গুৱাহাটী প্ৰেছ ক্লাৱত প্রয়াত লীলাৱতী দাস সোঁৱৰণী আন্তঃসংবাদমাধ্যম একক আৰু দ্বৈত কবিতা আবৃত্তি প্রতিযোগিতা অনুষ্ঠিত

গুৱাহাটী প্ৰেছ ক্লাৱ আৰু ইনলি ফাউণ্ডেছনৰ উদ্যোগত গুৱাহাটী প্ৰেছ ক্লাৱৰ আমবাৰীস্থিত চৌহদত আজি প্রয়াত লীলাৱতী দাস সোঁৱৰণী আন্তঃসংবাদমাধ্যম একক আৰু দ্বৈত কবিতা আবৃত্তি প্রতিযোগিতা অনুষ্ঠিত হয়।

বিভিন্ন সংবাদ মাধ্যমৰ দুকুৰীৰো অধিক প্ৰতিযোগীয়ে অংশগ্ৰহণ কৰা প্ৰতিযোগিতাৰ একক শাখাত আকাশবাণী গুৱাহাটীৰ ৩ গৰাকী ঘোষিকা কস্তুৰিমা দাসে প্রথম, আশাদীপা শ‍ইকীয়াই দ্বিতীয় আৰু কাকলি বৰা দেউৰীয়ে তৃতীয় স্থান লাভ কৰে।

আনহাতে, এন কে টিভিৰ পাৰ্থ প্ৰতীম শৰ্মাই চতুৰ্থ আৰু এন ই ভাৰতৰ কৰবী হাজৰিকাই পঞ্চম স্থান লাভ কৰে। দ্বৈত শাখাত আকাশবাণী গুৱাহাটীৰ স্মিতা গোস্বামী আৰু ভাৰ্গৱ কলিতাৰ যুটীয়ে প্ৰথম স্থান লাভ কৰে।

নিউজ-১৮ অসম নৰ্থ ইষ্টৰ ঝুনাকংকন ভূঞা আৰু পৰিস্মিতা গোস্বামীয়ে দ্বিতীয়, আচাম টকছৰ ভাস্কৰ শ‍ইকীয়া আৰু মুনমুন কলিতাই তৃতীয় আৰু প্ৰথম খবৰৰ মণিষা কলিতা আৰু জীতেন চুতীয়াৰ যুটীয়ে চতুর্থ স্থান লাভ কৰে। প্রতিযোগিতাত বিশিষ্ট আবৃত্তিকাৰ ভূপেন চক্ৰৱৰ্তী, ডাঃ অবনী কুমাৰ চৌধুৰী আৰু চিন্ময়ী গোস্বামী বিচাৰক হিচাপে উপস্থিত থাকে।