ডিব্ৰুগড় জিলাৰ যাত্ৰীসকলৰ সুবিধা আৰু সঠিক ভাৰা নিয়ন্ত্ৰণৰ অৰ্থে জিলা প্ৰশাসনৰ গুৰুত্বপূৰ্ণ পদক্ষেপ

ডিব্ৰুগড় জিলাৰ যাত্ৰীসকলৰ সুবিধা আৰু সঠিক ভাৰা নিয়ন্ত্ৰণৰ অৰ্থে জিলা প্ৰশাসনে গুৰুত্বপূৰ্ণ পদক্ষেপ গ্ৰহণ কৰিছে। চহৰখনত চলাচল কৰা ইলেকট্ৰনিক অটোৰিক্সাসমূহৰ বাবে ডিব্ৰুগড় আঞ্চলিক পৰিবহণ প্ৰাধিকৰণ ব’ৰ্ডে নতুন ভাৰাৰ তালিকাত অনুমোদন জনাইছে।

ব’ৰ্ডৰ বৈঠকত গ্ৰহণ কৰা প্ৰস্তাৱ অনুসৰি নতুন ভাৰাৰ হাৰ নিশ্চিত কৰা হৈছে আৰু পৰৱৰ্তী নির্দেশনা জাৰি নোহোৱা পৰ্যন্ত এই নতুন নিয়ম বলৱৎ হ’ব।

ডিব্ৰুগড় আঞ্চলিক পৰিবহণ প্ৰাধিকৰণ ব’ৰ্ডৰ এই নিয়ন্ত্ৰিত ভাৰাৰ তালিকাৰ ফলত এতিয়াৰে পৰা ই ভি অটোচালক আৰু যাত্ৰীৰ মাজত ভাৰাক কেন্দ্ৰ কৰি সঘনাই হোৱা বাদ-বিবাদৰ অন্ত পৰিব বুলি আশা কৰা হৈছে।