শিক্ষামন্ত্ৰী ডাঃ ৰণোজ পেগুৱে আজি দিশপুৰৰ জনতা ভৱনত ১২ খন ৰাজ্যিক বিশ্ববিদ্যালয়ৰ উপাচাৰ্য্য আৰু উচ্চ শিক্ষা তথা লোক নিৰ্মাণ বিভাগৰ অভিযন্তা-বিষয়াসকলৰ সৈতে বাজেটত ঘোষণা কৰা আন্তঃগাথনি উন্নয়নৰ বিষয় লৈ আলোচনা কৰে। বৈঠকত মন্ত্ৰীগৰাকীয়ে দ্রুত ৰূপায়ণ সুনিশ্চিত কৰাৰ বাবে ভূমিৰ লভ্যতা আৰু প্ৰকল্প সম্ভাৱনীয়তাৰ পৰ্যালোচনা কৰে।
উল্লেখযোগ্য যে ৰাজ্য চৰকাৰে অলপতে ৰবীন্দ্ৰ নাথ ঠাকুৰ বিশ্ববিদ্যালয়, মাধৱদেৱ বিশ্ববিদ্যালয়, ভট্টদেৱ বিশ্ববিদ্যালয় আৰু অসম মহিলা বিশ্ববিদ্যালয়ৰ বাবে ৫০ কোটি টকাকৈ অনুমোদন জনাইছে। একেদৰে চৰকাৰে প্ৰধানমন্ত্ৰীৰ উত্তৰ পূৰ্বাঞ্চল উন্নয়ন উদ্যম পি এম ডিভাইনৰ অধীনত কটন বিশ্ববিদ্যালয়, বঙাইগাওঁ বিশ্ববিদ্যালয়, জগন্নাথ বৰুৱা বিশ্ববিদ্যালয়, শিৱসাগৰ বিশ্ববিদ্যালয়, উত্তৰ লখিমপুৰ বিশ্ববিদ্যালয়, নগাওঁ বিশ্ববিদ্যালয়, কোকৰাঝাৰ বিশ্ববিদ্যালয় আৰু গুৰুচৰণ বিশ্ববিদ্যালয়ৰ বাবে এশ কোটি টকাকৈ অনুমোদন দিছে। এই বিনিয়োগে বিশ্ববিদ্যালয়সমূহৰ আন্তঃগাথনি সূদৃঢ় কৰিব আৰু সমগ্ৰ ৰাজ্যত গুণগত উচ্চ শিক্ষাৰ প্ৰসাৰত অৰিহণা যোগাব।
বৈঠকৰ অন্তত সাংবাদিকৰ সৈতে হোৱা কথা বতৰাত শিক্ষামন্ত্ৰীগৰাকীয়ে কয় যে চলিত বৰ্ষৰ পৰা ৰাজ্যৰ বিশ্ববিদ্যালয়সমূহত পি এম ডিভাইন আঁচনি ৰূপায়ণ হ’ব।