ্বে তেওঁ ট্রেপ ইভেণ্টৰ দলীয় শাখাত আশ্বিমা আহলাৱাৰ্ট আৰু মণীষা কীৰৰ সৈতে দেশৰ হৈ ৰূপৰ পদক অৰ্জন কৰিছিল। এছিয়ান গেমছত ভাৰতীয় খেলুৱৈসকলে পদক জয়ৰ ধাৰা অব্যাহত ৰাখিছে। বক্সিং প্রতিযোগিতাত ভাৰত...