September 2, 2026 8:45 PM

views 13

ডিব্ৰুগড় জিলা অতিৰিক্ত সত্ৰ ন্যায়াধীশৰ আদালতৰ  ৫ জন অপৰাধীক আজীৱন কাৰাদণ্ডৰে দণ্ডিত

ডিব্ৰুগড় জিলা অতিৰিক্ত সত্ৰ ন্যায়াধীশৰ আদালতে হত্যাৰ পৃথক পৃথক অভিযোগত অভিযুক্ত ৫ জন অপৰাধীক আজীৱন কাৰাদণ্ডৰে দণ্ডিত কৰাৰ লগতে এজনক ৪ বছৰৰ সশ্ৰম কাৰাদণ্ড ৰায় দিছে। ৰায়দান কৰা গোচৰসমূহৰ ভিতৰত ডিব্ৰুগড় থানা চৌহদত সংঘটিত এটা নৃশংস হত্যাকাণ্ডৰ গোচৰক বিশেষ গুৰুত্ব সহকাৰে লোৱা হয়৷

September 2, 2026 1:43 PM

views 23

ডিব্ৰুগড় জিলা অতিৰিক্ত সত্ৰ ন্যায়াধীশ আদালতত ৫ জন অপৰাধীক আজীৱন কাৰাদণ্ডৰে দণ্ডিত

ডিব্ৰুগড় জিলা অতিৰিক্ত সত্ৰ ন্যায়াধীশৰ আদালতে হত্যাৰ পৃথক পৃথক অভিযোগত অভিযুক্ত ৫ জন অপৰাধীক আজীৱন কাৰাদণ্ডৰে দণ্ডিত কৰাৰ লগতে এজনক ৪ বছৰৰ সশ্ৰম কাৰাদণ্ড ৰায় দিছে। ৰায়দান কৰা গোচৰসমূহৰ ভিতৰত ডিব্ৰুগড় থানা চৌহদত সংঘটিত এটা নৃশংস হত্যাকাণ্ডৰ গোচৰত বিশেষ গুৰুত্ব সহকাৰে লোৱা হয়। ডিব্ৰুগড় আৰক্ষীৰ কনিষ্টবল বিকি চেতিয়াই নিজৰ ছাৰ্ভিচ কাৰ্বাইনেৰে পত্নীক গুলীয়াই হত্যা কৰা গোচৰত চেতিয়াক যাৱজ্জীৱন কাৰাদণ্ড বিহা হৈছে। আন চাৰিটা গোচৰত ৰাজীৱ চুংকাং, দিপু মেচ, চুক্ৰাম মূৰা আৰু ৰাজু চেতিয়া নামৰ লোককেই...

July 30, 2026 12:15 PM

views 22

ডিব্ৰুগড়ত থকা ৰে’ল মন্ত্ৰালয়ৰ ১০ বিঘা ভূমিত বৃহৎ গাড়ী পার্কিং স্থান নিৰ্মাণ কৰা হ’ব

ডিব্ৰুগড়ত থকা ৰে'ল মন্ত্ৰালয়ৰ ১০ বিঘা ভূমিত বৃহৎ গাড়ী পার্কিং স্থান নিৰ্মাণ কৰা হ'ব। ৰে’ল মন্ত্রী অশ্বিনী বৈষ্ণৱে এই নিৰ্মাণৰ বাবে আজিৰ ভিতৰত জৰীপ সম্পূৰ্ণ কৰি কাম আৰম্ভ কৰাৰ বাবে ৰে’ল বিভাগক নির্দেশ দিছে। কালি ডিব্ৰুগড় পৌৰ নিগমৰ উপ-মেয়ৰ উজ্বল ফুকনে কালি ৰে'ল মন্ত্ৰীগৰাকীক কৰা সাক্ষাতৰ সময়ত মন্ত্ৰীগৰাকীয়ে এই কথা প্রকাশ কৰে। উল্লেখযোগ্য যে কেন্দ্রীয় মন্ত্রী সর্বানন্দ সোণোৱালৰ স্বাক্ষৰ সম্বলিত এখন পত্ৰ, উপ-মেয়ৰগৰাকীয়ে কালি ৰে'লমন্ত্ৰীগৰাকীক নতুন দিল্লীত সাক্ষাৎ কৰে। এই পত্ৰত ডিব্ৰুগড়ত থ...

July 18, 2026 7:43 PM

views 13

ডিব্ৰুগড়ত জ্ঞান বিজ্ঞান সমিতিৰ উদ্যোগত ৩৭ সংখ্যক প্ৰতিষ্ঠা দিৱস দিনজোৰা কাৰ্যসূচীৰে পালন

ডিব্ৰুগড় জিলাৰ মোহনবাৰী কামাখ্যাবাৰী চাহ-বাগিচা প্রাথমিক বিদ্যালয়ত লাহোৱাল খণ্ড জ্ঞান বিজ্ঞান সমিতিৰ উদ্যোগত ৩৭ সংখ্যক প্ৰতিষ্ঠা দিৱস দিনজোৰা কাৰ্যসূচীৰে পালন কৰা হয়। এই উপলক্ষে দুটা শাখাত ছাত্ৰ-ছাত্ৰীৰ মাজত চিত্রাঙ্কন প্রতিযোগিতাৰ লগতে কবিতা আবৃতি প্রতিযোগিতাৰ আয়োজন কৰা হয়। এই অনুষ্ঠানত কেইবাগৰাকীও বিশিষ্ট ব্যক্তি বঁটা বিতৰণি আৰু মুকলি সভাত উপস্থিত থাকে।

July 11, 2026 7:51 PM

views 18

ডিব্ৰুগড়ত গ্রীষ্মকালীন প্রশিক্ষণ অন্বেষণ কৰ্মশালাত অংশ লৈ ছাত্ৰ-ছাত্ৰীসকলৰ লগতে বিভিন্ন ক্ষেত্ৰৰ ব্যক্তিসকলৰ সৈতে মন্ত্রী বিমল বৰাৰ মত-বিনিময়

মন্ত্রী বিমল বৰাই আজি ডিব্ৰুগড় জিলাত অনুষ্ঠিত গ্রীষ্মকালীন প্রশিক্ষণ অন্বেষণ কৰ্মশালাত অংশ লৈ ছাত্ৰ-ছাত্ৰীসকলৰ লগতে বিভিন্ন ক্ষেত্ৰৰ ব্যক্তিসকলৰ সৈতে মত-বিনিময় কৰে। এই কৰ্মশালাত শিক্ষাৰ্থীসকলৰ কেৰিয়াৰ, বিশ্বব্যাপী সুযোগ আৰু যোগাযোগ দক্ষতাৰ গুৰুত্ব সম্পর্কে অভিজ্ঞ ব্যক্তিসকলে পৰামৰ্শ আগবঢ়ায়। এনেধৰণৰ বাস্তবমুখী অভিজ্ঞতাই শিক্ষাৰ্থীসকলক বিশ্বমানৰ দক্ষতা, আত্মবিশ্বাস, যোগাযোগ আৰু আন্তঃৰাষ্ট্ৰীয় কেৰিয়াৰৰ বাবে নিজকে সাজু কৰাত সহায় কৰিব বুলি মন্ত্ৰী শ্ৰীবৰাই আশা প্ৰকাশ কৰে।

July 8, 2026 1:13 PM

views 13

ৰাজ্যৰ চিকিৎসা, শিক্ষা আৰু গৱেষণা বিভাগৰ আয়ুক্ত সচিব ডা০ সিদ্ধার্থ সিঙৰ লেকাইত হ’বলগীয়া সম আন্তঃগাঁথনি আৰু প্ৰযুক্তি প্রতিষ্ঠান স্থাপনৰ বাবে প্ৰস্তাৱিত স্থান পৰিদৰ্শন

ৰাজ্য চৰকাৰৰ চিকিৎসা, শিক্ষা আৰু গৱেষণা বিভাগৰ আয়ুক্ত সচিব ডা০ সিদ্ধার্থ সিঙে জিলা আয়ুক্ত বিক্ৰম কৈৰী আৰু খোৱাঙৰ সমজিলা আয়ুক্ত জয়ন্ত চৰণ, অতিৰিক্ত জিলা আয়ুক্তৰ সৈতে লেকাইত হ'বলগীয়া অসম আন্তঃগাঁথনি আৰু প্ৰযুক্তি প্রতিষ্ঠান স্থাপনৰ বাবে প্ৰস্তাৱিত স্থান পৰিদৰ্শন কৰে। বিষয়াগৰাকীয়ে এই পৰিদৰ্শনকালত প্ৰস্তাৱিত ভূমিৰ উপযোগিতা, মূল্যায়ন আৰু প্ৰতিষ্ঠানটোৰ স্থাপনৰ বাবে অপৰিহাৰ্য বিভিন্ন বিষয় পর্যালোচনাৰ ক্ষেত্ৰত গুৰুত্ব আৰোপ কৰে। কাৰিকৰী শিক্ষাৰ আন্তঃগাঁথনি শক্তিশালী কৰাৰ লগতে গুৰুত্বপূৰ্ণ প্ৰকল...

July 8, 2026 12:46 PM

views 15

ডিব্ৰুগড় জিলাৰ যাত্ৰীসকলৰ সুবিধা আৰু সঠিক ভাৰা নিয়ন্ত্ৰণৰ অৰ্থে জিলা প্ৰশাসনৰ গুৰুত্বপূৰ্ণ পদক্ষেপ

ডিব্ৰুগড় জিলাৰ যাত্ৰীসকলৰ সুবিধা আৰু সঠিক ভাৰা নিয়ন্ত্ৰণৰ অৰ্থে জিলা প্ৰশাসনে গুৰুত্বপূৰ্ণ পদক্ষেপ গ্ৰহণ কৰিছে। চহৰখনত চলাচল কৰা ইলেকট্ৰনিক অটোৰিক্সাসমূহৰ বাবে ডিব্ৰুগড় আঞ্চলিক পৰিবহণ প্ৰাধিকৰণ ব’ৰ্ডে নতুন ভাৰাৰ তালিকাত অনুমোদন জনাইছে। ব'ৰ্ডৰ বৈঠকত গ্ৰহণ কৰা প্ৰস্তাৱ অনুসৰি নতুন ভাৰাৰ হাৰ নিশ্চিত কৰা হৈছে আৰু পৰৱৰ্তী নির্দেশনা জাৰি নোহোৱা পৰ্যন্ত এই নতুন নিয়ম বলৱৎ হ'ব। ডিব্ৰুগড় আঞ্চলিক পৰিবহণ প্ৰাধিকৰণ ব'ৰ্ডৰ এই নিয়ন্ত্ৰিত ভাৰাৰ তালিকাৰ ফলত এতিয়াৰে পৰা ই ভি অটোচালক আৰু যাত্ৰীৰ মাজত ভাৰাক ...

June 23, 2026 1:39 PM

views 19

ডিব্ৰুগড় জিলাৰ দুলীয়াজানত মাদক দ্রব্য বিৰোধী অভিযানত বুজন পৰিমাণৰ ভাং জব্দ

ডিব্ৰুগড় জিলাৰ দুলীয়াজানত মাদক দ্রব্য বিৰোধী অভিযান চলাই আৰক্ষীয়ে কালি বুজন পৰিমাণৰ ভাং জব্দ কৰিবলৈ সমৰ্থ হয়। দুলীয়াজান আৰক্ষীয়ে চলোৱা এই অভিযানত ৰে’ল গেটৰ সমীপৰ ইন্দ্ৰপুৰী গাঁৱৰ জান বৰুৱা নামৰ এজন লোকক আটক কৰাৰ লগতে লোকজনৰ পৰা প্ৰায় ডেৰ কিলোগ্ৰাম ওজনৰ ভাং জব্দ কৰে। অভিযুক্তৰ বিৰুদ্ধে গোচৰ ৰুজু কৰি আৰক্ষীয়ে অধিক তদন্ত অব্যাহত ৰাখিছে।

June 15, 2026 1:22 PM

views 18

ডিব্ৰুগড় আৰক্ষীয়ে মাদকদ্রব্য সৰবৰাহৰ সৈতে জড়িত কেইবাজনো লোকক আটক কৰাৰ লগতে বহু লক্ষাধিক টকা জব্দ কৰিছে

ডিব্ৰুগড় আৰক্ষীয়ে কালি টাউন ৰে'ল ষ্টেচনৰ বিপৰীত দিশে থকা এটা আবাসিক এলেকাত অভিযান চলাই মাদকদ্রব্য সৰবৰাহৰ সৈতে জড়িত কেইবাজনো লোকক আটক কৰাৰ লগতে বহু লক্ষাধিক টকা জব্দ কৰে৷ আৰক্ষীয়ে অভিযানৰ সময়ত মাদকদ্ৰব্য সৰবৰাহৰ সন্দেহত কেইবাজনো লোকক জিম্মাত লৈ সোধা-পোছা অব্যাহত ৰাখিছে। জিলাখনত চলি থকা মাদকদ্ৰব্যৰ বেহা সম্পূৰ্ণৰূপে উৎখাত কৰাৰ বাবে জিলা আৰক্ষীয়ে ধাৰাবাহিকভাৱে অভিযান চলাই আহিছে।

June 11, 2026 11:46 AM

views 32

ডিব্ৰুগড় চহৰত যান-বাহন চলাচল নিয়ন্ত্ৰণৰ ক্ষেত্ৰত বিশেষ নিৰ্দেশনা জাৰি

ডিব্ৰুগড় মহানগৰত বৃদ্ধি পোৱা যান-জঁটৰ সমস্যা আৰু আমোলাপট্টি উৰণ সেতু তথা মানকটা ৰোডৰ ৰে'লৱে অভীৰব্ৰীজ নিৰ্মাণ কাৰ্য চলি থকাৰ পৰপ্ৰেক্ষিতত ডিব্ৰুগড় চহৰত যান-বাহন চলাচল নিয়ন্ত্ৰণৰ ক্ষেত্ৰত বিশেষ নিৰ্দেশনা জাৰি কৰা হৈছে। কালি ডিব্ৰুগড় আয়ুক্ত আৰু জিলা পথ সুৰক্ষা সমিতিয়ে ডিব্ৰুগড় নগৰৰ ভিতৰতভাগত গধূৰ বাহন আৰু মজলীয়া বাহন চলাচল নিয়ন্ত্ৰণৰ বাবে এই নিৰ্দেশনা জাৰি কৰিছে। লোকনিৰ্মাণ বিভাগৰ পথ শাখাৰ পৰা পোৱা প্ৰতিবেদন অনুসৰি পথ নিৰ্মাণকাৰ্য চলি থকাৰ সময়ত যান-জঁট বৃদ্ধি আৰু পথ সুৰক্ষাৰ ক্ষেত্ৰত সৃষ...