October 5, 2026 8:36 PM

views 6

ৰাজ্য চৰকাৰৰ জলসম্পদ বিভাগৰ ঢকুৱাখনা জলসম্পদ সংমণ্ডলৰ অধীনত দুখন গুৰুত্বপূৰ্ণ আঁচনিৰ নিৰ্মাণ কাৰ্যৰ আধাৰশিলা স্থাপন

ৰাজ্য চৰকাৰৰ জলসম্পদ বিভাগৰ ঢকুৱাখনা জলসম্পদ সংমণ্ডলৰ অধীনত দুখন গুৰুত্বপূৰ্ণ আঁচনিৰ নিৰ্মাণ কাৰ্যৰ আজি আধাৰশিলা স্থাপন কৰা হয়। ইয়াৰে প্ৰথমখন আঁচনিৰ অধীনত কঢ়া নদীৰ মৌখোৱা মথাউৰিৰ উচ্চতা বৃদ্ধি আৰু সবলীকৰণ কাৰ্য ৰূপায়ণ কৰা হ'ব। দ্বিতীয়খন আঁচনিত চাৰিকৰিয়া নদীৰ হুজগাঁও, মাণিকপুৰ, চেতিয়াগাঁও আৰু ঘিলাগুৰি গাঁৱৰ খহনীয়া প্ৰতিৰোধৰ বাবে ব্যৱস্থা গ্ৰহণ কৰা হৈছে। অঞ্চলটোৰ দীৰ্ঘদিনীয়া বান আৰু খহনীয়া সমস্যা সমাধানৰ লক্ষ্যৰে ৰূপায়ণ কৰিবলগীয়া এই আঁচনিসমূহৰ আধাৰশিলা স্থাপন কাৰ্যসূচীত লখিমপুৰ লোকসভা ...

October 5, 2026 8:10 PM

views 3

কামৰূপৰ পলাশবাৰী সমষ্টিৰ ফুলগুৰীৰ পি এম শ্ৰী আঞ্চলিক হাইস্কুলত অনুষ্ঠিত বিশেষ সেৱা সংকল্প অভিযানত শিক্ষা মন্ত্ৰী ডাঃ ৰণোজ পেগুৰ অংশগ্ৰহণ

কামৰূপ জিলাৰ পলাশবাৰী সমষ্টিৰ ফুলগুৰীৰ পি এম শ্ৰী আঞ্চলিক হাইস্কুলত আজি অনুষ্ঠিত বিশেষ সেৱা সংকল্প অভিযানত শিক্ষা মন্ত্ৰী ডাঃ ৰণোজ পেগুৱে অংশগ্ৰহণ কৰে। যোৱা ১৭ ছেপ্তেম্বৰৰ পৰা অহা ১৭ অক্টোবৰলৈ ৰাজ্যত চলি থকা সেৱা সংকল্প অভিযানৰ অংশস্বৰূপে এই অনুষ্ঠানত পি এম পোষণ আঁচনিৰ অধীনত নিয়োজিত ৰান্ধনি আৰু সহায়িকাসকলক চেক তথা প্ৰশংসা পত্ৰ প্ৰদান কৰা হয়। ব্লক পৰ্যায়ৰ এই অনুষ্ঠানত মন্ত্ৰী পেগুৱে সেৱা সংকল্প অভিযানৰ উদ্দেশ্যৰ বিষয়ে সাংবাদিকৰ আগত প্ৰকাশ কৰাৰ লগতে কেতবোৰ ব্যক্তিগত বিদ্যালয় সন্দৰ্ভত চৰকাৰী ...

October 5, 2026 8:01 PM

views 5

সেৱা সেতু অভিযানৰ অংশ হিচাপে সমগ্ৰ ৰাজ্যতে স্বাস্থ্য আৰু কল্যাণ শিবিৰৰ আয়োজন

সেৱা সেতু অভিযানৰ অংশ হিচাপে সমগ্ৰ ৰাজ্যতে স্বাস্থ্য আৰু কল্যাণ শিবিৰ আয়োজন কৰা হৈছে। কাছাৰ জিলাৰ লক্ষীপুৰ বিধানসভা সমষ্টিত আজি সেৱা সেতু অভিযানৰ উদ্বোধন কৰা হয়। উদ্বোধনী অনুষ্ঠানত মন্ত্ৰী কৌশিক ৰায় উপস্থিত থাকে। আজি পুৱাৰে পৰা শিবিৰত সেৱাৰ ব্যৱস্থা আৰম্ভ হয়। সেৱা সংকল্প অভিযানৰ অধীনত ডিব্ৰুগড় জিলাত আজি খণ্ড আৰু পৌৰসভা পৰ্যায়ৰ স্বাস্থ্য আৰু কল্যাণ শিবিৰসমূহ আৰম্ভ হৈছে। চৰকাৰী সেৱা আৰু আঁচনিসমূহ জনসাধাৰণৰ ওচৰলৈ লৈ যোৱাৰ লক্ষ্যৰে আৰম্ভ কৰা এই অভিযানত ৰাইজৰ উৎসাহজনক সঁহাৰি দেখিবলৈ পোৱা যায়। ...

October 5, 2026 8:27 PM

views 5

বঙাইগাঁৱত নৱনিৰ্মিত জিলা আয়ুক্তৰ কাৰ্যালয় উদ্বোধন মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ

বঙাইগাঁৱত আজি মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই নৱনিৰ্মিত জিলা আয়ুক্তৰ কাৰ্যালয় উদ্বোধন কৰে। মুখ্যমন্ত্ৰীগৰাকীয়ে আজি বঙাইগাঁও চিকিৎসা মহাবিদ্যালয়ো আনুষ্ঠানিকভাৱে উদ্বোধন কৰে। জিলাখনৰ বিভিন্ন ঠাইত মুঠ ৭১১ কোটি টকা ব্যয়ৰে নিৰ্মাণ কৰা কেইবাটাও প্রকল্প আজি মুখ্যমন্ত্ৰীয়ে ৰাইজলৈ উছৰ্গা কৰে। মুখ্যমন্ত্ৰীয়ে অভয়াপুৰীৰ খোৰা গাঁৱত ৩০ কোটি টকা ব্যয় সাপেক্ষে নির্মিত আদর্শ আবাসিক বিদ্যালয়, তুলুঙীয়াৰ পণ্ডিত দীনদয়াল উপাধ্যায় আদৰ্শ মহাবিদ্যালয়ৰ ১১ কোটি টকীয়া আন্তঃগাঁথনি, অভয়াপুৰীৰ সৃজনগ্ৰামত থ...

October 5, 2026 2:38 PM

views 16

নগাঁও লোকসভা সমষ্টিৰ উপ-নিৰ্বাচনৰ ভোটগ্ৰহণৰ বাবে দায়িত্বত নিয়োজিত বিষয়াসকল ৰাওনা 

অসমৰ নগাঁও লোকসভা সমষ্টিৰ লগতে তামিলনাড়ু, পুডুচেৰী আৰু পশ্চিম বংগৰ পাঁচখন বিধানসভা আসনত কাইলৈ হ’বলগীয়া উপ-নিৰ্বাচনৰ ভোটগ্ৰহণৰ বাবে দায়িত্বত নিয়োজিত বিষয়াসকল ৰাওনা হৈছে। ভোটগ্রহণ হ'বলগীয়া প্ৰতিখন জিলাৰ প্ৰশাসনে কটকটীয়া নিৰাপত্তা ব্যৱস্থা গ্ৰহণকে ধৰি যাৱতীয় প্ৰস্তুতি সম্পূর্ণ কৰিছে। এই আসনসমূহৰ বাবে শুকুৰবাৰে ভোটগণনা কৰা হ'ব। তামিলনাডুৰ মাদুৰণটকম আৰু ধাৰাপুৰম, পুডুচেৰীৰ থাট্টানছাবাদি, পশ্চিম বংগৰ ৰেজিনগৰ আৰু নন্দীগ্রাম বিধানসভা সমষ্টিৰ বাবে কাইলৈ ভোটগ্রহণ অনুষ্ঠিত হ'ব। অসমৰ নগাঁও লোকসভা আস...

October 3, 2026 9:20 PM

views 10

জাগীৰোডৰ ছেমিকণ্ডাক্টৰ প্ৰকল্পৰ যন্ত্রাংশ সংলগ্নকৰণ পৰীক্ষণ গোটৰ কাম অহা ডিচেম্বৰ-জানুৱাৰীত আৰম্ভ হোৱাৰ সম্ভাৱনাঃ মুখ্যমন্ত্ৰী

জাগীৰোডৰ ছেমিকণ্ডাক্টৰ প্ৰকল্পৰ যন্ত্রাংশ সংলগ্নকৰণ পৰীক্ষণ গোটৰ কাম অহা ডিচেম্বৰ-জানুৱাৰীত আৰম্ভ হোৱাৰ সম্ভাৱনা আছে। মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই জাগীৰোডত অনুষ্ঠিত এখন নির্বাচনী সভাত অংশ লৈ সংবাদ মাধ্যমৰ সন্মুখত এই মন্তব্য কৰে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ছেমিকণ্ডাক্টৰ প্ৰকল্প মুকলি কৰিবলৈ অসমলৈ আহিব বুলি তেওঁ কয়। জাগীৰোডৰ এই ছেমিকণ্ডাক্টৰ প্ৰকল্প বিশ্বৰ ভিতৰত আটাইতকৈ বেছি চিপ প্রস্তুতকাৰী উদ্যোগ হ'ব বুলি মুখ্যমন্ত্ৰীগৰাকীয়ে প্ৰকাশ কৰে। এই প্ৰকল্পত দৈনিক ৪৮.৪ মিলিয়ন চিপ উৎপাদন কৰা ...

October 3, 2026 9:16 PM

views 11

জি এছ টি ফাঁকি দিয়া সকলক ধৰা পেলোৱাৰ বাবে ৰাজ্যৰ জি এছ টি ব্যৱস্থাৰ অধীনত পঞ্জীকৃত লোকসকলৰ তথ্য বিশ্লেষণ কৰা হৈছে

সামগ্ৰী আৰু সেৱা কৰ- জি এছ টি ফাঁকি দিয়া সকলক ধৰা পেলোৱাৰ বাবে ৰাজ্যৰ জি এছ টি ব্যৱস্থাৰ অধীনত পঞ্জীকৃত লোকসকলৰ তথ্য বিশ্লেষণ কৰি থকা হৈছে আৰু এই তথ্যসমূহ কৰ পৰিদৰ্শক আৰু অধীক্ষকসকললৈ প্ৰেৰণ কৰা হ'ব। বিত্তমন্ত্ৰী জয়ন্ত মল্লবৰুৱাই আজি সাংবাদিকৰ সৈতে হোৱা কথা-বতৰাত এইকথা সদৰি কৰে। তেওঁ কয়, যে বিগত সময়ত এনে তথ্যৰ ভিত্তিত জি এছ টিত ফাঁকি দিয়া ভালেসংখ্যক লোকক ধৰা পেলোৱা হৈছে। ভুৱা আই টি চি ব্যৱহাৰ কৰা ভালেসংখ্যক লোককো ধৰা পেলোৱা হৈছে বুলি তেওঁ প্ৰকাশ কৰে। জি এছ টি খণ্ডৰ সৈতে জড়িত চাইবাৰ অপৰাধীস...

October 3, 2026 6:18 PM

views 5

আকাশবাণীৰ ‘মন কি বাত’ অনুষ্ঠানৰ ১২ বছৰ সম্পূৰ্ণ

প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ মাহেকীয়া অনুষ্ঠান মন কি বাতে আজি ১২ বছৰ সম্পূৰ্ণ কৰিছে। ২০১৪ চনৰ আজিৰ দিনটোতে, বিজয়া দশমী উপলক্ষে মন কী বাতৰ প্ৰথম খণ্ড প্ৰচাৰ কৰা হৈছিল। শেহতীয়াভাৱে মন কী বাতৰ ১৩৮ সংখ্যক খণ্ড প্ৰচাৰ কৰা হৈছে। এই ১২ বছৰত মন কী বাতে দেশৰ বিকাশৰ যাত্ৰাত নাগৰিকসকলক সক্রিয়ভাৱে অংশগ্ৰহণ কৰিবলৈ উৎসাহিত কৰাৰ লগতে সমগ্ৰ দেশত চলি থকা ইতিবাচক পৰিৱৰ্তনক গুৰুত্ব দিয়াৰ ক্ষেত্ৰত এখন অনন্য মঞ্চ প্ৰদান কৰি আহিছে। এই অনুষ্ঠানৰ জৰিয়তে দেশৰ বিভিন্ন প্ৰান্তত শিক্ষা, স্বাস্থ্যসেৱা, পৰিবেশ সংৰক্ষণ,...

October 3, 2026 5:07 PM

views 6

কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান ২০২৬-২৭ পর্যটন বৰ্ষৰ বাবে আনুষ্ঠানিকভাৱে মুকলি

বন আৰু পৰিবেশ বিভাগৰ মন্ত্ৰী জয়ন্ত মল্লবৰুৱাই আজি কাজিৰঙাৰ কঁহৰা বনাঞ্চলৰ মিহিমুখত আয়োজিত এটা অনুষ্ঠানত ৰাষ্ট্ৰীয় উদ্যানখন ২০২৬-২৭ পর্যটন বৰ্ষৰ বাবে আনুষ্ঠানিকভাৱে মুকলি কৰে। এই উপলক্ষে মন্ত্ৰীগৰাকীয়ে কয় যে বন বিভাগ আৰু পৰ্যটন বিভাগে বর্ধিত পৰ্যটকৰ প্ৰতি লক্ষ্য ৰাখি আন্তঃগাথনিৰ উন্নয়ন, বৰ্তমানৰ সুবিধাসমূহৰ আধুনিকীকৰণ আৰু নতুন আকর্ষণ সংযোজনৰ দিশত যৌথভাৱে কাম কৰি যাব। প্ৰাৰম্ভিক বুকিং আৰু পৰ্যটকৰ সহায় লৈ চাই এইবাৰ ৰাষ্ট্ৰীয় উদ্যানখনলৈ অভিলেখ সংখ্যক পৰ্যটনৰ আগমন ঘটিব বুলি তেওঁ আশা প্ৰকাশ কৰ...

October 3, 2026 9:13 PM

views 4

গোপালক আৰু নতুন ফৌজদাৰী আইন সংক্রান্তীয় কেইবাটাও গুৰুত্বপূৰ্ণ ঘোষণা গৃহমন্ত্ৰী অমিত শ্বাহৰ

ভূপালত আজি কেন্দ্রীয় গৃহমন্ত্ৰী অমিত শ্বাহে গোপালক আৰু নতুন ফৌজদাৰী আইন সংক্রান্তীয় কেইবাটাও গুৰুত্বপূৰ্ণ ঘোষণা কৰে। ভূপালৰ ভেল দশেৰা খেলপথাৰত ৰাজ্যিক পৰ্যায়ৰ গোপালক সন্মিলনত ভাষণ দিয়ে। ৰাজ্যখনৰ ১১খন জিলাৰ ৩৫ হাজাৰ গোপালকে অংশগ্ৰহণ কৰা এই সন্মিলনত মন্ত্ৰীগৰাকীয়ে গোশালাসমূহৰ বাবে ১০১ কোটি টকা প্ৰদান কৰিব বুলি ঘোষণা কৰে। শ্ৰীশ্বাহে লগতে ভার্চুৱেল ব্যৱস্থাৰে ২৫৫ কোটি টকা ব্যয় সাপেক্ষে উজ্জয়িনীত নিৰ্মাণ কৰিবলগীয়া এটা দুগ্ধ প্ৰকল্পৰো আধাৰশিলা স্থাপন কৰে। তেওঁ কয়, যে ভূপালত ১২ কোটি টকা ব্যয়ে...