দেশৰ সংবিধানখন কেৱল শাসন ব্যৱস্থাৰ নথি নহয়, বৰঞ্চ সংবিধানখন হৈছে দেশৰ বাবে আত্মা আৰু নৈতিক পথপ্ৰদৰ্শক। হাৰিয়ানা ৰাজ্যখন গঠন হোৱা ৬০ বছৰ সম্পূৰ্ণ হোৱাৰ লগত সংগতি ৰাখি হাৰিয়ানা বিধানসভাই আয়োজন কৰা সংবিধান পষেকত ভাষণ দি লোকসভাৰ অধ্যক্ষ ওম বিৰলাই আজি এই মন্তব্য কৰে।
তেওঁ কয় যে, সুস্থ গণতন্ত্ৰৰ বাবে সহমত আৰু মতানৈক্যৰ গুৰুত্ব সমান। মতানৈক্যক সন্মান কৰিলেহে নতুন ধাৰণাৰ উত্থান হয় আৰু উন্নত শাসন ব্যৱস্থাৰ প্ৰসাৰ হয় বুলি শ্রীবিলাই উল্লেখ কৰে। তেওঁ লগতে কয় যে জনপ্রতিনিধিসকলে সমাজৰ সকলো ব্যক্তিকে সমানে অগ্ৰাধিকাৰ দিয়া উচিত।
৬০ বছৰীয়া হাৰিয়ানাৰ উন্নয়ন যাত্ৰা দেশৰ গণতন্ত্ৰৰ এক গৌৰৱময় উদাহৰণ বুলি শ্রীবিৰলাই মন্তব্য কৰে। ৰাজ্যখনৰ কৃষকসকলৰ প্ৰশংসা কৰি তেওঁ কয় যে, আধুনিক কৃষি পদ্ধতি অৱলম্বন কৰি ৰাজ্যখনৰ কৃষকসকলে দেশৰ খাদ্য সুৰক্ষাৰ ক্ষেত্ৰখনত উল্লেখযোগ্য অৱদান আগবঢ়াইছে। দেশৰ সকলো খণ্ডতে অগ্ৰগতিৰ ক্ষেত্ৰত হাৰিয়ানাৰ অৱদানৰ বিষয়েও লোকসভাৰ অধ্যক্ষগৰাকীয়ে প্ৰকাশ কৰে।