December 26, 2025 6:18 PM

views 81

গুৱাহাটী প্ৰেছ ক্লাবৰ উদ্যোগত প্ৰেছ ক্লাবৰ প্ৰাংগনত প্ৰথমখন মহিলা সাংবাদিক সন্মিলন অনুষ্ঠিত

গুৱাহাটী প্ৰেছ ক্লাবৰ উদ্যোগত আজি প্ৰেছ ক্লাবৰ প্ৰাংগনত প্ৰথমখন মহিলা সাংবাদিক সন্মিলন অনুষ্ঠিত হৈ যায়। বহুসংখ্যক মহিল সাংবাদিকৰ উপস্থিতিত প্ৰেছ ক্লাব অফ ইণ্ডিয়াৰ নৱ-নিৰ্বাচিত সভাপতি সংগীতা বৰুৱা পিছাৰৌটিয়ে এই সন্মিলনখন আনুষ্ঠানিকভাৱে উদ্বোধন কৰে। উদ্বোধনী ভাষণ প্ৰদান কৰি সভাপতি পিছাৰৌটিয়ে কয়, যে সাংবাদিক হৈছে সাংবাদিকৰ লগত লাগি থকা পেছা। সাংবাদিকৰ প্ৰধান কৰ্তব্য হৈছে ভয় আৰু শংকাবিহীনভাৱে সাধাৰণ মানুহৰ হকে প্ৰশ্নৰ উত্থাপন কৰা। এই অনুষ্ঠানত বহুকেইজন বিশিষ্ট সাংবাদিক উপস্থিত থাকে। উল্লেখযোগ্...

October 23, 2025 11:47 AM

views 126

গুৱাহাটী প্ৰেছ ক্লাবৰ সাধাৰণ নিৰ্বাচনৰ ফলাফল ঘোষণা

গুৱাহাটী প্ৰেছ ক্লাবৰ সাধাৰণ নিৰ্বাচনৰ ফলাফল কালি ঘোষণা কৰা হয়। কালি পুৱা ৮ বজাৰ পৰা অনুষ্ঠিত এই ভোট গণনাৰ সন্ধিয়া সামৰণি পৰে। এই অনুসৰি জ্যেষ্ঠ সাংবাদিক খগেন কলিতা সভাপতি, অমৰেন্দ্ৰ ডেকা সাধাৰণ সম্পাদক পদত নির্বাচিত হয়। সহকাৰী সাধাৰণ সম্পাদক পদত শ্বাহ আলম, মহিলাৰ বাবে সংৰক্ষিত সহকাৰী সাধাৰণ সম্পাদক পদত পদ্মিনী হাজৰিকা, কোষাধ্যক্ষ পদত হিৰকজ্যোতি টাইড, সাংগঠনিক সম্পাদক পদত দীপাংকৰ কলিতা, সাংস্কৃতিক সম্পাদক পদত সমীৰণ বৰঠাকুৰ আৰু ক্রীড়া সম্পাদক পদত দীপাংকৰ দাস বিজয়ী হৈছে। ইতিপূর্বে উপ-সভাপতিৰ দুটা ...

May 25, 2025 7:16 PM

views 95

স্বেচ্ছাসেৱী সংগঠন পথিকৰ উদ্যোগত গুৱাহাটীত ধপাত বিৰোধী আৰু সেউজীয়া জীৱনৰ সজাগতা কার্যসূচী

স্বেচ্ছাসেৱী সংগঠন পথিকৰ উদ্যোগত আজি গুৱাহাটীত ধপাত বিৰোধী আৰু সেউজীয়া জীৱনৰ সজাগতা কার্যসূচী অনুষ্ঠিত হয়। পুৱা চাৰে ছয় বজাত ভাৰতীয় ক্রীড়া প্ৰাধিকৰণৰ ষ্টেডিয়ামৰ সন্মুখত গুৱাহাটী প্ৰেছ ক্লাৱৰ সভাপতি সুস্মিতা গোস্বামীয়ে চাইক্লথনৰ শুভাৰম্ভ কৰে। এই কাৰ্যসূচীত কেইবাগৰাকীও সাংবাদিকে অংশগ্ৰহণ কৰে। উল্লেখযোগ্য যে স্বেচ্ছাসেৱী সংস্থাটোৱে বিগত ২১ বছৰ ধৰি কৰ্কট ৰোগৰ লগতে কেইবাটাও দুৰাৰোগ্য ৰোগৰ ক্ষেত্ৰত সজাগতা সৃষ্টিৰ বাবে কাম কৰি আহিছে। বিগত বছৰৰ দৰে এইবাৰো সংস্থাটো ধপাত জাতীয় সামগ্ৰীৰ বিৰুদ্ধে সজ...

March 13, 2025 11:31 AM

views 63

গুৱাহাটী প্ৰেছ ক্লাৱৰ উদ্যোগত শনিবাৰে গুৱাহাটীত কৰ্মৰত সাংবাদিকসকলৰ ‘গান্ধাৰীৰ অভিশাপ’ নামৰ ভাওনা পৰিৱেশন

■ গুৱাহাটী প্ৰেছ ক্লাৱৰ উদ্যোগত গুৱাহাটীত কৰ্মৰত সাংবাদিকসকলে অহা ১৫ মার্চ শনিবাৰে গুৱাহাটীৰ পাঞ্জাবাৰীস্থিত শিল্পগ্রাম প্ৰাংগণত সন্ধিয়া ৬ বজাত গান্ধাৰীৰ অভিশাপ নামৰ এখনী ভাওনা পৰিৱেশন কৰিব। গণেশ গগৈৰ শকুনিৰ প্ৰতিশোধৰ আধাৰত মাতৃভাষাত ৰচিত এই ভাওনাখনৰ পৰিকল্পনা ঋতুপৰ্ণ দাসৰ আৰু পৰিচালনা ড০ দীপেন দাসৰ। গুৱাহাটীৰ বিভিন্ন বৈদ্যুতিন চেনেলৰ সাংবাদিকে অভিনয় কৰা এই ভাওনাখনিত ধৃতৰাষ্ট্ৰৰ চৰিত্ৰত অভিনয় কৰিছে মৃগাংক শ‍ইকীয়া, কৰ্ণ চৰিত্ৰত শোণিত কুমাৰ ভূঞা, শকুনি চৰিত্ৰত অভিজিৎ‍ গোস্বামী আৰু কৃষ্ণৰ চৰিত্...

November 14, 2024 12:52 PM

views 58

সমগ্ৰ দেশৰ লগতে অসমতো অহা ১৬ নৱেম্বৰত ৰাষ্ট্ৰীয় প্ৰেছ দিৱস উদযাপন কৰা হ’ব

সমগ্ৰ দেশৰ লগতে অসমতো অহা ১৬ নৱেম্বৰত ৰাষ্ট্ৰীয় প্ৰেছ দিৱস উদযাপন কৰা হ'ব। গুৱাহাটী প্ৰেছ ক্লাবৰ উদ্যোগত এই উপলক্ষে সেইদিনা দিনৰ ১১.৩০ বজাত ‘গণ মাধ্যমৰ পৰিৱৰ্তিত প্ৰেক্ষাপটঃ স্বাধীনতা আৰু বিশ্বাসযোগ্যতা’ শীৰ্ষক এটা বক্তৃতানুষ্ঠানৰ আয়োজন কৰা হৈছে। এই বক্তৃতা আগবঢ়াব বিশিষ্ট লেখক, সাংবাদিক অৰূপ কুমাৰ দত্তই।

November 8, 2024 8:45 PM

views 77

গুৱাহাটী প্ৰেছ ক্লাবত কাইলৈ লুইত-জিষ্ট কমিউনিকেচন এডুকেচনেল ট্ৰাষ্টৰ পিতৃ-মাতৃ বন্দনা সমাৰোহ

লুইত-জিষ্ট কমিউনিকেচন এডুকেচনেল ট্ৰাষ্টৰ উদ্যোগত কাইলৈ গুৱাহাটী প্ৰেছ ক্লাবত পিতৃ-মাতৃ বন্দনা সমাৰোহ অনুষ্ঠিত হ'ব। এই সমাৰোহ উপলক্ষে আই-পিতাইৰ মানসিক স্বাস্থ্য সজাগতা আৰু আমাৰ কৰ্তব্য শীর্ষক আলোচনাসভা আয়োজিত হ'ব। অনুষ্ঠানত ডেউকা শীর্ষক বার্ষিক মুখপত্ৰখনো উন্মোচন কৰা হ'ব। এই অনুষ্ঠান আয়োজন কৰাৰ বাবে লুইত-জিষ্ট কমিউনিকেচন এডুকেচনেল ট্রাষ্টক মুখ্যমন্ত্রী হিমন্ত বিশ্ব শৰ্মাই প্ৰশংসা কৰিছে।

October 22, 2024 8:20 PM

views 44

প্ৰেছ ক্লাবত আজি ভাষাৰ ওজা হেমচন্দ্ৰ বৰুৱা স্মাৰক বক্তৃতা অনুষ্ঠিত

দেৰগাঁও সাহিত্য সভাৰ শতবৰ্ষ উপলক্ষে গুৱাহাটী মহানগৰ উপ-সমিতিৰ উদ্যোগত আজি গুৱাহাটী প্ৰেছ ক্লাবত ভাষাৰ ওজা হেমচন্দ্ৰ বৰুৱা স্মাৰক বক্তৃতা অনুষ্ঠিত হয়। নিবন্ধকাৰ ড° প্ৰদ্যুম্ন গোস্বামীয়ে একবিংশ শতিকাত সপোনৰ অসম, সংশয়, প্ৰত্যাহ্বান আৰু সম্ভাৱনা বিষয়ত বক্তৃতা প্ৰদান কৰে। নিজৰ ভাষণত ড° গোস্বামীয়ে সপোনৰ অসমখন গঢ়ি তোলাৰ ক্ষেত্ৰত অৰ্থনৈতিক স্বাৱলম্বিতা প্ৰথম প্ৰয়োজন বুলি মন্তব্য কৰে। এই অনুষ্ঠানতে মুকুল কন্দলী সম্পাদিত আভিধানিক হেমচন্দ্ৰ বৰুৱা, জীৱন আৰু সাহিত্য নামৰ গ্ৰন্থখন উন্মোচন কৰা হয়।

July 2, 2024 8:04 PM

views 76

গুৱাহাটী প্ৰেছ ক্লাবত আজি সাংবাদিক সকলৰ বিনামূলীয়া স্বাস্থ্য পৰীক্ষা তথা মধুমেহ আৰু ৰক্তচাপ শিবিৰ অনুষ্ঠিত

অসম স্বাস্থ্যসেৱা সমবায় সমিতিৰ উদ্যোগত আৰু গুৱাহাটীৰ এখন ব্যক্তিগত চিকিৎসালয়ৰ সহযোগত গুৱাহাটী প্ৰেছ ক্লাবত আজি সাংবাদিক সকলৰ বাবে বিনামূলীয়া স্বাস্থ্য পৰীক্ষা তথা মধুমেহ আৰু ৰক্তচাপ শিবিৰ অনুষ্ঠিত হয়। এই শিবিৰত চিকিৎসক বিদুৎ বিকাশ চৌধুৰী আৰু কেইবাগৰাকীও চিকিৎসা কৰ্মীয়ে সেৱা আগবঢ়ায়। তদুপৰি জ্যেষ্ঠ চকুৰোগ বিশেষজ্ঞ ডা০ বিজুলী গোস্বামীয়ে সাংবাদিক সকলৰ চকু পৰীক্ষা কৰে। কমেও ৭৫ গৰাকী সাংবাদিকে এই শিবিৰত চকু আৰু স্বাস্থ্য পৰীক্ষা কৰোৱায়৷