December 26, 2025 6:42 PM

views 48

অন্ধ্ৰ প্ৰদেশত আজি পুৱা দুটা পৃথক পথ দুৰ্ঘটনাত ৭জন লোকে প্ৰাণ হেৰুৱাৰ লগতে ৫ জন লোক আহত

অন্ধ্ৰ প্ৰদেশত আজি নিচেই পুৱা দুটা পৃথক পথ দুৰ্ঘটনাত ৭জন লোকে প্ৰাণ হেৰুৱায় আৰু ৫ জন লোক আহত হয়। গুন্টুৰ জিলাত এখন ব্যক্তিগত বাছে এখন চাৰিচকীয়া বাহনত পিছফালৰ পৰা খুন্দিওৱাৰ ফলত তিনিজন লোক নিহত হয় আৰু তিনিজন লোক আহত হয়। ৰাজ্যখনৰ নানদয়াল জিলাত এটা পথ দুৰ্ঘটনাত চাৰিজন লোকে প্ৰাণ হেৰুৱায়। এখন দ্রুতবেগী বাহনে পথ বিভাজকত খুন্দিয়াই বিপৰীত দিশৰ পৰা আহি থকা এখন বাছৰ সৈতে হোৱা মুখামুখি সংঘৰ্ষৰ ফলত দুর্ঘটনাটো ঘটে।

December 18, 2025 4:22 PM

views 57

শিৱসাগৰৰ ৰূপহীমুখত ৩৭ নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথত সংঘটিত পথ দূৰ্ঘটনাত দুজন লোক নিহত

শিৱসাগৰ জিলাৰ ৰূপহীমুখত ৩৭ নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথত সংঘটিত এটা পথ দূৰ্ঘটনাত আজি দুজন লোক নিহত হোৱাৰ লগতে এটি শিশুসহ আন এজন গুৰুতৰভাৱে আহত হয়। আজি পুৱা ঘন কুঁৱলীৰ মাজেৰে শিৱসাগৰৰ পৰা যোৰহাট অভিমুখে গৈ থকা এখন ডাম্পাৰত বিপৰীত দিশৰ পৰা আহি থকা এখন বাহনে খুন্দা মৰাৰ ফলতে এই দূর্ঘটনা সংঘটিত হয়। দূৰ্ঘটনাত শিৱসাগৰৰ বেতবাৰী তিনিআলিৰ মৌ বন নামৰ ব্যৱসায়িক প্ৰতিষ্ঠানটোৰ স্বত্তাধিকাৰী বিপুল হাতীমূৰীয়া নিহত হয়। গুৰুতৰভাৱে আহত বিপুল হাতীমূৰীয়াৰ পত্নী নমিতা শ‍ইকীয়াক চিকিৎসাৰ বাবে ডিব্ৰুগড়লৈ নিয়াৰ অৱস্থ...

October 28, 2025 10:56 AM

views 80

নেলীত ২৭ নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথত সংঘটিত পথ দুৰ্ঘটনাত ৩জন লোক থিতাতে নিহত

■ মৰিগাঁও জিলাৰ নেলীত ২৭ নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথত আজি পুৱতি নিশা সংঘটিত এটা পথ দুৰ্ঘটনাত তিনিজন লোক থিতাতে নিহত হয়। নিহত লোককেইজন চিকিৎসক ডাঃ কণ্ঠেশ্বৰ বৰদলৈ, মানস মহন্ত, আশ্বিক হুছেইন বুলি জানিব পৰা গৈছে। উল্লেখযোগ যে জাগীৰোডৰ পৰা নগাঁও অভিমুখে গৈ থকা তেওঁলোকৰ বাহনখন পথৰ দাঁতিত নিয়ন্ত্ৰণ হেৰুৱাই ৰেলিঙত খুন্দা মাৰে আৰু বাহনখন চূর্ণ-বিচূর্ণ হয়। দুৰ্ঘটনাত আহত আন দুজন লোকক মৰিগাঁও অসামৰিক চিকিৎসালয়ত সংকটজনক অৱস্থাত ভৰ্তি কৰোৱা হৈছে বুলি আমাৰ মৰিগাঁৱৰ সংবাদদাতাই জনাইছে।

August 30, 2025 11:44 AM

views 71

দেৰগাঁৱৰ দাধৰাত সংঘটিত পথ দুৰ্ঘটনাত এজন লোকৰ মৃত্যু

গোলাঘাট জিলাৰ দেৰগাঁৱৰ দাধৰাৰ সমীপৰ ৩৭ নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথত যোৱানিশা সংঘটিত এটা পথ দুৰ্ঘটনাত ৰণ্টু ৰাজবংশী নামৰ এজন লোকৰ মৃত্যু হয়। নলবাৰীৰ পৰা তিনিচুকীয়া অভিমুখে তীব্র বেগেৰে গৈ থকা বাহনখন নিয়ন্ত্ৰণ হেৰুৱাই পথৰ দাঁতিৰ দ খাৱৈত বাগৰি পৰাৰ ফলত চালক ৰণ্টু ৰাজবংশীৰ থিতাতে মৃত্যু হয়। দুৰ্ঘটনাটোত বাহনখনত থকা আন পাঁচজন লোক গুৰুতৰভাৱে আহত হয়। আহতসকলক নিকটৱৰ্তী চিকিৎসালয়লৈ প্ৰেৰণ কৰা হয়।

May 23, 2025 8:25 PM

views 62

অন্ধ্ৰ প্ৰদেশৰ প্ৰকাছম জিলাৰ ৫৪৪-এফ ৰাষ্ট্ৰীয় ঘাইপথত সংঘটিত এটা দুৰ্ঘটনাত ৬জন লোকৰ প্ৰাণহানি

অন্ধ্ৰ প্ৰদেশৰ প্ৰকাছম জিলাৰ ৫৪৪-এফ ৰাষ্ট্ৰীয় ঘাইপথত আজি সংঘটিত এটা দুৰ্ঘটনাত ছজন লোকৰ প্রাণহানি হোৱাৰ লগতে আন দুজন গুৰুতৰভাৱে আহত হয়। কোমাৰৌলু মণ্ডলৰ থাটিছেৰলা মটু কেন্দ্ৰত এখন গাড়ীয়ে ট্রাক এখনত খুন্দিওৱাৰ ফলত দুৰ্ঘটনাটো ঘটে। আহতসকলক গিড্ডালুৰ চৰকাৰী চিকিৎসালয়লৈ লৈ যোৱা হয়। নিহত লোককেইজনক বাপালা মণ্ডলৰ ষ্টুৱাৰ্টপুৰমৰ বাসিন্দা বুলি চিনাক্ত কৰা হৈছে।  

January 22, 2025 3:06 PM

views 62

কৰ্ণাটকৰ উত্তৰ কন্নড় জিলাত এখন ট্রাক পথৰ কাষৰ দ’ খাৱৈত বাগৰি পৰাত কমেও ১০জন লোকৰ মৃত্যু

কৰ্ণাটকৰ উত্তৰ কন্নড় জিলাৰ য়েল্লাপুৰৰ আৰাবেইল ঘাটৰ সমীপত আজি এখন ট্রাক পথৰ কাষৰ দ' খাৱৈত বাগৰি পৰাৰ ফলত কমেও ১০জন লোকে প্রাণ হেৰুৱায় আৰু অন্য ১৬ জন আহত হয়। হাভেৰী জিলাৰ চাভানুৰৰ পৰা কুমটাৰ সাপ্তাহিক পাচলি বজাৰলৈ সামগ্ৰী পৰিবহন কৰি থকা অৱস্থাত এই দুর্ঘটনাটো সংঘটিত হয়। দুৰ্ঘটনাত ৯ জন লোকৰ থিতাতে মৃত্যু হয় আৰু এজনে চিকিৎসালয়ত মৃত্যু বৰণ কৰে। মৃত লোক কেইজন চাভানুৰৰ বাসিন্দা আছিল। আহতসকলক হুবলিৰ কৰ্ণাটক চিকিৎসা মহাবিদ্যালয়ত ভৰ্তি কৰোৱা হৈছে। ইপিনে, মহাৰাষ্ট্ৰৰ অহিল্যানগৰ জিলাত আজি পুৱা হোৱা আ...