September 2, 2026 6:05 PM

views 31

অসম অৰুণাচল সীমান্তৰ হিংসাত্মক ঘটনাৰ প্ৰতিবাদত ধেমাজিত দল সংগঠনৰ প্রতিবাদী কাৰ্যসূচী অব্যাহত

অসম অৰুণাচল সীমান্তৰ মিংমাং বদতিত যোৱা ১০ আগষ্টত সংঘটিত হিংসাত্মক ঘটনাৰ প্ৰতিবাদত ধেমাজিত দল সংগঠনে প্রতিবাদী কাৰ্যসূচী অব্যাহত ৰাখিছে। জিলাখনৰ ৭ টা জাতীয় সংগঠনৰ যৌথ মঞ্চ- ধেমাজী ঐক্যমঞ্চই স্থানীয় ৰাইজৰ সহযোগত আজি কাছাৰী ময়দানৰ সন্মুখত ৰাজহুৱা মুণ্ডন আৰু অৱস্থান ধৰ্মঘট কাৰ্যসূচী ৰূপায়ণ কৰে। প্ৰতিবাদকাৰীসকলে এই ঘটনাৰে জড়িত দুর্বৃত্তক শীঘ্ৰে গ্ৰেপ্তাৰ, অসম অৰুণাচলৰ সীমা সমস্যাৰ সমাধান, অসমৰ মাটিত স্থাপন কৰা অৰুণাচলৰ নিৰাপত্তাৰক্ষীৰ শিবিৰ স্থানান্তৰকৰণ, আন্তৰাজ্যিক সীমা অঞ্চলত বাস কৰা অসমৰ প্ৰ...

August 13, 2026 5:23 PM

views 14

শোণিতপুৰ জিলাৰ চাৰি দুৱাৰ আৰক্ষী থানাৰ অন্তৰ্গত বি চি টি ৰোডৰ প্ৰায় ৩৬ কিলোমিটাৰ অংশত পুনৰ যানবাহনৰ চলাচল আৰম্ভ

শোণিতপুৰ জিলাৰ চাৰি দুৱাৰ আৰক্ষী থানাৰ অন্তৰ্গত বি চি টি ৰোডৰ প্ৰায় ৩৬ কিলোমিটাৰ অংশত পুনৰ যানবাহনৰ চলাচল আৰম্ভ হৈছে। পথছোৱাত নিৰাপদ যাতায়াতৰ পৰিৱেশ পুনৰ ঘূৰি অহাৰ পৰিপ্ৰেক্ষিতত শোণিতপুৰ জিলা দুর্যোগ ব্যৱস্থাপনা প্রাধীকৰণে পূৰ্বৰ নিষেধাজ্ঞা তাৎক্ষণিকভাৱে বলৱৎ হোৱাকৈ প্ৰত্যাহাৰ কৰিছে। উল্লেখযোগ্য যে যোৱা ১২ আগষ্টত প্ৰাধীকৰণে এই পথছোৱাত যানবাহনৰ চলাচল সাময়িকভাৱে বন্ধ কৰি দিছিল। অৱশ্যে পথছোৱা বৰ্তমান পুনৰ মুকলি কৰা হৈছে যদিও বৰ্তমানলৈকে এই পথছোৱাৰে গাড়ী-মটৰ চলাচলৰ ক্ষেত্ৰত কিছু নিশেধাজ্ঞা আৰোপ ...

July 29, 2026 1:01 PM

views 27

ধেমাজি জিলা আৰক্ষীৰ অভিযানতই ভালেসংখ্যক গৰুসহ ৪খন বাহন জব্দ

ধেমাজি জিলা আৰক্ষীয়ে কালি জিলাখনৰ দুটা স্থানত অভিযান চলাই ভালেসংখ্যক গৰুসহ চাৰিখন বাহন জব্দ কৰে। জিলাখনৰ বিভিন্ন ঠাইত নীতি বহির্ভূতভাৱে গৰুৰ অবৈধ বেচা-কিনা চলি থকাৰ পৰিপ্ৰেক্ষিতত আৰক্ষীয়ে এই অভিযান চলাই গৰুভৰ্তি বাহনকেইখন জব্দ কৰে।

July 17, 2026 6:30 PM

views 26

কাইলৈ নিশা ৮ বাজি ২ মিনিটত আকাশবাণীৰ ‘দৃষ্টিপাত’ অনুষ্ঠান ‘স্কুল বেগৰ বোজা : শিশুৰ সোণালী শৈশৱৰ হেঙাৰ’ বিষয়ক লাইভ ফ’ন ইন অনুষ্ঠান

আকাশবাণী গুৱাহাটীৰ বাতৰি বিভাগৰ দৃষ্টিপাত অনুষ্ঠানত কাইলৈ নিশা ৮ বাজি ২ মিনিটত ‘স্কুল বেগৰ বোজা : শিশুৰ সোণালী শৈশৱৰ হেঙাৰ’ বিষয়ক এটি লাইভ ফ'ন ইন অনুষ্ঠান প্ৰচাৰ কৰা হ'ব। অনুষ্ঠানত ভাগ ল’ব শিশু ৰোগ বিশেষজ্ঞ, লেখক তথা অসম জাতীয় বিদ্যালয় শিক্ষা সংসদৰ সচিব ডাঃ নাৰায়ণ শৰ্মা আৰু অসম ৰাজ্যিক প্রাথমিক শিক্ষক সন্মিলনীৰ প্ৰধান সম্পাদক তথা অখিল ভাৰতীয় প্ৰাথমিক শিক্ষক সংঘৰ কাৰ্যকৰী সভাপতি ৰাতুল গোস্বামীয়ে। অনুষ্ঠান চলি থকাৰ সময়ত শ্ৰোতাসকলে ৯৪৩৫৪-০৫২২৩ আৰু ০৩৬১-২৬৬১৮৭৬ এই দুটা নম্বৰত ফোন কৰি সমল ব্যক...

July 17, 2026 6:19 PM

views 21

দক্ষিণ শালমাৰা জিলাৰ মানকাচৰৰ সুখচৰ থানাৰ অন্তৰ্গত ফাত্তাপাৰা গাঁৱত বিদ্যুৎপৃষ্ট হৈ এটি ৯ বছৰীয়া শিশুৰ মৃত্যু

দক্ষিণ শালমাৰা জিলাৰ মানকাচৰৰ সুখচৰ থানাৰ অন্তৰ্গত ফাত্তাপাৰা গাঁৱত বিদ্যুৎপৃষ্ট হৈ এটি ৯ বছৰীয়া শিশুৰ মৃত্যু হোৱাৰ লগতে শিশুটিৰ পিতৃ গুৰুতৰভাৱে আহত হয়। বিদ্যুৎপৃষ্ট হৈ মৃত্যু হোৱা শিশুটি আর্মান হুছেইন বুলি জানিব পৰা গৈছে। ইফালে আহত শিশুটিৰ পিতৃ জুলফিকাৰ হুছেইন হাতশিঙিমাৰী জিলা চিকিৎসালয়ত চিকিৎসাধীন হৈ আছে। খেলি থকা অৱস্থাতে চিগি থকা বিদ্যুৎ তাঁৰৰ সংস্পৰ্শলৈ আহি শিশুটি বিদ্যুৎপৃষ্ট হয় আৰু শিশুটিক বচাবলৈ গৈ বিদ্যুত্ৰ সংস্পৰ্শলৈ অহাত পিতৃয়েও আহত হয়।

July 17, 2026 12:51 PM

views 27

ৰাজ্য চৰকাৰৰ সাংস্কৃতিক পৰিক্ৰমা বিভাগৰ উদ্যোগত আৰু ডিমৌ সমজিলা আয়ুক্ত কাৰ্যালয়ৰ সহযোগত ১৫ দিনীয়া গ্রীষ্মকালীন নাট কর্মশালাৰ শুভাৰম্ভ

ৰাজ্য চৰকাৰৰ সাংস্কৃতিক পৰিক্ৰমা বিভাগৰ উদ্যোগত আৰু ডিমৌ সমজিলা আয়ুক্ত কাৰ্যালয়ৰ সহযোগত ডিমৌৰ নৃত্যালয়ৰ ব্যৱস্থাপনাত কালি ১৫ দিনীয়া গ্রীষ্মকালীন নাট কর্মশালাৰ শুভাৰম্ভ কৰা হয়। ডিমৌ জ্যোতি-বিষ্ণু সাংস্কৃতিক প্রকল্পত আয়োজিত এই কর্মশালাখন ডিমৌ সমজিলাৰ আয়ুক্ত লুকুমণি বৰাই উদ্বোধন কৰে। কৰ্মশালাত দুলুমণি বৰদলৈ আৰু বিদ্যাসাগৰ চেতিয়াকে ধৰি কেইবাগৰাকী অভিজ্ঞ প্রশিক্ষকে ছাত্ৰ-ছাত্ৰীসকলক প্রশিক্ষণ দিব। এই কৰ্মশালাৰ সামৰণিত ডিমৌৰ গকুলবন উদ্যানত প্ৰশিক্ষাৰ্থীসকলৰ অংশগ্রহণেৰে এখন নাটক মঞ্চস্থ কৰা হ'ব।

July 13, 2026 6:59 PM

views 34

ৰাজ্যৰ অনুসূচিত জাতি আৰু পিছপৰা শ্ৰেণী কল্যাণ সঞ্চালকালয়ৰ জলপানিৰ বাবে আবেদন আহ্বান

ৰাজ্যৰ অনুসূচিত জাতি আৰু পিছপৰা শ্ৰেণী কল্যাণ সঞ্চালকালয়ে ২০২৬-২৭ শিক্ষাবৰ্ষৰ অন্যান্য পিছপৰা শ্ৰেণী, অর্থনৈতিকভাৱে পিছপৰা শ্ৰেণী আৰু ডি-ন'টিফাইড ট্রাইব শ্ৰেণীৰ যোগ্য ছাত্ৰ-ছাত্ৰীৰ বাবে প্ৰাক্-মেট্ৰিক আৰু মেট্ৰিক পৰীক্ষাৰ পাছৰ জলপানিৰ আবেদন আহ্বান কৰিছে। আবেদনসমূহ ৰাষ্ট্ৰীয় জলপানি পোৰ্টেলৰ জৰিয়তে গ্ৰহণ কৰা হৈছে। ১ জুনৰ পৰা আৰম্ভ হোৱা জলপানিৰ বাবে আবেদনৰ অন্তিম তাৰিখ হৈছে ৩০ ছেপ্তেম্বৰ৷

July 13, 2026 6:56 PM

views 28

দক্ষিণ শালমাৰা মানকাচৰ জিলাৰ জিলা কৃষি বিষয়াৰ কাৰ্যালয়ত এ আই এফ আঁচনি সন্দৰ্ভত এখন সজাগতা সভা

দক্ষিণ শালমাৰা মানকাচৰ জিলাৰ জিলা কৃষি বিষয়াৰ কাৰ্যালয়ত আজি কৃষি আন্তঃগাঁথনি পুঁজি চমুকৈ এ আই এফ আঁচনি সন্দৰ্ভত এখন সজাগতা সভা অনুষ্ঠিত হয়। সভাত কৃষকসকলক এ আই এফ আঁচনিৰ সুবিধা, আবেদন পদ্ধতা, আৰু এই আঁচনিৰ জৰিয়তে লাভ কৰিব পৰা সুবিধাসমূহৰ বিষয়ে অৱগত কোৱা হয়। অনুষ্ঠানত কৃষক, কৃষক উৎপাদক সংগঠন আৰু কৃষি উদ্যমীসকলে অংশগ্ৰহণ কৰে। ভার্চুৱেল মাত বিনিময়ৰ জৰিয়তে কৃষকসকলে আঁচনিৰ বিভিন্ন বিষয় সন্দৰ্ভত জানিবলৈ সুবিধা লাভ কৰে। জিলা কৃষি বিষয়া আৰু কৃষি অভিযন্তাই কৃষকসকলক কৃষি আন্তঃগাঁথনি উন্নয়ন, শস্য...

July 13, 2026 6:42 PM

views 29

অৰুণাচল আৰু উজনি অসমত হোৱা প্ৰবল বৰষুণৰ ফলত ৰঙানদীৰ জলস্তৰ বৃদ্ধি

অৰুণাচল আৰু উজনি অসমত হোৱা প্ৰবল বৰষুণৰ ফলত ৰঙানদীৰ জলস্তৰ বৃদ্ধি পাইছে। জিলা দুর্যোগ প্রশমন বিভাগে বানৰ আশংকাত লখিমপুৰ জিলাত সতর্কতা জাৰি কৰিছে। প্ৰশাসনে ১৫ নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথেৰে যাতায়াত কৰোতে ৰাইজক সতৰ্ক হৈ থাকিবলৈ আহ্বান জনাইছে। ইপিনে, সোৱণশিৰি নদীৰো জলস্তৰ বৃদ্ধি হোৱাৰ পৰিপ্ৰেক্ষিতত ধেমাজি জিলা প্ৰশাসনে সতর্কতা জাৰি কৰিছে। সোৱণশিৰিৰ উৎস আৰু অৰুণাচল প্ৰদেশত হোৱা ধাৰাষাৰ বৰষুণৰ ফলত বৃদ্ধি হোৱা জলস্তৰৰ ফলত ধন-জন ক্ষতিৰ আশংকাত সোৱণশিৰি নদী বা ইয়াৰ দাঁতিকাষৰীয়া অঞ্চলত বাস কৰা বাসিন্দাসকলক ...

July 13, 2026 6:38 PM

views 30

চৰাইদেউ জিলাৰ লাকুৱা বাগান তিনিআলিৰ ভাজনী পথাৰত অ’এন জি চিৰ গেছ পৰিবাহী পাইপলাইন ফাটি কালি নিশাৰ পৰা গেছ নিৰ্গত হৈ থকা ঘটনাই অঞ্চলটোত আতংকৰ সৃষ্টি কৰিছে

চৰাইদেউ জিলাৰ লাকুৱা বাগান তিনিআলিৰ ভাজনী পথাৰত অ' এন জি চিৰ গেছ পৰিবাহী পাইপলাইন ফাটি কালি নিশাৰ পৰা গেছ নিৰ্গত হৈ থকা ঘটনাই অঞ্চলটোত আতংকৰ সৃষ্টি কৰিছে। অ' এন জি চিৰ লাকুৱা তৈল ক্ষেত্ৰৰ অন্তৰ্গত বাগান তিনিআলিৰ কিষ্ট বস্তি নিবাসী জীতেন কাহাৰ নামৰ লোকজনৰ বাৰীত পাইপ ফাটি গেছ নিৰ্গত হয় আৰু নিশাৰ ভাগত গেছৰ শব্দ আৰু গোন্ধ বিয়পি পৰে। অঞ্চলটোৰ ৰাইজে অগ্নিকাণ্ড আৰু বিস্ফোৰণৰ আশংকাত কৰ্তৃপক্ষক খবৰ দিয়াত আজি দিনৰ ভাগত অ' এন জি চিৰ এটা কাৰিকৰী দল ঘটনাস্থলীত উপস্থিত হয়। কর্তৃপক্ষই মাটি খান্দি গেছ নির্গ...