October 26, 2026 6:33 PM

views 3

মহিলা হিতাধিসকলৰ বিৰুদ্ধে অপমানজনক মন্তব্য কৰি ভিডিঅ’ প্ৰচাৰ কৰা অনুৰাগ অসম ওৰফে পুষ্প দাসক গ্ৰেপ্তাৰ

অসম চৰকাৰৰ বিভিন্ন আঁচনি লাভ কৰা মহিলা হিতাধিসকলৰ বিৰুদ্ধে অপমানজনক মন্তব্য কৰি ভিডিঅ’ প্ৰচাৰ কৰা অনুৰাগ অসম ওৰফে পুষ্প দাসক বিশ্বনাথ আৰক্ষীয়ে তেলেংগানাৰ মহেশ্বৰমৰ পৰা গ্ৰেপ্তাৰ কৰিছে। সামাজিক মাধ্যমৰ এটা বার্তা যোগে মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শৰ্মাই এই কথা সদৰি কৰি কয়, যে আইমাতৃ ভগ্নীসকলৰ সন্মান আৰু মৰ্যাদাক লৈ অপমানজনৰ মন্তব্য কৰাটো কোনো কাৰণতে গ্ৰহণযোগ্য নহয়। আৰক্ষীৰ তদন্তত ব্যক্তিজনৰ বিৰুদ্ধে ইতিমধ্যে বহুবিবাহকে ধৰি বহুকেইটা অভিযোগ ইতিমধ্যে উত্থাপিত হৈছে। ব্যক্তিজনৰ বিৰুদ্ধে বিহালি থানা...

October 26, 2026 6:27 PM

views 2

দেশৰ আন অংশৰ লগতে অসমতো আজিৰে পৰা ১ নৱেম্বৰলৈ তদাৰকী সজাগতা সপ্তাহ পালন

দেশৰ আন অংশৰ লগতে অসমতো আজিৰে পৰা ১ নৱেম্বৰলৈ তদাৰকী সজাগতা সপ্তাহ পালন কৰিবলৈ লোৱা হৈছে। স্বচ্ছ, নিকা, দায়বদ্ধ দুনীর্তিমুক্ত সমাজ গঢ়াৰ লক্ষ্যৰে প্ৰতিবছৰে এই সপ্তাহ পালন কৰা হয়। এইবাৰ এই সপ্তাহৰ মূল বিষয়বস্তু হৈছে সততাৰ জৰিয়তে সমৃদ্ধি। এই সপ্তাহৰ অংশ হিচাপে মন্ত্ৰালয়, বিভাগ, ৰাজহুৱা প্ৰতিষ্ঠান, বেংক আৰু আন সংস্থাৰ কৰ্মচাৰী সকলৰ মাজত সজাগতা সৃষ্টিৰ উদ্দেশ্যে শপতবাক্য পাঠ কৰোৱা হ'ব। মৰিগাঁও জিলাত আজিৰে পৰা আৰম্ভ হোৱা খেত বচাও অভিযানৰ অংশ হিচাপে বিশেষ সজাগতা কার্যসূচী অনুষ্ঠিত হয়। মৰিগাঁও জি...

October 26, 2026 6:26 PM

views 2

পশ্চিম কাৰ্বি আংলঙৰ উলুকুঞ্চিস্থিত তিৱা সাংস্কৃতিক প্ৰকল্পত অহা ২৯ অক্টোবৰৰ পৰা ৩ দিনীয়া কাৰ্যসূচীৰে লাংখন উৎসৱৰ আয়োজন

পশ্চিম কাৰ্বি আংলঙৰ উলুকুঞ্চিস্থিত তিৱা সাংস্কৃতিক প্ৰকল্পত অহা ২৯ অক্টোবৰৰ পৰা ৩ দিনীয়া কাৰ্যসূচীৰে লাংখন উৎসৱৰ আয়োজন কৰিছে। ইয়াৰ বাবে ইতিমধ্যে প্রস্তুতি প্রায় সম্পূৰ্ণ হৈছে। এই উৎসৱ তিৱা জনগোষ্ঠীৰ পৰম্পৰাগত আৰু লোক সংস্কৃতি প্ৰদৰ্শন কৰা হ'ব বুলি আমাৰ সংবাদদাতাই জনাইছে। অনুষ্ঠানত মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মা মুখ্য অতিথি হিচাপে উপস্থিত থকাৰ কথা। কাছাৰ জিলাৰ শিলচৰ নগৰৰ গুৰুত্বপূৰ্ণ উন্নয়নমূলক প্রকল্পসমূহৰ পৰ্যালোচনাৰ বাবে আজি জিলা আয়ুক্তৰ কার্যালয়ত এখন বৈঠক অনুষ্ঠিত হয়। গৃহ নিৰ্মাণ ...

October 26, 2026 5:50 PM

views 3

মাখানা খেতিৰ প্ৰসাৰ আৰু সম্প্ৰসাৰণৰ লক্ষ্যৰে গুৱাহাটীত কৃষি মন্ত্রী পীযুষ হাজৰিকাৰ গুৰুত্বপূৰ্ণ বৈঠক

কৃষি মন্ত্রী পীযুষ হাজৰিকাই আজি মাখানা খেতিৰ প্ৰসাৰ আৰু সম্প্ৰসাৰণৰ লক্ষ্যৰে গুৱাহাটীত অনুষ্ঠিত এখন গুৰুত্বপূৰ্ণ বৈঠকত অংশগ্ৰহণ কৰে। বিশ্বৰ বজাৰত বহুলভাৱে সমাদৃত মাখানা খেতিৰ উৎপাদন বৃদ্ধিৰ লক্ষ্যৰে মীন উন্নয়ন নিগমৰ অধ্যক্ষ গুৰুজ্যোতি দাস, নিগমৰ পৰিচালন সঞ্চালক আৰু কৃষি আয়ুক্ত তথা সঞ্চালকালয়ৰ সৈতে মন্ত্ৰীগৰাকীয়ে মিলিত হয়। সামাজিক মাধ্যমযোগে মন্ত্ৰীগৰাকীয়ে কয় যে কৃষি আৰু মীন বিভাগৰ সমন্বয় স্থাপনৰ জৰিয়তে অসমত মাখানাৰ উৎপাদন বৃদ্ধি আৰু বাণিজ্যিক বিস্তাৰৰ বাবে ৰাজ্য চৰকাৰে কাম কৰি যাব।

October 26, 2026 5:40 PM

views 19

খেল মহাৰণ তৃতীয় সংস্কৰণ-শিশু ক্ৰীড়া সমাৰোহ সফল কৰাৰ উদ্দেশ্যে ডিফু জিলা আয়ুক্তৰ কাৰ্যালয়ত বৈঠক

কাৰ্বি আংলং জিলাত ৭ নৱেম্বৰৰ পৰা আৰম্ভ হ'বলগীয়া খেল মহাৰণ তৃতীয় সংস্কৰণ-শিশু ক্ৰীড়া সমাৰোহ সফল কৰি তোলাৰ উদ্দেশ্যে আজি ডিফুত জিলা আয়ুক্তৰ কাৰ্যালয়ত এখন বৈঠক অনুষ্ঠিত হয়। জিলা আয়ুক্ত কৃতি চাচ্চু’ৰ সভাপতিত্বত অনুষ্ঠিত এই বৈঠকত জিলা সমিতিৰ সদস্যসকল উপস্থিত থকাৰ লগতে জিলা ক্রীড়া বিভাগৰ বিষয়াসকলো উপস্থিত থাকে। এই বৈঠকত খেল মহাৰণৰ সকলো দিশ আলোচনা কৰা হয়। উল্লেখযোগ্য যে, এই ক্রীড়া সমাৰোহত শিশু আৰু নতুন প্ৰজন্মৰ অংশগ্ৰহণত গুৰুত্ব আৰোপ কৰা হৈছে। ইপিনে, খেল মহাৰণ তৃতীয় সংস্কৰণৰ প্ৰস্তুতিৰ অগ্ৰ...

October 26, 2026 3:21 PM

views 1

ৰাজকোটত অনুষ্ঠিত ৰঞ্জি ট্ৰফী ক্রিকেট প্রতিযোগিতাৰ গ্ৰুপ পৰ্য্যায়ৰ তৃতীয়খন খেলত অসমে সৌৰাষ্ট্ৰক বিজয়ৰ বাবে ১২৫ ৰানৰ লক্ষ্য নিৰ্ধাৰণ

ৰাজকোটত অনুষ্ঠিত ৰঞ্জি টুফী ক্রিকেট প্রতিযোগিতাৰ গ্ৰুপ পৰ্য্যায়ৰ তৃতীয়খন খেলত অসমে সৌৰাষ্ট্ৰক বিজয়ৰ বাবে ১২৫ ৰানৰ লক্ষ্য নিৰ্ধাৰণ কৰি দিছে। টছত জিকি প্ৰথমে বেট ধৰি অসমৰ দলটোৱে নিৰ্ধাৰিত ৫০ অ’ভাৰত তিনিটা উইকেট হেৰুৱাই ১২৪ ৰান কৰে। আজিৰ খেলখনৰ বাবে অসম দলত কিছু সালসলনি কৰা হৈছে। অপেনাৰ ঋষভ দাস আৰু পেচ বলাৰ দীপজ্যোতি শ‍ইকীয়াক দলৰ পৰা বাদ দিয়া হৈছে। প্ৰদ্যুন শ‍ইকীয়াক দলত অন্তভুক্ত কৰা হৈছে। অসমে ইতিমধ্যে প্রথম দুখন খেলৰ পৰা ৭ পইণ্ট সংগ্ৰহ কৰিছে। দলটোৱে পঞ্জাৱৰ বিৰুদ্ধে প্ৰথমখন খেলত ১ পইণ্ট লাভ...

October 26, 2026 3:11 PM

views 2

দৈনন্দিন কর্মক্ষেত্ৰত বৰ্তাই ৰখা স্বচ্ছতা, ন্যায়-নিষ্ঠা, দায়বদ্ধতা আৰু সততাই একোটা প্রতিষ্ঠানক শক্তিশালী কৰাৰ লগতে জনসাধাৰণৰ মনত ইয়াৰ প্ৰতি থকা আস্থাও সুদৃঢ় হয়ঃ গৌৰৱ ত্রিবেদী

প্ৰচাৰ ভাৰতীৰ মুখ্য কাৰ্যবাহী বিষয়া গৌৰৱ ত্রিবেদীয়ে কয়, যে দৈনন্দিন কর্মক্ষেত্ৰত বৰ্তাই ৰখা স্বচ্ছতা, ন্যায়- নিষ্ঠা, দায়বদ্ধতা আৰু সততাই একোটা প্রতিষ্ঠানক শক্তিশালী কৰাৰ লগতে জনসাধাৰণৰ মনত ইয়াৰ প্ৰতি থকা আস্থাও সুদৃঢ় হয়। তদাৰকী সজাগতা সপ্তাহৰ সৈতে সংগতি ৰাখি তেওঁ কয়, যে প্ৰচাৰ ভাৰতীৰ ক্ষেত্ৰত সততা আৰু নৈতিকতাৰ আদৰ্শ কেৱল সতর্কতামূলক প্ৰক্ৰিয়াৰ মাজতে সীমাৱদ্ধ নহয়, বৰঞ্চ সিদ্ধান্ত গ্ৰহণৰ পদ্ধতি, ৰাজহুৱা সম্পদৰ পৰিচালনা, উপযুক্ত প্ৰক্ৰিয়াৰ অনুসৰণ, নথি-পত্ৰ সংৰক্ষণ আৰু দেশৰ ৰাজহুৱা সেৱাৰ...

October 26, 2026 3:03 PM

views 2

আন্তঃৰাষ্ট্ৰীয় উত্তেজনা হ্ৰাস, গোলকীয় প্ৰত্যাহ্বানৰ ক্ষেত্ৰত শান্তিপূর্ণ সমাধানত সংসদে গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিবঃ ওম বিৰলা

লোকসভাৰ অধ্যক্ষ ওম বিৰলাই কয়, যে পাৰস্পৰিক বুজাপৰা আৰু আস্থা শক্তিশালী কৰা, আন্তঃৰাষ্ট্ৰীয় উত্তেজনা হ্ৰাস কৰা আৰু গোলকীয় প্ৰত্যাহ্বানসমূহৰ ক্ষেত্ৰত শান্তিপূর্ণ সমাধান বিচাৰি উলিওৱাত সংসদে গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিব পাৰে। নতুন দিল্লীত সংসদৰ সংবিধান সদনত অনুষ্ঠিত দ্বাদশ ব্রীকছ সংসদীয় মঞ্চৰ উদ্বোধনী সত্ৰত ভাষণ দি শ্ৰীবিৰলাই এইদৰে কয়। তেওঁ আঞ্চলিক সংঘর্ষ, যুদ্ধ, অর্থনৈতিক অস্থিৰতা, সন্ত্ৰাসবাদ আৰু জলবায়ু পৰিৱৰ্তনৰ দৰে সমগ্র বিশ্বই বর্তমান সন্মুখীন হোৱা প্ৰত্যাহ্বানসমূহত আলোকপাত কৰে। শ্ৰীবিৰ...

October 26, 2026 2:59 PM

views 2

ব্রাজিলৰ ৰাষ্ট্ৰপতি হিচাপে পুনৰায় নিৰ্বাচিত লুলা-দা-ছিলভাক প্রধানমন্ত্ৰী মোদীৰ অভিনন্দন

প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ব্রাজিলৰ ৰাষ্ট্ৰপতি হিচাপে পুনৰায় নিৰ্বাচিত লুলা-দা-ছিলভাক অভিনন্দন জনাইছে। সামাজিক মাধ্যমযোগে প্ৰচাৰ কৰা এটা বাৰ্তাত পুনৰ নিৰ্বাচিত ৰাষ্ট্ৰপতিগৰাকীক অভিনন্দন জনাই শ্ৰী মোদীয়ে কয়, যে ভাৰত আৰু ব্ৰাজিলৰ মাজৰ বহুমুখী কৌশলগত সম্পৰ্কক অধিক গভীৰ তথা সম্প্ৰসাৰিত কৰাৰ হকে লুলা-দা-ছিলভাৰ সৈতে একেলগে কাম কৰিবলৈ তেওঁ আগ্ৰহেৰে অপেক্ষা কৰি আছে। বিভিন্ন খণ্ডত সহযোগিতা অধিক শক্তিশালী কৰি তোলাৰ লগতে গ্লোবেল ছাউথ হিচাপে পৰিচিত অর্থনৈতিক আৰু ঔদ্যোগিককৰণৰ দিশৰ পৰা তুলনামূলকভাৱে কম...

October 26, 2026 2:55 PM

views 3

মহর্ষি বাল্মীকি জয়ন্তী উপলক্ষে জনসাধাৰণলৈ ৰাষ্ট্ৰপতি, উপ-ৰাষ্ট্ৰপতি আৰু প্ৰধানমন্ত্ৰীৰ শুভেচ্ছা

ৰাষ্ট্ৰপতি শ্ৰীমতী দ্রৌপদী মুৰ্মু, উপ ৰাষ্ট্ৰপতি চি পি ৰাধাকৃষ্ণন আৰু প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি মহর্ষি বাল্মীকি জয়ন্তী উপলক্ষে জনসাধাৰণলৈ শুভেচ্ছা জ্ঞাপন কৰিছে। সামাজিক মাধ্যমৰ এটা বাৰ্তাত ৰাষ্ট্ৰপতি শ্ৰীমতী মুৰ্মুৱে কয়, যে মহর্ষি বাল্মীকিয়ে ৰচনা কৰা ৰামায়ণৰ দ্বাৰা প্ৰতিগৰাকী ব্যক্তিয়ে জীৱনৰ কৰ্তব্য, স্বাৰ্থপৰহীন কার্যকলাপ, আন মানুহৰ কল্যাণ, বন্ধুত্ব, উৎসর্গা, ত্যাগ আদি গুণসমূহ আয়ত্ব কৰাৰ লগতে এইবোৰ বিষয়ত শিক্ষা লাভ কৰিব পাৰে। তেওঁ লগতে কয়, যে এই মহাকাব্যই জনসাধাৰণক অর্ন্তনিহিত ...