September 24, 2026 4:00 PM

views 25

দেশৰ অন্যান্য প্ৰান্তৰ লগতে ধেমাজিতো ১৭ ছেপ্তেম্বৰৰ পৰা অহা ২ অক্টোবৰলৈকে ‘স্বচ্ছতাই সেৱা’ শীৰ্ষক স্বচ্ছ ভাৰত মিছনৰ কাৰ্যসূচী ৰূপায়িত

দেশৰ অন্যান্য প্ৰান্তৰ লগতে ধেমাজি জিলাতো যোৱা ১৭ ছেপ্তেম্বৰৰ পৰা অহা ২ অক্টোবৰলৈকে স্বচ্ছতাই সেৱা শীৰ্ষক স্বচ্ছ ভাৰত মিছনৰ কাৰ্যসূচী ৰূপায়িত হৈ আছে। প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ জন্মবার্ষিকী আৰু মোদীৰ সুশাসনৰ ২৫ বছৰীয়া কাৰ্যকালৰ লগত সংগতি ৰাখি সেৱা সংকল্প অভিযান উপলক্ষে স্বচ্ছতা কার্যসূচী ব্যাপক কৰি তোলাৰ উদ্দেশ্যে জিলাখনৰ বিভিন্ন বিভাগে ভালেসংখ্যক কাৰ্যসূচী গ্ৰহণ কৰিছে। জিলাখনৰ পঞ্চায়ত আৰু গ্রামোন্নয়ন বিভাগ, জনস্বাস্থ্য কাৰিকৰী বিভাগ, ধেমাজি পৌৰ সভা, শিক্ষা, স্বাস্থ্য আদি সকলো বিভাগেই এই ক...

September 12, 2026 5:46 PM

views 13

অসম চিকিৎসা মহাবিদ্যালয় আৰু চিকিৎসালয়ত আজি জলাতংক ৰোগৰ প্ৰতিষেধক অভিযান আৰম্ভ

অসম চিকিৎসা মহাবিদ্যালয় আৰু চিকিৎসালয়ত আজি জলাতংক ৰোগৰ প্ৰতিষেধক অভিযান আৰম্ভ কৰা হয়। ডিব্ৰুগড় পশুপালন আৰু পশু চিকিৎসা বিভাগৰ সহযোগত পশু কল্যাণমূলক বেচৰকাৰী সংস্থাৰ স্বেচ্ছাসেৱকসকলে এই অভিযান সম্পন্ন কৰে। উল্লেখযোগ্য যে পূৰ্বেও ৭০ টাৰো অধিক কুকুৰক টিকাকৰণ কৰাৰ পাছত আজি অসম চিকিৎসা মহাবিদ্যালয় চৌহদৰ বিভিন্ন গুৰুত্বপূৰ্ণ স্থানত ২০ টাতকৈ অধিক কুকুৰক এই টিকা দিয়া হয়। পশু কল্যাণ আৰু জনসুৰক্ষাৰ বাবে চিকিৎসালয় চৌহদত চলোৱা এই জলাতংক প্ৰতিৰোধী টিকাকৰণ অভিযানে গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছে।

September 10, 2026 3:24 PM

views 9

ধেমাজি জিলা উদ্যোগ আৰু বাণিজ্য কেন্দ্ৰই ঋণৰ নামত আবেদনকাৰীসকলৰ পৰা অবৈধ ধন দাবী আৰু উৎকোচ লোৱাৰ অভিযোগত সম জাতীয়তাবাদী যুৱ পৰিষদৰ বিক্ষোভ কাৰ্যসূচী

ধেমাজি জিলা উদ্যোগ আৰু বাণিজ্য কেন্দ্ৰই ঋণৰ নামত আবেদনকাৰীসকলৰ পৰা অবৈধ ধন দাবী আৰু উৎকোচ লোৱাৰ অভিযোগ তুলি আজি অসম জাতীয়তাবাদী যুৱ পৰিষদে বিভাগটোৰ বিৰুদ্ধে বিক্ষোভ কাৰ্যসূচী ৰূপায়ণ কৰে। বিভাগটোত ঋণৰ ফাইল প্রস্তুত, প্রজেক্ট ৰিপোৰ্ট তৈয়াৰ, বেংকৰ ফাইল প্ৰেৰণ কৰাৰ নামত নিবনুৱা যুৱক-যুৱতীসকলৰ পৰা ৩ হাজাৰৰ পৰা ১০ হাজাৰ টকা পৰ্যন্ত উৎকোচ দাবী কৰি অহা বুলি সংগঠনটোৱে অভিযোগ কৰে। সংগঠনটোৰ ভালেসংখ্যক সদস্যই এই প্রতিবাদী কাৰ্যসূচীত অংশ লয়।

September 10, 2026 12:52 PM

views 9

কাছাৰ আৰক্ষী অভিযানত ১৭ কুইণ্টল বার্মিজ আফুগুটি জব্দ

কাছাৰ আৰক্ষীয়ে যোৱা নিশা বাঁশকান্দি আৰক্ষী চকীৰ অধীনৰ আলগাপুৰৰ এটা গুদামত অভিযান চলাই ১৭ কুইণ্টল বার্মিজ আফুগুটি জব্দ কৰে। আৰক্ষীয়ে আফুগুটি সৰবৰাহৰ সৈতে জড়িত চাৰিজন লোকক গ্ৰেপ্তাৰ কৰিছে। জব্দ হোৱা আফুগুটিখিনি ক'ৰপৰা অনা হৈছিল, ইয়াৰ সৰবৰাহৰ সৈতে কোনো চক্র জড়িত আছে নেকি সেই সন্দৰ্ভত তদন্ত আৰম্ভ কৰিছে।

September 7, 2026 1:16 PM

views 14

৪৬ সংখ্যক নৰোৰাম বৰ্মন সোঁৱৰণী ফুটবল প্রতিযোগিতাত নৰ্থ-ইষ্ট ইউনাইটেড এফ চিৰ চূড়ান্ত বিজয়ীৰ সন্মান

৪৬ সংখ্যক নৰোৰাম বৰ্মন সোঁৱৰণী ফুটবল প্রতিযোগিতাত নৰ্থ-ইষ্ট ইউনাইটেড এফ চিয়ে চূড়ান্ত বিজয়ীৰ সন্মান লাভ কৰিছে। নলবাৰীৰ চামতা আঞ্চলিক ক্রীড়া সংঘৰ খেলপথাৰত কালি অনুষ্ঠিত খেলখনত নৰ্থ-ইষ্ট ইউনাইটেডে অইল ইণ্ডিয়া এফ চিক ৩-২ গ'লৰ ব্যৱধানত পৰাস্ত কৰে।

September 7, 2026 1:09 PM

views 9

মৰিগাঁৱৰ ভুৰাগাঁও হৰিচৰণ সৰকাৰ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ প্ৰাক্তন অধ্যক্ষ যজ্ঞৰাম নাথৰ দেহাৱসান

মৰিগাঁৱৰ ভুৰাগাঁও হৰিচৰণ সৰকাৰ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ প্ৰাক্তন অধ্যক্ষ যজ্ঞৰাম নাথৰ যোৱা নিশা নিজা বাসভৱনত দেহাৱসান ঘটে। মৃত্যুৰ সময়ত তেওঁৰ বয়স হৈছিল ৮৫ বছৰ। বিভিন্ন সামাজিক- সাংস্কৃতিক কামৰ সৈতে জড়িত থকা যজ্ঞৰাম নাথ আকাশবাণী গুৱাহাটীৰ আবেলিৰ বেলি শীৰ্ষক এটা অনুষ্ঠানৰ সৈতেও আছিল। তেওঁৰ মৃত্যুত অঞ্চলটোত শোকৰ ছাঁ পৰিছে।

September 4, 2026 6:05 PM

views 10

দক্ষিণ শালমাৰা মানকাচৰ জিলাৰ হাটশিঙিমাৰী মহাবিদ্যালয়ৰ পুখুৰীত মৃতদেহ উদ্ধাৰ

দক্ষিণ শালমাৰা মানকাচৰ জিলাৰ হাটশিঙিমাৰী মহাবিদ্যালয়ৰ পুখুৰীত আজি দিনৰভাগত এটা মৃতদেহ উদ্ধাৰ হয়। স্থানীয় লোকে মৃতদেহটো প্ৰত্যক্ষ কৰি আৰক্ষীক অৱগত কৰাত আৰক্ষীয়ে ততালিকে ঘটনাস্থলীত উপস্থিত হৈ মৃত দেহটো উদ্ধাৰ কৰি মৰণোত্তৰ পৰীক্ষাৰ বাবে ধুবুৰী অসামৰিক চিকিৎ‍সালয়লৈ প্ৰেৰণ কৰে। মৃত যুৱকজন মহাবিদ্যালয়ৰ কাষৰীয়া দাফাদাৰপাৰা গাঁৱৰ ছপিয়াল হুছেইন বুলি চিনাক্ত কৰা হৈছে। যুৱকজনে যোৱা নিশা মহাবিদ্যালয়খনত অনুষ্ঠিত নৱাগত আদৰণি সভাৰ সাংস্কৃতিক অনুষ্ঠানত অংশ লৈছিল বুলি পৰিয়ালৰ সূত্ৰই প্ৰকাশ কৰিছে। আৰক্ষ...

September 2, 2026 8:45 PM

views 20

ডিব্ৰুগড় জিলা অতিৰিক্ত সত্ৰ ন্যায়াধীশৰ আদালতৰ  ৫ জন অপৰাধীক আজীৱন কাৰাদণ্ডৰে দণ্ডিত

ডিব্ৰুগড় জিলা অতিৰিক্ত সত্ৰ ন্যায়াধীশৰ আদালতে হত্যাৰ পৃথক পৃথক অভিযোগত অভিযুক্ত ৫ জন অপৰাধীক আজীৱন কাৰাদণ্ডৰে দণ্ডিত কৰাৰ লগতে এজনক ৪ বছৰৰ সশ্ৰম কাৰাদণ্ড ৰায় দিছে। ৰায়দান কৰা গোচৰসমূহৰ ভিতৰত ডিব্ৰুগড় থানা চৌহদত সংঘটিত এটা নৃশংস হত্যাকাণ্ডৰ গোচৰক বিশেষ গুৰুত্ব সহকাৰে লোৱা হয়৷

September 2, 2026 6:05 PM

views 28

অসম অৰুণাচল সীমান্তৰ হিংসাত্মক ঘটনাৰ প্ৰতিবাদত ধেমাজিত দল সংগঠনৰ প্রতিবাদী কাৰ্যসূচী অব্যাহত

অসম অৰুণাচল সীমান্তৰ মিংমাং বদতিত যোৱা ১০ আগষ্টত সংঘটিত হিংসাত্মক ঘটনাৰ প্ৰতিবাদত ধেমাজিত দল সংগঠনে প্রতিবাদী কাৰ্যসূচী অব্যাহত ৰাখিছে। জিলাখনৰ ৭ টা জাতীয় সংগঠনৰ যৌথ মঞ্চ- ধেমাজী ঐক্যমঞ্চই স্থানীয় ৰাইজৰ সহযোগত আজি কাছাৰী ময়দানৰ সন্মুখত ৰাজহুৱা মুণ্ডন আৰু অৱস্থান ধৰ্মঘট কাৰ্যসূচী ৰূপায়ণ কৰে। প্ৰতিবাদকাৰীসকলে এই ঘটনাৰে জড়িত দুর্বৃত্তক শীঘ্ৰে গ্ৰেপ্তাৰ, অসম অৰুণাচলৰ সীমা সমস্যাৰ সমাধান, অসমৰ মাটিত স্থাপন কৰা অৰুণাচলৰ নিৰাপত্তাৰক্ষীৰ শিবিৰ স্থানান্তৰকৰণ, আন্তৰাজ্যিক সীমা অঞ্চলত বাস কৰা অসমৰ প্ৰ...

August 13, 2026 5:23 PM

views 13

শোণিতপুৰ জিলাৰ চাৰি দুৱাৰ আৰক্ষী থানাৰ অন্তৰ্গত বি চি টি ৰোডৰ প্ৰায় ৩৬ কিলোমিটাৰ অংশত পুনৰ যানবাহনৰ চলাচল আৰম্ভ

শোণিতপুৰ জিলাৰ চাৰি দুৱাৰ আৰক্ষী থানাৰ অন্তৰ্গত বি চি টি ৰোডৰ প্ৰায় ৩৬ কিলোমিটাৰ অংশত পুনৰ যানবাহনৰ চলাচল আৰম্ভ হৈছে। পথছোৱাত নিৰাপদ যাতায়াতৰ পৰিৱেশ পুনৰ ঘূৰি অহাৰ পৰিপ্ৰেক্ষিতত শোণিতপুৰ জিলা দুর্যোগ ব্যৱস্থাপনা প্রাধীকৰণে পূৰ্বৰ নিষেধাজ্ঞা তাৎক্ষণিকভাৱে বলৱৎ হোৱাকৈ প্ৰত্যাহাৰ কৰিছে। উল্লেখযোগ্য যে যোৱা ১২ আগষ্টত প্ৰাধীকৰণে এই পথছোৱাত যানবাহনৰ চলাচল সাময়িকভাৱে বন্ধ কৰি দিছিল। অৱশ্যে পথছোৱা বৰ্তমান পুনৰ মুকলি কৰা হৈছে যদিও বৰ্তমানলৈকে এই পথছোৱাৰে গাড়ী-মটৰ চলাচলৰ ক্ষেত্ৰত কিছু নিশেধাজ্ঞা আৰোপ ...