নলবাৰী চিকিৎসা মহাবিদ্যালয় আৰু হাস্পতালৰ এ বি এলৰ স্বীকৃতি লাভ

নলবাৰী চিকিৎসা মহাবিদ্যালয় আৰু হাস্পতালে NATIONAL ACCREDITATION BOARD FOR TESTING AND CALIBRATION LABORATORIES
এ বি এলৰ স্বীকৃতি লাভ কৰিছে।

ইয়াৰ ফলত চিকিৎসালয়খনত এতিয়াৰে পৰা মাইক্ৰ’ বায়োলজী, পেথ’লজী আদিৰ পৰীক্ষাসমূহ সুকলমে সম্পন্ন কৰিব পৰা যাব। বিত্ত মন্ত্ৰী তথা নলবাৰীৰ বিধায়ক জয়ন্ত মল্ল বৰুৱাই সামাজিক মাধ্যমৰ এটা বাৰ্তাত এই বিষয়ে প্ৰকাশ কৰি ৰাজ্যৰ স্বাস্থ্য খণ্ডৰ বাবে এয়া নিতান্তই সুখবৰ বুলি উল্লেখ কৰে।

মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বত ৰাজ্যৰ স্বাস্থ্য খণ্ডৰ নিৰন্তৰ বিকাশ ঘটাই জনসাধাৰণক উন্নত চিকিৎসা সেৱা প্ৰদানৰ যাত্ৰা অব্যাহত থাকিব বুলি মন্ত্ৰীগৰাকীয়ে লগতে উল্লেখ কৰে।