October 1, 2026 4:20 PM

বৰাক উপত্যকাৰ কুম্ভ চাহ বাগিছাত এটা ৫৯৫ কিলোৱাট শক্তিসম্পন্ন সৌৰ বিদ্যুৎ প্রকল্প উদ্বোধন মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শৰ্মাৰ

মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শৰ্মাই আজি পুৱা বৰাক উপত্যকাৰ কুম্ভ চাহ বাগিছাত এটা ৫৯৫ কিলোৱাট শক্তিসম্পন্ন সৌৰ বিদ্যুৎ প্রকল্প উদ্বোধন কৰে। ৩.১১ মেগাৱাটৰ গুডৰিক চাহ বাগিছা সৌৰ শক্তি কাৰ্যসূচীৰ অংশস্বৰূপ এই প্ৰকল্পই ৰাজ্যৰ চাহ উদ্যোগক নিকা আৰু নবীকৰণযোগ্য শক্তিৰে শক্তিশালী কৰাৰ লগতে সেউজ অসমৰ লক্ষ্যকো গতি প্ৰদান কৰিব বুলি আশা কৰা হৈছে। মুখ্যমন্ত্ৰী ড০ শৰ্মাই সামাজিক মাধ্যমযোগে দিয়া এটা বাৰ্তাত কয় যে ৰাজ্য চৰকাৰে অসমৰ চাহ বাগিছাসমূহক সৌৰ শক্তিৰে স্বনিৰ্ভৰশীল কৰি তোলাৰ বাবে কাম কৰি আছে, যাতে ভৱিষ্...

October 1, 2026 4:15 PM

নাগালেণ্ডৰ দিখৌ নৈৰ উজনিৰ অঞ্চলত ভূমিস্খলন সংঘটিত

নাগালেণ্ডৰ দিখৌ নৈৰ উজনিৰ অঞ্চলত ভূমিস্খলন সংঘটিত হোৱা বুলি চুবুৰীয়া ৰাজ্যখনৰ লংলেঙৰ জিলা উপায়ুক্তৰ পৰা লাভ কৰা এটা বাৰ্তাৰ পাছত শিৱসাগৰ জিলা প্ৰশাসনে সমগ্ৰ পৰিস্থিতি নিৰীক্ষণ কৰি আছে। আমাৰ শিৱসাগৰ সংবাদদাতাই জনোৱামতে জিলা প্ৰশাসনে নাগৰিক সকলক সতৰ্ক হৈ থকাৰ লগতে চৰকাৰী নিৰ্দেশনা মানি চলিবলৈ আহ্বান জনাইছে। অৱশ্যে বিহুবৰ অঞ্চলত দিখৌ নৈৰ জলস্তৰ সুস্থিৰ অৱস্থাত আছে বুলি প্ৰকাশ কৰা হৈছে। এই সন্দৰ্ভত কাইলৈ ক্ষেত্ৰ ভিত্তিক পৰীক্ষণ চলোৱা হ'ব বুলি আমাৰ সংবাদদাতাই জানিবলৈ দিছে।

October 1, 2026 4:05 PM

অইল ইণ্ডিয়া লিমিটেডৰ ক্ষেত্ৰীয় মুখ্য কাৰ্যালয়ৰ নতুন আৱাসিক মুখ্য বিষয়াৰূপে আজি সঞ্জয় বার্মাৰ কাৰ্যভাৰ গ্ৰহণ

অইল ইণ্ডিয়া লিমিটেডৰ ক্ষেত্ৰীয় মুখ্য কাৰ্য্যালয়ৰ নতুন আৱাসিক মুখ্য বিষয়াৰূপে আজি সঞ্জয় বার্মাই কাৰ্য্যভাৰ গ্ৰহণ কৰিছে। অভিজ্ঞ অভিযন্তা হিচাপে ৰাজ্যৰ উপৰি দেশৰ বিভিন্ন ঠাইত নিয়াৰীকৈ দায়িত্ব পালন কৰা বাৰ্মাই ১৯৯১ চনৰ ৩ অক্টোবৰত অইলত কাৰ্য্যবাহী প্রশিক্ষার্থী হিচাপে যোগদান কৰিছিল। তেওঁ তিনি দশকৰো অধিক কাল তেল আৰু গেছ উদ্যোগত কাৰিকৰী তথা নেতৃত্বমূলক পদত সফলতাৰে কাৰ্যনিৰ্বাহ কৰিছে।

October 1, 2026 3:48 PM

views 3

কাইলৈ গান্ধী জয়ন্তীঃ শিৱসাগৰ পৌৰসভাৰ উদ্যোগত আজি শিৱসাগৰত ‘এদিন, এঘণ্টা, একে লগ’ শীৰ্ষক স্বচ্ছতা আৰু শ্ৰমদান কার্যসূচী

জাতিৰ পিতা মহাত্মা গান্ধীৰ কাইলৈ জয়ন্তী উপলক্ষে শিৱসাগৰ পৌৰসভাৰ উদ্যোগত আজি শিৱসাগৰত এদিন, এঘণ্টা, একে লগ শীৰ্ষক স্বচ্ছতা আৰু শ্ৰমদান কার্যসূচী অনুষ্ঠিত হয়। এই কাৰ্যসূচীৰ অধীনত পুৱা ৮ বজাত শিৱদৌলৰ পৰা মুক্তিনাথ চাৰিআলিলৈ পৌৰসভাৰ পৌৰপতি, উপ-পৌৰপতি, ৱাৰ্ড সদস্য, ছাফাই কৰ্মী, আত্মসহায়ক গোট আৰু বিভিন্ন সামাজিক সংগঠনৰ সদস্যসকলে অংশগ্ৰহণ কৰে। ঐতিহ্যপূৰ্ণ শিৱসাগৰ চহৰখন পৰিষ্কাৰ-পৰিচ্ছন্ন কৰি ৰখাৰ লগতে পৰ্যটন আৰু জনস্বাস্থ্যৰ স্বাৰ্থত প্ৰতিগৰাকী নাগৰিকক নিয়মিতভাৱে স্বচ্ছতা বজাই ৰাখিবলৈ এই কাৰ্যসূচীৰ...

October 1, 2026 1:44 PM

views 3

জুবিন গাৰ্গৰ মৃত্যুৰ গোচৰত ন্যায়াধীশ শর্মিলা ভূঞাৰ ফাষ্টট্ৰেক আদালতত প্ৰবাসী অসমীয়াৰ সাক্ষ্যদান প্রক্রিয়া অব্যাহত

জুবিন গাৰ্গৰ মৃত্যুৰ গোচৰত ন্যায়াধীশ শর্মিলা ভূঞাৰ ফাষ্টট্ৰেক আদালতত প্ৰবাসী অসমীয়াৰ সাক্ষ্যদান প্রক্রিয়া অব্যাহত আছে। আজি ছিংগাপুৰৰ প্ৰবাসী অসমীয়া তন্ময় ফুকনে চতুৰ্থটো দিনৰ বাবে অভিযুক্ত পক্ষৰ জেৰাৰ বাবে আদালতত উপস্থিত হৈছে। কালি এই গোচৰ সংক্ৰান্তত অভিযুক্ত সিদ্ধার্থ শৰ্মা, শ্যামকানু মহন্ত আৰু অমৃতপ্রভা মহন্তৰ অধিবক্তাই তন্ময় ফুকনক জেৰা কৰে। অৱশ্যে সময়ৰ অভাৱৰ বাবে বাকীসকল অভিযুক্তৰ অধিবক্তাই ফুকনক জেৰা কৰিব নোৱাৰিলে। আজি শেখৰজ্যোতি গোস্বামীৰ অধিবক্তাই আৰম্ভণিতে তেওঁক জেৰা কৰিব। গুৱাহাটী ...

September 30, 2026 9:28 PM

views 3

ভাৰতৰ প্ৰযুক্তিগত ক্ষমতাই এক গুৰুত্বপূৰ্ণ মাইলৰ খুঁটি অতিক্রম কৰিছেঃ ড০ জিতেন্দ্র সিং

বিজ্ঞান আৰু প্ৰযুক্তি মন্ত্ৰী ড০ জিতেন্দ্র সিঙে আজি নতুন দিল্লীত অনুষ্ঠিত ৰাষ্ট্ৰীয় কোৱান্টাম মিছন প্রগতি কিউ ফাউন্ড্রি অনুষ্ঠানত উদ্বোধনী অধিৱেশনত ভাৰতৰ প্ৰযুক্তিগত ক্ষমতাই এক গুৰুত্বপূৰ্ণ মাইলৰ খুঁটি অতিক্রম কৰিছে বুলি মন্তব্য কৰে। ভাৰতে কোৱাণ্টাম সুৰক্ষিত যোগাযোগৰ ক্ষেত্ৰত ১ হাজাৰ কিলোমিটাৰৰো অধিক দূৰত্ব অতিক্ৰম কৰিবলৈ সক্ষম হৈছে। ৮ বছৰীয়া লক্ষ্যৰে আৰম্ভ কৰা এই অভিযানত আধাতকৈও অধিক কাম মাত্র তিনিবছৰৰো কম সময়ৰ ভিতৰতে সম্পূৰ্ণ কৰিবলৈ সক্ষম হৈছে বুলি মন্ত্ৰীগৰাকীয়ে উল্লেখ কৰে। তেওঁ কয়, যে ৰ...

September 30, 2026 9:24 PM

views 3

তিনিখনীয়া এদিনীয়া ক্রিকেট শৃংখলাৰ দ্বিতীয়খন খেলত ভাৰতক জয়ৰ বাবে ৪০৬ ৰানৰ লক্ষ্য নিৰ্ধাৰণ ৱেষ্ট ইণ্ডিজৰ

গুৱাহাটীৰ বৰ্ষাপাৰাত অনুষ্ঠিত তিনিখনীয়া এদিনীয়া ক্রিকেট শৃংখলাৰ আজি দ্বিতীয়খন খেলত ৱেষ্ট ইণ্ডিজে ভাৰতক জয়ৰ বাবে ৪০৬ ৰানৰ লক্ষ্য নিৰ্ধাৰণ কৰি দিছে। ৱেষ্ট ইণ্ডিজে নিৰ্ধাৰিত ৫০ অভাৰত ৭টা উইকেটৰ বিনিময়ত ৪০৫ ৰান সংগ্ৰহ কৰে। দলটোৰ হৈ আমিৰ জাংগুৱে ১১৪, সাই হোপে ১০৪ আৰু জন-কেম্পবেলে ১০১ ৰান কৰে। ভাৰতে এই বাতৰি যুগুতোৱাৰ পৰলৈকে ৯ অভাৰত এটাও উইকেট নেহেৰুৱাকৈ ৭৫ ৰান সংগ্ৰহ কৰিছে। ইয়াৰ আগেয়ে টচত জিকি ভাৰতে প্ৰথমে ফিল্ডিং কৰাৰ সিদ্ধান্ত লয়।

September 30, 2026 9:19 PM

views 4

কাটাৰৰ ব্যৱসায়ীসকলক ভাৰতৰ সৈতে বাণিজ্য আৰু বিনিয়োগ সহযোগিতাৰ সম্ভাৱনা সক্রিয়ভাৱে অন্বেষণ কৰিবলৈ বিত্তমন্ত্রী নির্মলা সীতাৰমণৰ আহ্বান

কেন্দ্রীয় বিত্তমন্ত্রী নির্মলা সীতাৰমণে কাটাৰৰ ব্যৱসায়ীসকলক ভাৰতৰ সৈতে বাণিজ্য আৰু বিনিয়োগ সহযোগিতাৰ সম্ভাৱনা সক্রিয়ভাৱে অন্বেষণ কৰিবলৈ আৰু দ্বিপাক্ষিক অৰ্থনৈতিক সম্পর্ক অধিক সুদৃঢ় কৰিবলৈ আহ্বান জনাইছে। ডোহাত কাটাৰৰ ব্যৱসায়ী সংঘৰ ঘূৰণীয়া মেজমেলত দিয়া ভাষণত মন্ত্ৰীগৰাকীয়ে ভাৰতৰ শক্তিশালী অর্থনৈতিক বিকাশ, বর্ধিত বিনিয়োগ আৰু ২০২৫-২৬ বিত্তীয় বৰ্ষত ৯ হাজাৰ ৪৫০ কোটিৰো অধিক ডলাৰৰ অভিলেখ পৰিমাণৰ মুঠ প্রত্যক্ষ বিদেশী বিনিয়োগ সন্দৰ্ভত আলোকপাত কৰে। জাপানৰ ক্রেডিট ৰেটিং সংস্থাই অলপতে ভাৰতৰ দীৰ্ঘ...

September 30, 2026 7:25 PM

views 3

চৰকাৰী বা প্ৰাদেশিকীকৃত বিদ্যালয়লৈ কোনো ব্যক্তি যোৱাত বাধা আৰোপ কৰি কোনো জাননী বা নিৰ্দেশনা জাৰি কৰা হোৱা নাই বুলি বিদ্যালয় শিক্ষা বিভাগে স্পষ্ট কৰিছে

চৰকাৰী বা প্ৰাদেশিকীকৃত বিদ্যালয়লৈ কোনো ব্যক্তি যোৱাত বাধা আৰোপ কৰি কোনো জাননী বা নিৰ্দেশনা জাৰি কৰা হোৱা নাই বুলি বিদ্যালয় শিক্ষা বিভাগে স্পষ্ট কৰি দিছে। শেহতীয়াকৈ শিক্ষা বিভাগৰ নামত সামাজিক মাধ্যম আৰু কেতবোৰ সংবাদ মাধ্যমত প্ৰচাৰিত বাতৰিয়ে বিভ্ৰান্তিৰ সৃষ্টি কৰাৰ পাছতেই বিদ্যালয় শিক্ষা বিভাগে এটা জাননীযোগে সংবাদ মাধ্যমত প্ৰকাশিত এনে বাতৰি সত্য নহয় বুলি উল্লেখ কৰিছে। শিক্ষা মন্ত্ৰী ডাঃ ৰণোজ পেগুৱে সামাজিক মাধ্যমযোগে দিয়া এটা বাৰ্তাত কয় যে অভিভাৱক আৰু নাগৰিকসকলে বিদ্যালয়সমূহলৈ গৈ গঠনমূলক...

September 30, 2026 6:15 PM

views 7

শিলচৰ পৌৰনিগমৰ নিৰ্বাচনৰ বাবে প্ৰচাৰ অভিযান তুংগত

অহা ৩ অক্টোবৰত হ'বলগীয়া শিলচৰ পৌৰনিগমৰ নিৰ্বাচনৰ বাবে প্ৰচাৰ অভিযান তুংগত উঠিছে। মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাই মুখ্যমন্ত্ৰী হিচাপে দ্বিতীয়বাৰৰ বাবে দায়িত্ব গ্ৰহণ কৰাৰ পাছত আজি প্ৰথমবাৰ শিলচৰ ভ্ৰমণ কৰিব। তেওঁ বিয়লি ৪ বজাত শিলচৰ পুলিচ পেৰেড গ্রাউণ্ডত এখন নির্বাচনী সভাত অংশ ল'ব। ড০ শৰ্মাই দলীয় কর্মী সমর্থক সকলকো সম্বোধন কৰিব। মুখ্যমন্ত্ৰীয়ে বৰাক উপত্যকাত অসম সচিবালয়ৰ কাম-কাজ পৰিচালনা সম্পৰ্কীয় পর্যালোচনা বৈঠকত অংশ ল'ব। ইয়াৰ পাছত তেওঁ ৰাইজৰ সৈতে মত-বিনিময় কৰিব। ইপিনে মন্ত্ৰী অতুল বৰা...