স্বেচ্ছাসেৱী সংগঠন পথিকৰ উদ্যোগত আজি গুৱাহাটীত ধপাত বিৰোধী আৰু সেউজীয়া জীৱনৰ সজাগতা কার্যসূচী অনুষ্ঠিত হয়। পুৱা চাৰে ছয় বজাত ভাৰতীয় ক্রীড়া প্ৰাধিকৰণৰ ষ্টেডিয়ামৰ সন্মুখত গুৱাহাটী প্ৰেছ ক্লাৱৰ সভাপতি সুস্মিতা গোস্বামীয়ে চাইক্লথনৰ শুভাৰম্ভ কৰে। এই কাৰ্যসূচীত কেইবাগৰাকীও সাংবাদিকে অংশগ্ৰহণ কৰে। উল্লেখযোগ্য যে স্বেচ্ছাসেৱী সংস্থাটোৱে বিগত ২১ বছৰ ধৰি কৰ্কট ৰোগৰ লগতে কেইবাটাও দুৰাৰোগ্য ৰোগৰ ক্ষেত্ৰত সজাগতা সৃষ্টিৰ বাবে কাম কৰি আহিছে। বিগত বছৰৰ দৰে এইবাৰো সংস্থাটো ধপাত জাতীয় সামগ্ৰীৰ বিৰুদ্ধে সজাগতা সৃষ্টিৰ প্ৰয়াস কৰে। এই পদক্ষেপৰ অংশ হিচাপে অহা ১ জুনত গুৱাহাটী শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰৰ বাকৰিত চিত্রাংকন প্রতিযোগিতাৰ আয়োজন কৰা হৈছে।
Assamese | May 25, 2025 7:16 PM | Cyclothon | Guwahati Press Club
স্বেচ্ছাসেৱী সংগঠন পথিকৰ উদ্যোগত গুৱাহাটীত ধপাত বিৰোধী আৰু সেউজীয়া জীৱনৰ সজাগতা কার্যসূচী