July 17, 2026 6:19 PM

views 11

দক্ষিণ শালমাৰা জিলাৰ মানকাচৰৰ সুখচৰ থানাৰ অন্তৰ্গত ফাত্তাপাৰা গাঁৱত বিদ্যুৎপৃষ্ট হৈ এটি ৯ বছৰীয়া শিশুৰ মৃত্যু

দক্ষিণ শালমাৰা জিলাৰ মানকাচৰৰ সুখচৰ থানাৰ অন্তৰ্গত ফাত্তাপাৰা গাঁৱত বিদ্যুৎপৃষ্ট হৈ এটি ৯ বছৰীয়া শিশুৰ মৃত্যু হোৱাৰ লগতে শিশুটিৰ পিতৃ গুৰুতৰভাৱে আহত হয়। বিদ্যুৎপৃষ্ট হৈ মৃত্যু হোৱা শিশুটি আর্মান হুছেইন বুলি জানিব পৰা গৈছে। ইফালে আহত শিশুটিৰ পিতৃ জুলফিকাৰ হুছেইন হাতশিঙিমাৰী জিলা চিকিৎসালয়ত চিকিৎসাধীন হৈ আছে। খেলি থকা অৱস্থাতে চিগি থকা বিদ্যুৎ তাঁৰৰ সংস্পৰ্শলৈ আহি শিশুটি বিদ্যুৎপৃষ্ট হয় আৰু শিশুটিক বচাবলৈ গৈ বিদ্যুত্ৰ সংস্পৰ্শলৈ অহাত পিতৃয়েও আহত হয়।

July 17, 2026 12:51 PM

views 19

ৰাজ্য চৰকাৰৰ সাংস্কৃতিক পৰিক্ৰমা বিভাগৰ উদ্যোগত আৰু ডিমৌ সমজিলা আয়ুক্ত কাৰ্যালয়ৰ সহযোগত ১৫ দিনীয়া গ্রীষ্মকালীন নাট কর্মশালাৰ শুভাৰম্ভ

ৰাজ্য চৰকাৰৰ সাংস্কৃতিক পৰিক্ৰমা বিভাগৰ উদ্যোগত আৰু ডিমৌ সমজিলা আয়ুক্ত কাৰ্যালয়ৰ সহযোগত ডিমৌৰ নৃত্যালয়ৰ ব্যৱস্থাপনাত কালি ১৫ দিনীয়া গ্রীষ্মকালীন নাট কর্মশালাৰ শুভাৰম্ভ কৰা হয়। ডিমৌ জ্যোতি-বিষ্ণু সাংস্কৃতিক প্রকল্পত আয়োজিত এই কর্মশালাখন ডিমৌ সমজিলাৰ আয়ুক্ত লুকুমণি বৰাই উদ্বোধন কৰে। কৰ্মশালাত দুলুমণি বৰদলৈ আৰু বিদ্যাসাগৰ চেতিয়াকে ধৰি কেইবাগৰাকী অভিজ্ঞ প্রশিক্ষকে ছাত্ৰ-ছাত্ৰীসকলক প্রশিক্ষণ দিব। এই কৰ্মশালাৰ সামৰণিত ডিমৌৰ গকুলবন উদ্যানত প্ৰশিক্ষাৰ্থীসকলৰ অংশগ্রহণেৰে এখন নাটক মঞ্চস্থ কৰা হ'ব।

July 13, 2026 6:59 PM

views 24

ৰাজ্যৰ অনুসূচিত জাতি আৰু পিছপৰা শ্ৰেণী কল্যাণ সঞ্চালকালয়ৰ জলপানিৰ বাবে আবেদন আহ্বান

ৰাজ্যৰ অনুসূচিত জাতি আৰু পিছপৰা শ্ৰেণী কল্যাণ সঞ্চালকালয়ে ২০২৬-২৭ শিক্ষাবৰ্ষৰ অন্যান্য পিছপৰা শ্ৰেণী, অর্থনৈতিকভাৱে পিছপৰা শ্ৰেণী আৰু ডি-ন'টিফাইড ট্রাইব শ্ৰেণীৰ যোগ্য ছাত্ৰ-ছাত্ৰীৰ বাবে প্ৰাক্-মেট্ৰিক আৰু মেট্ৰিক পৰীক্ষাৰ পাছৰ জলপানিৰ আবেদন আহ্বান কৰিছে। আবেদনসমূহ ৰাষ্ট্ৰীয় জলপানি পোৰ্টেলৰ জৰিয়তে গ্ৰহণ কৰা হৈছে। ১ জুনৰ পৰা আৰম্ভ হোৱা জলপানিৰ বাবে আবেদনৰ অন্তিম তাৰিখ হৈছে ৩০ ছেপ্তেম্বৰ৷

July 13, 2026 6:56 PM

views 17

দক্ষিণ শালমাৰা মানকাচৰ জিলাৰ জিলা কৃষি বিষয়াৰ কাৰ্যালয়ত এ আই এফ আঁচনি সন্দৰ্ভত এখন সজাগতা সভা

দক্ষিণ শালমাৰা মানকাচৰ জিলাৰ জিলা কৃষি বিষয়াৰ কাৰ্যালয়ত আজি কৃষি আন্তঃগাঁথনি পুঁজি চমুকৈ এ আই এফ আঁচনি সন্দৰ্ভত এখন সজাগতা সভা অনুষ্ঠিত হয়। সভাত কৃষকসকলক এ আই এফ আঁচনিৰ সুবিধা, আবেদন পদ্ধতা, আৰু এই আঁচনিৰ জৰিয়তে লাভ কৰিব পৰা সুবিধাসমূহৰ বিষয়ে অৱগত কোৱা হয়। অনুষ্ঠানত কৃষক, কৃষক উৎপাদক সংগঠন আৰু কৃষি উদ্যমীসকলে অংশগ্ৰহণ কৰে। ভার্চুৱেল মাত বিনিময়ৰ জৰিয়তে কৃষকসকলে আঁচনিৰ বিভিন্ন বিষয় সন্দৰ্ভত জানিবলৈ সুবিধা লাভ কৰে। জিলা কৃষি বিষয়া আৰু কৃষি অভিযন্তাই কৃষকসকলক কৃষি আন্তঃগাঁথনি উন্নয়ন, শস্য...

July 13, 2026 6:42 PM

views 20

অৰুণাচল আৰু উজনি অসমত হোৱা প্ৰবল বৰষুণৰ ফলত ৰঙানদীৰ জলস্তৰ বৃদ্ধি

অৰুণাচল আৰু উজনি অসমত হোৱা প্ৰবল বৰষুণৰ ফলত ৰঙানদীৰ জলস্তৰ বৃদ্ধি পাইছে। জিলা দুর্যোগ প্রশমন বিভাগে বানৰ আশংকাত লখিমপুৰ জিলাত সতর্কতা জাৰি কৰিছে। প্ৰশাসনে ১৫ নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথেৰে যাতায়াত কৰোতে ৰাইজক সতৰ্ক হৈ থাকিবলৈ আহ্বান জনাইছে। ইপিনে, সোৱণশিৰি নদীৰো জলস্তৰ বৃদ্ধি হোৱাৰ পৰিপ্ৰেক্ষিতত ধেমাজি জিলা প্ৰশাসনে সতর্কতা জাৰি কৰিছে। সোৱণশিৰিৰ উৎস আৰু অৰুণাচল প্ৰদেশত হোৱা ধাৰাষাৰ বৰষুণৰ ফলত বৃদ্ধি হোৱা জলস্তৰৰ ফলত ধন-জন ক্ষতিৰ আশংকাত সোৱণশিৰি নদী বা ইয়াৰ দাঁতিকাষৰীয়া অঞ্চলত বাস কৰা বাসিন্দাসকলক ...

July 13, 2026 6:38 PM

views 20

চৰাইদেউ জিলাৰ লাকুৱা বাগান তিনিআলিৰ ভাজনী পথাৰত অ’এন জি চিৰ গেছ পৰিবাহী পাইপলাইন ফাটি কালি নিশাৰ পৰা গেছ নিৰ্গত হৈ থকা ঘটনাই অঞ্চলটোত আতংকৰ সৃষ্টি কৰিছে

চৰাইদেউ জিলাৰ লাকুৱা বাগান তিনিআলিৰ ভাজনী পথাৰত অ' এন জি চিৰ গেছ পৰিবাহী পাইপলাইন ফাটি কালি নিশাৰ পৰা গেছ নিৰ্গত হৈ থকা ঘটনাই অঞ্চলটোত আতংকৰ সৃষ্টি কৰিছে। অ' এন জি চিৰ লাকুৱা তৈল ক্ষেত্ৰৰ অন্তৰ্গত বাগান তিনিআলিৰ কিষ্ট বস্তি নিবাসী জীতেন কাহাৰ নামৰ লোকজনৰ বাৰীত পাইপ ফাটি গেছ নিৰ্গত হয় আৰু নিশাৰ ভাগত গেছৰ শব্দ আৰু গোন্ধ বিয়পি পৰে। অঞ্চলটোৰ ৰাইজে অগ্নিকাণ্ড আৰু বিস্ফোৰণৰ আশংকাত কৰ্তৃপক্ষক খবৰ দিয়াত আজি দিনৰ ভাগত অ' এন জি চিৰ এটা কাৰিকৰী দল ঘটনাস্থলীত উপস্থিত হয়। কর্তৃপক্ষই মাটি খান্দি গেছ নির্গ...

July 13, 2026 6:16 PM

views 17

মুখ্যমন্ত্ৰীৰ আন্তৰ্জাতিক অসম অভিযান দ্বিতীয় পৰ্যায়ৰ হিতাধিকাৰীসকলৰ বাবে প্রশিক্ষণ কার্যসূচী অনুষ্ঠিত

মুখ্যমন্ত্ৰীৰ আন্তৰ্জাতিক অসম অভিযান দ্বিতীয় পৰ্যায়ৰ হিতাধিকাৰীসকলৰ বাবে আজি এটা প্রশিক্ষণ কার্যসূচী অনুষ্ঠিত হয়। ওদালগুৰি জিলাৰ টংলা মহাবিদ্যালয়ত অনুষ্ঠিত এই ই ডি পি প্রশিক্ষণ কাৰ্যসূচীত হিতাধিকাৰীসকলৰ বাবে জ্ঞান আহৰণৰ সুযোগ সৃষ্টি, উদ্যোগিকৰণৰ দক্ষতা বৃদ্ধি কৰা আৰু আত্মনিৰ্ভৰশীল কৰি গঢ়ি তোলাৰ শিক্ষা প্ৰদান কৰা হয়। অনুষ্ঠানত জিলা আয়ুক্ত পুলক পাটগিৰিকে ধৰি টংলা মহাবিদ্যালয়ৰ অধ্যক্ষ ড০ প্ৰসেন দৈমাৰী উপস্থিত থাকে।

July 13, 2026 6:11 PM

views 15

বিশ্বনাথৰ গহপুৰত বিধায়ক উৎপল বৰাই চুতীয়া উন্নয়ন পৰিষদৰ পুঁজিৰ দ্বাৰা এটা অতিথি গৃহ নিৰ্মাণৰ আধাৰশিলা স্থাপন কৰে

বিশ্বনাথ জিলাৰ গহপুৰত বিধায়ক উৎপল বৰাই আজি চুতীয়া উন্নয়ন পৰিষদৰ পুঁজিৰ দ্বাৰা এটা অতিথি গৃহ নিৰ্মাণৰ আধাৰশিলা স্থাপন কৰে। বিৰাংগনা সতী সাধনী সমন্বয় ক্ষেত্ৰত স্থাপন কৰা এই অতিথি গৃহৰ লগতে প্রয়াত কোষেশ্বৰ বৰুৱা গ্ৰন্থাগাৰ আৰু প্ৰতিমূৰ্তি নিৰ্মাণৰ আধাৰশিলাও স্থাপন কৰা হয়। এই অনুষ্ঠানত চুতীয়া উন্নয়ন পৰিষদৰ অধ্যক্ষ কুল কমল বৰুৱাৰ লগতে পৰিষদৰ অন্যান্য বিষয়ববীয়া আৰু ভালেসংখ্যক লোকে অংশগ্রহণ কৰে৷

July 11, 2026 6:51 PM

views 14

শিৱসাগৰৰ ডিমৌ পৌৰসভাৰ উদ্যোগত ‘প্ৰতিঘৰ স্বচ্ছ, প্ৰতিঘৰ সুস্থ’ শীৰ্ষক ৪ মাহজোৰা স্বচ্ছতা অভিযান মুকলি

শিৱসাগৰ জিলাৰ ডিমৌ পৌৰসভাৰ উদ্যোগত ‘প্ৰতিঘৰ স্বচ্ছ, প্ৰতিঘৰ সুস্থ’ শীৰ্ষক ৪ মাহজোৰা স্বচ্ছতা অভিযান আজি জলসম্পদ আৰু ন্যায়িক বিভাগৰ মন্ত্ৰী সুশান্ত বৰগোহাঁইয়ে মুকলি কৰে। মন্ত্ৰীগৰাকীয়ে নগৰখন পৰিষ্কাৰ-পৰিচ্ছন্ন কৰি ৰখাৰ ক্ষেত্ৰত জনসাধাৰণৰ সক্ৰিয় সহযোগিতা কামনা কৰে। তেওঁ কয়, যে এই অভিযানৰ জৰিয়তে পৌৰসভাৰ প্ৰতিটো ৱাৰ্ড আৰু প্ৰতিটো ঘৰ পৰিষ্কাৰ-পৰিচ্ছন্ন কৰি ৰখাৰ বাবে সু-সংগঠিত পৰিকল্পনা ৰূপায়ণ কৰা হ'ব। অভিযানৰ অন্তত স্বচ্ছতাৰ মানৰ ভিত্তিত শ্ৰেষ্ঠ ৱাৰ্ড আৰু শ্ৰেষ্ঠ পৰিয়ালক ডিমৌ পৌৰসভাৰ তৰফৰ পৰা...

July 11, 2026 6:20 PM

views 13

বিভিন্ন প্রতিযোগিতামূলক পৰীক্ষাৰ বাবে ছাত্ৰ-ছাত্ৰীসকলক প্ৰস্তুত কৰি তোলাৰ বাবে তামুলপুৰ বাণিজ্য মহাবিদ্যালয়ত আজিৰে পৰা মাহযোৰা বিনামুলীয়া প্ৰশিক্ষণ শিবিৰ অনুষ্ঠিত

বিভিন্ন প্রতিযোগিতামূলক পৰীক্ষাৰ বাবে ছাত্ৰ-ছাত্ৰীসকলক প্ৰস্তুত কৰি তোলাৰ বাবে তামুলপুৰ বাণিজ্য মহাবিদ্যালয়ত আজিৰে পৰা মাহযোৰা বিনামুলীয়া প্ৰশিক্ষণ শিবিৰ অনুষ্ঠিত হৈছে। তামুলপুৰৰ বিধায়ক তথা মন্ত্রী বিশ্বজিৎ দৈমাৰীৰ উদ্যোগত আয়োজিত এই প্রশিক্ষণ শিবিৰত অসম প্ৰত্যক্ষ নিয়োগ পৰীক্ষা, অসম আৰক্ষী, বন বিভাগ আদিকে ধৰি বিভিন্ন প্রতিযোগিতামূলক পৰীক্ষাৰ বাবে ছাত্ৰ-ছাত্ৰীসকলক সাজু কৰি তোলাৰ প্ৰয়াস কৰা হৈছে। এই শিবিৰ উদ্বোধন কৰি মন্ত্ৰী শ্ৰীদৈমাৰীয়ে এই বিনামুলীয়া প্রশিক্ষণে স্থানীয় ছাত্র-ছাত্রীসকলক প্...