ডিব্ৰুগড় জিলাৰ টেঙাখাতৰ অইল ইণ্ডিয়া লিমিটেডৰ আই টি এফত শুকুৰবাৰে সংঘটিত অগ্নিকাণ্ডত মৃত্যু হোৱা লোকৰ সংখ্যা ৬ লৈ বৃদ্ধি পাইছে। চিকিৎসাধীন অৱস্থাত কালি কুমুদ গগৈ আৰু গোলাপ দত্ত নামৰ দুজন লোকৰ মৃত্যু হয়। মৃত কুমুদ গগৈ টেঙাখাটৰ দীঘলীয়াৰ আৰু গোলাপ দত্ত উইলটনৰ বাসিন্দা আছিল বুলি জানিব পৰা গৈছে। ইয়াৰ আগেয়ে এই ঘটনাত আহত শৈলেন গগৈ নামৰ শ্ৰমিকজনৰ সোমবাৰে মৃত্যু হৈছিল। আমাৰ আগৰ বাতৰিতে কোৱা হৈছে যে অইলৰ ইণ্টাৰমিডিয়েট টেংক ফার্ম চমুকৈ আই টি এফত মেৰামতিৰ কাম চলি থকাৰ সময়তে খাৰুৱা তেলভর্তি এটা টেংকত অগ্নিসংযোগ ঘটি বিস্ফোৰণ হয়। এই দুৰ্ঘটনাত টেঙাখাত বৰদলনি গাঁৱৰ ৰাজু দত্ত নামৰ এগৰাকী কৰ্মচাৰীৰ থিতাতে মৃত্যু হয়। আনহাতে, গুৰুতৰভাৱে আহত তাপস গগৈৰ ডিব্ৰুগড়ৰ এখন ব্যক্তিগত চিকিৎসালয়ত মৃত্যু হয়। এই দুৰ্ঘটনাত গুৰুতৰভাৱে আহত ৰূপম গোহাঁই নামৰ আন এজন লোকৰ গুৱাহাটীৰ এখন ব্যক্তিগত চিকিৎসালয়ত মৃত্যু হয়। অগ্নিকাণ্ডত আহত আন এজন লোক চিকিৎসাধীন হৈ আছে।
Assamese | November 11, 2026 10:47 AM | Dibrugarh
ডিব্ৰুগড়ৰৰ অইল ইণ্ডিয়াৰ আই টি এফত সংঘটিত অগ্নিকাণ্ডত মৃত্যু হোৱা লোকৰ সংখ্যা ৬ লৈ বৃদ্ধি