কাজিৰঙাৰ ৰঙাজানত সংঘটিত দুৰ্ঘটনাত বৰ্তমানলৈ আনুমানিক ২৩ গৰাকী যাত্ৰীৰ মৃত্যু

গোলাঘাট জিলাৰ কাজিৰঙাৰ ৰঙাজানত আজি দুপৰীয়া এখন ট্ৰেভেলাৰ আৰু এখন কণ্টেইনাৰৰ মাজত সংঘটিত দুৰ্ঘটনাত বৰ্তমানলৈ ২৩ গৰাকী লোকৰ মৃত্যু হোৱাৰ আশংকা কৰা হৈছে। দুৰ্ঘটনাত আহত যাত্ৰীসকলক কঁহৰা আদৰ্শ চিকিৎসালয় আৰু গোলাঘাটৰ কমলা মিৰি অসামৰিক চিকিৎসালয়ত ভৰ্তি কৰোৱা হয়। ইপিনে গুৰুতৰভাৱে আহত কেইবাজনকো যোৰহাট চিকিৎসা মহাবিদ্যালয় চিকিৎসালয়ত ভৰ্তি কৰোৱা হয়। কঁহৰা আদৰ্শ চিকিৎসালয়ত ভৰ্তি কৰা ১৬ জন যাত্ৰীৰে মৃত্যু হোৱা বুলি চিকিৎসকে প্ৰকাশ কৰিছে।

এই দুৰ্ঘটনাৰ পাছতে কাজিৰঙাৰ পৰা যোৰহাটলৈ গ্ৰীণ কৰিড’ৰ ঘোষণা কৰা হৈছে। এই পথছোৱাত অইন যান-বাহন চলাচল নিষিদ্ধ কৰা হৈছে বুলি বোকাখাত সম-জিলা প্রশাসনে প্রকাশ কৰিছে।
ট্ৰেভেলাৰখনত থকা অধিকাংশ যাত্রী ছাত্র-ছাত্রী আছিল বুলি জানিব পৰা গৈছে। দুৰ্ঘটনাটোত ট্ৰেভেলাৰখনৰ চালক আৰু হেণ্ডিমেনৰ মৃত্যু হৈছে বুলি আমাৰ গোলাঘাটৰ সংবাদদাতাই জনাইছে। দুৰ্ঘটনা সংঘটিত হোৱাৰ পাছতে কেবিনেট মন্ত্ৰী অতুল বৰাই ঘটনাস্থলীত উপস্থিত হৈ পৰিস্থিতিৰ পৰ্যবেক্ষণ কৰে ।

ইফালে মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শৰ্মাই কাজিৰঙাৰ দুৰ্ঘটনাক দুৰ্ভাগ্যজনক বুলি অভিহিত কৰি মৃতকৰ পৰিয়াললৈ গভীৰ সমবেদনা জ্ঞাপন কৰে। দুৰ্ঘটনাটোত আহত লোকসকলক প্রয়োজনীয় সকলো প্ৰকাৰৰ চিকিৎসা ব্যৱস্থা জৰুৰীকালীন ক্ষীপ্ৰতাৰে আগবঢ়াবলৈ মুখ্যমন্ত্ৰীগৰাকীয়ে নিৰ্দেশ দিয়ে। সাংসদ গৌৰৱ গগৈ আৰু বিধায়ক অখিল গগৈয়েও দুৰ্ঘটনাত গভীৰ শোক প্ৰকাশ কৰিছে।

উল্লেখযোগ্য যে যোৰহাটৰ পৰা নগাঁও অভিমুখী ট্ৰেভেলাৰখনে এখন কণ্টেইনাৰক খুন্দা মৰাৰ ফলত এই দুর্ঘটনা সংঘটিত হয় বুলি জানিব পৰা গৈছে।

অধিক পঢ়ক
সকলো চাওক arrow-right

কোনো পোষ্ট পোৱা নগ'ল।