October 21, 2026 8:41 PM
3
গোৱালপাৰা জিলাৰ কুঁৱাৰ পানীত পূৰ্বে চিনাক্ত নোহোৱা দুবিধ তলসুঁতীয়া মাছ আৱিষ্কাৰ
গোৱালপাৰা জিলাৰ কুঁৱাৰ পানীত পূৰ্বে চিনাক্ত নোহোৱা দুবিধ তলসুঁতীয়া মাছ আৱিষ্কাৰ কৰা হৈছে। বন আৰু পৰিৱেশ মন্ত্ৰী জয়ন্তমল্ল বৰুৱাই সামাজিক মাধ্যম যোগে এই বিষয়ে প্ৰকাশ কৰিছে। তেওঁ কয়, যে ইয়াৰ লগে লগে অসমে গোলকীয় জৈৱ বৈচিত্র্য গৱেষণাৰ দিশত বিজ্ঞানীসকলক নতুন চিন্তাৰ সমল দিছে। আৱিষ্কৃত মাছ দুবিধক গিচাক নাকানা আৰু ৰাকথামিচথিচ আঞ্চি বুলি কোৱা হৈছে। ইয়াৰে গিচাক নাকানা নামৰ মাছবিধ অতি ক্ষুদ্র, স্বচ্ছ আৰু চকুহীন। স্বচ্ছ হোৱা বাবে ইয়াৰ তেজ আৰু ভিতৰৰ অংগসমূহ স্পষ্টকৈ দেখা যায় আৰু ৰঙচুৱা যেন দেখি। আন...