September 29, 2026 4:02 PM

views 3

আজি বিশ্ব হৃদৰোগ দিৱস

আজি বিশ্ব হৃদৰোগ দিৱস। হৃদ ৰোগ আৰু ষ্ট্ৰকৰ দৰে মাৰাত্মক সমস্যাৰ প্ৰতি জনসাধাৰণৰ মাজত সচেতনতা সৃষ্টিৰ উদ্দেশ্যে প্ৰতি বছৰে আজিৰ দিনটোত বিশ্ব হৃদয় দিৱস পালন কৰি অহা হৈছে। এই ৰোগৰ লক্ষ্যণৰ বিষয়ে অৱগত কৰোৱা, স্বাস্থ্যকৰ খাদ্যাভ্যাস, নিয়মীয়া ব্যায়াম আৰু ধূমপান বৰ্জনৰ দ্বাৰা হৃদযন্ত্র সুস্থ ৰখাৰ বাবে উৎসাহিত কৰা তথা যুৱ প্ৰজন্মৰ মাজত হাৰ্ট এটেকৰ ঘটনা ৰোধ কৰিবলৈ আগতীয়াকৈ যত্ন লোৱা আদি বিষয়ত এই দিনটোত সচেতনতা সৃষ্টিৰ প্ৰয়াস কৰা হয়। এইবেলি এই দিৱসৰ মূল বিষয়বস্তু হৈছে- Use Heart for Action অর্থা...

September 26, 2026 9:29 PM

views 20

অসম আৰু গুজৰাটৰ অংশীদাৰিত্বৰে আজি গুজৰাটৰ কাণ্ডলাত ই-মিথানল প্ৰকল্পৰ আধাৰশিলা স্থাপন

অসম আৰু গুজৰাটৰ অংশীদাৰিত্বৰে আজি গুজৰাটৰ কাণ্ডলাত এটা ই-মিথানল প্ৰকল্পৰ আধাৰশিলা স্থাপন কৰা হয়। এই প্রকল্পই প্রতিদিনে ১৫০ টন ই-মিথানল উৎপাদন কৰিব। আজি এই উপলক্ষে আয়োজিত অনুষ্ঠানত অসমৰ মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মা, গুজৰাটৰ মুখ্যমন্ত্ৰী ভূপেন্দ্ৰ পেটেল আৰু কেন্দ্ৰীয় বন্দৰ, জাহাজ পৰিবহণ তথা জলপথ মন্ত্রী সর্বানন্দ সোণোৱাল উপস্থিত থাকে। ২ হেজাৰ ৩শ কোটি টকা ব্যয় নিৰ্ধাৰণ কৰা এই প্ৰকল্পটোৰ প্ৰথম পৰ্যায়ত এহেজাৰ ২০০ কোটি টকাৰো অধিক মূলধন বিনিয়োগ কৰা হ’ব৷ এই সন্দৰ্ভত সংবাদ মাধ্যমৰ আগত মুখ্যমন...

September 26, 2026 9:26 PM

views 8

মিজোৰামৰ প্ৰভাৱশালী ছাত্র সংগঠন এম জেদ পিৰ আই এল পি ব্যৱস্থা শক্তিশালীভাবে বলৱৎকৰণ তথা নীতিসমূহৰ সুৰক্ষাৰ বাবে দাবী

মিজোৰামৰ প্ৰভাৱশালী ছাত্র সংগঠন এম জেদ পিয়ে ৰাজ্যখনৰ সীমা সুৰক্ষা, আন্তঃৰাজ্যিক পাৰপত্ৰ অর্থাৎ আই এল পি ব্যৱস্থা শক্তিশালীভাবে বলৱৎকৰণ তথা বিবাহ আৰু সম্পত্তি উত্তৰাধিকাৰ সম্পৰ্কীয় নীতিসমূহৰ সুৰক্ষাৰ বাবে দাবী জনাইছে। আইজলত আজি অনুষ্ঠিত সাধাৰণ সভাত সংগঠনটোৱে ৰাজ্যখনৰ চৰকাৰক মিজোৰামৰ প্ৰকৃত সীমাসমূহৰ সুৰক্ষাৰ বাবে কঠোৰ পদক্ষেপ ল'বলৈ দাবী জনাই প্ৰস্তাৱ উত্থাপিত কৰে। সংগঠনটোৰ সাধাৰণ সম্পাদক লালমিচাংগা চাংটেই সাংবাদিকৰ আগত এই বিষয়ে প্ৰকাশ কৰে। তেওঁ কয়, যে এই সভাই ২০২৬ চনৰ মিজো বিবাহ আৰু সম্পত্তিৰ...

September 26, 2026 5:45 PM

views 19

বৰাক উপত্যকাৰ বানপানী, নদীখহনীয়া আৰু ভূমিস্খলন সমস্যাৰ স্থায়ী সমাধানৰ উদ্দেশ্যে শিলচৰত উপস্থিত জার্মানী বিশেজ্ঞৰ দল

বৰাক উপত্যকাৰ বানপানী, নদীখহনীয়া আৰু ভূমিস্খলন সমস্যাৰ স্থায়ী সমাধানৰ উদ্দেশ্যে জার্মান আন্তঃৰাষ্ট্ৰীয় পৰামৰ্শদাতা প্রতিষ্ঠান জি এফ এ কনসালটিং গ্ৰুপৰ এটা বিশেজ্ঞৰ দল শিলচৰত উপস্থিত হৈছে। জাৰ্মানীৰ আন্তঃৰাষ্ট্ৰীয় পৰিৱেশবিদ তথা অভিযন্তা জন ছাছৰ নেতৃত্বত আজি দলটোৱে শিলচৰৰ তাৰাপুৰ শিৱবাৰী পথৰ গাতে লাগি থকা খহনীয়া প্ৰৱণ অঞ্চল পৰিদৰ্শন কৰে। দলটোৱে স্থানীয় প্রশাসন আৰু সংশ্লিষ্ট বিভাগৰ বিষয়া সকলৰ সৈতে কেনেধৰণৰ প্ৰতিৰোধমূলক ব্যৱস্থা গ্ৰহণ কৰিব পাৰি সেই বিষয়ে আলোচনা কৰে। উল্লেখযোগ্য যে স্থানীয় বা...

September 26, 2026 5:27 PM

views 17

ৰাজ্যৰ উচ্চ শিক্ষা খণ্ডক অধিক শক্তিশালী আৰু সময় উপযোগী কৰি তোলাৰ লক্ষ্যৰে বিশ্ববিদ্যালয়সমূহক প্রতিষ্ঠানভিত্তিক কাৰ্য পৰিকল্পনা যুগুত কৰিবলৈ মুখ্য সচিব ৰবি কোটাৰ নিৰ্দেশ

ৰাজ্যৰ উচ্চ শিক্ষা খণ্ডক অধিক শক্তিশালী আৰু সময় উপযোগী কৰি তোলাৰ লক্ষ্যৰে বিশ্ববিদ্যালয়সমূহক প্রতিষ্ঠানভিত্তিক কাৰ্য পৰিকল্পনা যুগুত কৰিবলৈ মুখ্য সচিব ৰবি কোটাই নিৰ্দেশ দিছে। উচ্চ শিক্ষা বিভাগৰ জ্যেষ্ঠ বিষয়া আৰু ৰাজ্যৰ বিভিন্ন বিশ্ববিদ্যালয়ৰ কৰ্তৃপক্ষৰ সৈতে অনুষ্ঠিত বৈঠকত কালি মুখ্য সচিবগৰাকীয়ে এই নির্দেশ দিয়ে। পঞ্চম ৰাষ্ট্ৰীয় মুখ্য সচিব সন্মিলনত উচ্চ শিক্ষা : জ্ঞান অর্থনীতি বিষয়ক আলোচনাৰ পৰা উদ্ভৱ হোৱা ২৮ টা কাৰ্যসূচী ৰাজ্যত ৰূপায়ণৰ অগ্ৰগতিৰ পৰ্যালোচনাৰ উদ্দেশ্যে এই বৈঠক অনুষ্ঠিত হয়। ...

September 26, 2026 5:23 PM

views 22

নগাঁও লোকসভা সমষ্টিৰ উপ-নির্বাচনৰ বাবে ৰাজনৈতিক দলসমূহৰ নিৰ্বাচনী প্ৰচাৰ অব্যাহত

নগাঁও লোকসভা সমষ্টিৰ উপ-নির্বাচনলৈ মাজত মাত্ৰ কেইটামান দিন বাকী থকা অৱস্থাত ৰাজনৈতিক দলসমূহৰ প্ৰচাৰ অভিযান অব্যাহত আছে। সংসদীয় সমষ্টিটোৰ বিজেপি মিত্ৰজোঁটৰ প্ৰাৰ্থী দেৱাশিস শৰ্মাৰ হৈ অসম গণ পৰিষদৰ জ্যেষ্ঠ নেতাসকলে কালি কেইবাখনো প্ৰচাৰ সভাত অংশ লয়। অগপৰ নেতাসকলে কালি ধিং বিধানসভা সমষ্টিৰ অন্তৰ্গত বৰভেটি পঞ্চায়ত, নগাঁও বটদ্ৰৱা বিধানসভা সমষ্টিৰ অন্তৰ্গত বৰঘাট আৰু হয়বৰগাঁও, ৰূপহীহাট বিধানসভা সমষ্টিৰ অন্তৰ্গত সুতিৰপাৰ খেলপথাৰ আৰু ৰূপহী ৰাজহুৱা প্ৰেক্ষাগৃহত দলীয় প্রার্থীগৰাকীৰ হৈ প্ৰচাৰ চলায়। ইপি...

September 24, 2026 4:05 PM

views 26

শিলচৰ পৌৰ নিগম নিৰ্বাচনত বিজেপি প্রার্থীৰ হৈ প্ৰচাৰ চলাবলৈ শিলচৰত উপস্থিত ৰাজ্যিক বিজেপিৰ সভাপতি দিলীপ শ‍ইকীয়া

শিলচৰ পৌৰ নিগম নিৰ্বাচনত বিজেপি প্রার্থীৰ হৈ প্ৰচাৰ চলাবলৈ ৰাজ্যিক বিজেপিৰ সভাপতি দিলীপ শ‍ইকীয়া আজি শিলচৰত উপস্থিত হৈছে। আজিৰে পৰা অহা ২৬ ছেপ্তেম্বৰলৈ সভাপতি শ্ৰীশ‍ইকীয়াই বিভিন্ন ৱাৰ্ডত নিৰ্বাচনী প্ৰচাৰ চলোৱাৰ লগতে সাংগঠনিক সভাত অংশগ্রহণ কৰিব। শিলচৰ পৌৰ নিগমৰ প্ৰথম নিৰ্বাচনৰ প্ৰতি লক্ষ্য ৰাখি বিজেপিয়ে ইতিমধ্যে ৪২টা ৱাৰ্ডক কেন্দ্ৰ কৰি সাংগঠনিক আৰু প্ৰচাৰৰ প্ৰস্তুতি আৰম্ভ কৰিছে। দলটোৱে ৩৮টা ৱাৰ্ডত প্ৰাৰ্থী প্ৰক্ষেপ কৰি দুটা ৱাৰ্ডত বিনা প্রতিদ্বন্দ্বিতাত জয়লাভ কৰিছে। দলীয় সূত্ৰই জনোৱা মতে এই ম...

September 24, 2026 4:00 PM

views 25

দেশৰ অন্যান্য প্ৰান্তৰ লগতে ধেমাজিতো ১৭ ছেপ্তেম্বৰৰ পৰা অহা ২ অক্টোবৰলৈকে ‘স্বচ্ছতাই সেৱা’ শীৰ্ষক স্বচ্ছ ভাৰত মিছনৰ কাৰ্যসূচী ৰূপায়িত

দেশৰ অন্যান্য প্ৰান্তৰ লগতে ধেমাজি জিলাতো যোৱা ১৭ ছেপ্তেম্বৰৰ পৰা অহা ২ অক্টোবৰলৈকে স্বচ্ছতাই সেৱা শীৰ্ষক স্বচ্ছ ভাৰত মিছনৰ কাৰ্যসূচী ৰূপায়িত হৈ আছে। প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ জন্মবার্ষিকী আৰু মোদীৰ সুশাসনৰ ২৫ বছৰীয়া কাৰ্যকালৰ লগত সংগতি ৰাখি সেৱা সংকল্প অভিযান উপলক্ষে স্বচ্ছতা কার্যসূচী ব্যাপক কৰি তোলাৰ উদ্দেশ্যে জিলাখনৰ বিভিন্ন বিভাগে ভালেসংখ্যক কাৰ্যসূচী গ্ৰহণ কৰিছে। জিলাখনৰ পঞ্চায়ত আৰু গ্রামোন্নয়ন বিভাগ, জনস্বাস্থ্য কাৰিকৰী বিভাগ, ধেমাজি পৌৰ সভা, শিক্ষা, স্বাস্থ্য আদি সকলো বিভাগেই এই ক...

September 24, 2026 3:44 PM

views 7

দেশৰ প্ৰগতিৰ ক্ষেত্ৰত ভাৰতৰ সামুদ্রিক খণ্ডই এটা বলিষ্ঠ ভূমিকা গ্ৰহণ কৰিছেঃ সৰ্বানন্দ সোণোৱাল

কেন্দ্ৰীয় বন্দৰ, জাহাজ আৰু জলপথ দপ্তৰৰ মন্ত্ৰী সৰ্বানন্দ সোণোৱালে দেশৰ প্ৰগতিৰ ক্ষেত্ৰত ভাৰতৰ সামুদ্রিক খণ্ডই এটা বলিষ্ঠ ভূমিকা গ্ৰহণ কৰিছে বুলি প্ৰকাশ কৰিছে। বিশ্ব সামুদ্রিক দিৱস উপলক্ষে সামাজিক মাধ্যমৰ এটা বাৰ্তাত শ্ৰীসোণোৱালে কয়, যে দেশৰ বিকাশ অধিক ক্ষিপ্ৰ কৰাৰ বাবে কেন্দ্ৰীয় চৰকাৰে আন্তঃগাঁথনিৰ আধুনিকীকৰণ, নীতিৰ সংস্কাৰ আৰু নাৱিক তথা সাগৰেদি অহা-যোৱা কৰা লোকসকলক প্ৰথম অগ্ৰাধিকাৰ দিয়াৰ ক্ষেত্ৰত প্ৰতিশ্ৰুতিবদ্ধ। সামুদ্রিক উদ্যোগৰ লগত জড়িত লোকসকলৰ কঠোৰ পৰিশ্ৰমক স্বীকৃতি প্ৰদান কৰাৰ উদ্দেশ্...

September 24, 2026 1:29 PM

views 9

জুবিন গাৰ্গৰ মৃত্যুৰ গোচৰত ছিংগাপুৰৰ অসম এছ’চিয়েছনৰ সভাপতি অভিমন্যু তালুকদাৰ সাক্ষ্য প্ৰদানৰ বাবে আদালতত উপস্থিত

জুবিন গাৰ্গৰ মৃত্যুৰ গোচৰত ন্যায়াধীশ শর্মিলা ভূঞাৰ ফাষ্ট ট্ৰেক আদালতত আজি দ্বিতীয় দিনা প্রবাসী অসমীয়া তথা ছিংগাপুৰৰ অসম এছ'চিয়েছনৰ সভাপতি অভিমন্যু তালুকদাৰ সাক্ষ্য প্ৰদানৰ বাবে আদালতত উপস্থিত হৈছে। আজি জুবিন গাৰ্গৰ মৃত্যুৰ গোচৰত অভিযুক্ত আন ব্যক্তিসকলৰ অধিবক্তাসকলে শ্রীতালুকদাৰক জেৰা কৰিব। উল্লেখযোগ্য যে শ্ৰীতালুকদাৰক কালি অভিযুক্ত শ্যামকানু মহন্তৰ অধিবক্তাই জুবিন গাৰ্গৰ মৃত্যুৰ গোচৰ সংক্ৰান্তত জেৰা কৰে। ইয়াৰ পূৰ্বে এই গোচৰ সংক্ৰান্তত প্রবাসী অসমীয়া পৰীক্ষিত শৰ্মা, সুস্মিতা গোস্বামী, প্ৰতি...