August 12, 2026 7:42 PM

views 10

নলবাৰী জিলা আয়ুক্তৰ কাৰ্যালয়ত গাঁৱে গাঁৱে যোগ মহা অভিযান সন্দৰ্ভত সভা অনুষ্ঠিত

ৰাজ্যপালৰ ধবজাবাহী আঁচনি গাঁৱে গাঁৱে যোগ মহা অভিযান সন্দৰ্ভত আজি নলবাৰী জিলা আয়ুক্ত নিবেদন দাস পাটোৱাৰী জিলাখনৰ বিভিন্ন বিভাগৰ পৰা মনোনীত কৰ্মচাৰীসকলৰ সৈতে এখন সভাত অংশগ্রহণ কৰে। নলবাৰী জিলা পৰিষদৰ মুখ্য কাৰ্যবাহী বিষয়া ড০ ধ্রুবজ্যোতি হাজৰিকা, অতিৰিক্ত জিলা আয়ুক্ত কৌস্তভ কলিতাৰ লগতে যুটীয়া স্বাস্থ্য সঞ্চালক ডাঃ মানৱ কুমাৰ চৌধুৰী আৰু জিলা ক্ৰীড়া বিষয়াৰ উপস্থিতিত জিলা আয়ুক্তৰ কাৰ্যালয়ৰ সভাকক্ষত অনুষ্ঠিত এই সভাত আয়ুক্ত পাটোৱাৰীয়ে জিলাখনৰ বিভিন্ন বিভাগৰ পৰা অহা এশ গৰাকী কৰ্মচাৰীক ১৮ আগষ্টৰ...

July 29, 2026 1:09 PM

views 11

নলবাৰীত অনুষ্ঠিত ৪৭ সংখ্যক ৰাজ্যিক জুনিয়ৰ আৰু ছিনিয়ৰ এথলেটিকছ চেম্পিয়নশ্বিপত ডিব্ৰুগড় জিলা এথলেটিকছৰ দলটোৰ শ্ৰেষ্ঠত্ব অর্জন

নলবাৰীত অনুষ্ঠিত ৪৭ সংখ্যক ৰাজ্যিক জুনিয়ৰ আৰু ছিনিয়ৰ এথলেটিকছ চেম্পিয়নশ্বিপত ডিব্ৰুগড় জিলা এথলেটিকছৰ দলটোৱে শ্ৰেষ্ঠত্ব অর্জন কৰিছে। দুয়োটা শাখাতেই তৃতীয়বাৰৰ বাবে শ্রেষ্ঠত্ব অৰ্জন কৰা এথলেটিকছ দলটোৰ খেলুৱৈ আৰু কৰ্মকৰ্তাসকলক কালি ডিব্ৰুগড় জিলা ক্রীড়া সন্থাই অভিনন্দন আৰু সম্বর্ধনা জ্ঞাপন কৰে।

July 3, 2026 12:46 PM

views 19

নলবাৰীৰ ৰজ আলীৰ আক্ৰমণত গুৰুতৰভাৱে আহত ছাত্ৰীগৰাকীৰ আজি পুৱা মৃত্যু

নলবাৰীৰ গংগাপুৰত ৰজ আলী নামৰ এজন যুৱকৰ আক্ৰমণত গুৰুতৰভাৱে আহত হোৱা ছাত্ৰীগৰাকীৰ আজি পুৱা গুৱাহাটী চিকিৎসালয় মহাবিদ্যালয় হাস্পতালত মৃত্যু হয়। যোৱা ৩৩ দিন ধৰি ছাত্ৰীগৰাকী গুৱাহাটী চিকিৎসালয় মহাবিদ্যালয় হাস্পতালত চিকিৎসাধীন হৈ আছিল। উল্লেখযোগ্য যে যোৱা ৩১ মে'ত ৰ'জ আলীৰ আক্ৰমণত ছাত্ৰীগৰাকী গুৰুতৰভাৱে আহত হৈছিল। এই আক্ৰমণত ছাত্ৰীগৰাকীৰ ককায়েক মাধুৰ্য বৰ্মনৰ মৃত্যু হৈছিল। ঘটনাৰ পাছতে আৰক্ষীৰ এনকাউণ্টাৰত আক্ৰমণকাৰী ৰাজ আলী নিহত হৈছিল।

January 24, 2026 9:28 PM

views 105

নলবাৰীৰ বৰক্ষেত্ৰী সমষ্টিৰ ৩০,৮০৬ গৰাকী আত্মসহায়ক গোটৰ সদস্যাৰ মাজত মহিলা উদ্যমিতা আঁচনিৰ চেক বিতৰণ

মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শৰ্মাই আজি নলবাৰীৰ বৰক্ষেত্ৰী সমষ্টিৰ ৩০ হাজাৰ ৮০৬ গৰাকী আত্মসহায়ক গোটৰ সদস্যাৰ মাজত মহিলা উদ্যমিতা আঁচনিৰ অধীনত ১০ হাজাৰ টকাকৈ চেক বিতৰণ কৰে। নপ্তিপাৰাত এই উপলক্ষে আয়োজিত অনুষ্ঠানত মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰী, জিলা আয়ুক্ত নিবেদন দাসকে ধৰি কেইবাগৰাকী বিশিষ্ট ব্যক্তি উপস্থিত থাকে। জিলাখনত ইতিমধ্যে নলবাৰী আৰু টিহু বিধানসভা সমষ্টিৰ মহিলাসকলৰ মাজত চেক বিতৰণ কৰা হৈছে। অনুষ্ঠানৰ পাছত সাংবাদিকৰ সৈতে হোৱা কথা বতৰাত মুখ্যমন্ত্ৰীগৰাকীয়ে সমাগত বিধানসভা নিৰ্বাচনত বিজেপি মিত্...

November 17, 2025 1:19 PM

views 87

৯২ সংখ্যক ৰাস মহোৎসৱ উপলক্ষে নলবাৰীত আজি স্থানীয় বন্ধৰ দিন ঘোষণা

নলবাৰীৰ শ্ৰীশ্ৰী হৰি মন্দিৰত চলি থকা ৯২ সংখ্যক ৰাস মহোৎসৱ উপলক্ষে আজি জিলাখনত স্থানীয় বন্ধৰ দিন ঘোষণা কৰা হৈছে। জিলা আয়ুক্ত নিবেদন দাস পাটোৱাৰীয়ে এটা নির্দেশযোগে এই বন্ধ ঘোষণা কৰে। বন্ধৰ সময়ছোৱাত ৰাজ্য চৰকাৰৰ সকলো কার্যালয়, শিক্ষানুষ্ঠান আৰু ৰাজহ আদালতসমূহ বন্ধ থাকিব। অৱশ্যে জৰুৰী সেবাসমূহ চলি থাকিব।

August 14, 2025 7:21 PM

views 100

নলবাৰীত ৫৭৬ কোটি টকা ব্যয়সাপেক্ষ এলানি প্ৰকল্পৰ উদ্বোধন মুখ্যমন্ত্ৰীৰ

এখন সেতুৱে কেৱল চৰকাৰৰ উন্নয়নমুখী পদক্ষেপকে প্রতিনিধিত্ব নকৰে বৰং মানুহৰ মাজৰ দুৰত্ব নোহোৱা কৰি ঐক্যবদ্ধ সমাজ নির্মাণতো বিশেষ ভূমিকা গ্ৰহণ কৰে। নলবাৰী জিলা প্ৰতিষ্ঠা দিৱস উপলক্ষে ৫৭৬ কোটি টকা ব্যয়সাপেক্ষ এলানি প্ৰকল্পৰ উদ্বোধন আৰু আধাৰশিলা স্থাপন কৰি মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই এইদৰে প্ৰকাশ কৰে। মুখ্যমন্ত্ৰীয়ে তেওঁ কয় যে ৰাজ্যখনে অর্থনৈতিকভাৱে বিকাশৰ গতিৰে উজলি উঠিছে। যোৱা ৫ বছৰত হোৱা উন্নয়নে সমাজৰ সকলো শ্ৰেণীৰ লোকক সামৰি লৈছে বুলি মুখ্যমন্ত্ৰীযে উল্লেখ কৰে। তেওঁ কয় যে ৰাজ্যৰ প্ৰতি...

July 23, 2025 1:14 PM

views 83

বিশিষ্ট সাহিত্যিক, শিক্ষাবিদ ড০ বসন্ত কুমাৰ ভট্টাচাৰ্যৰ দেহাৱসান

বিশিষ্ট সাহিত্যিক, শিক্ষাবিদ ড০ বসন্ত কুমাৰ ভট্টাচাৰ্যৰ আজি পুৱা তেওঁৰ নলবাৰী বাসভৱনত ৮৩ বছৰ বয়সত মৃত্যু হয়। অসম সাহিত্য সভাই সাহিত্যাচাৰ্য সন্মানেৰে সন্মানিত কৰা সাহিত্যিকগৰাকী যোৱা দুবছৰ ধৰি শাৰীৰিকভাৱে অসুস্থ হৈ চিকিৎ‍সাধীন হৈ আছিল। নলবাৰী জিলা সাহিত্য সভাই নলবাৰী ৰত্ন সন্মান আগবঢ়োৱা ড০ ভট্টাচাৰ্যই ১৯৬৭ চনত সৰভোগৰ বৰনগৰ মহাবিদ্যালয়ত অসমীয়া বিভাগৰ প্ৰবক্তা হিচাপে কৰ্মজীৱনৰ পাতনি মেলিছিল। পৰৱৰ্তী সময়ত তেওঁ নলবাৰী মহাবিদ্যালয়ৰ অসমীয়া বিভাগৰ প্ৰবক্তা হিচাপে যোগদান কৰে আৰু বিভাগটোৰ মুৰববী ...

June 7, 2025 7:59 PM

views 87

নলবাৰী-ঘগ্ৰাপাৰত লোকনিৰ্মাণ বিভাগৰ অতিথিশালা মুকলি মুখ্যমন্ত্রীৰ

মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শৰ্মাই আজি পুৱাৰ ভাগতে নলবাৰী ভ্ৰমণ কৰে। নলবাৰী-ঘগ্ৰাপাৰত লোকনিৰ্মাণ বিভাগ ৪ কোটি ৯৬ লাখ টকা ব্যয়েৰে নিৰ্মাণ কৰি উলিওৱা অতিথিশালা মুকলি কৰে। অতিথিশালাত ১৬টা কোঠাৰ লগতে প্ৰায় ৬০ গৰাকী লোকে ভাগ ল'ব পৰা এটা সভাগৃহ আছে। এই অতিথিশালা মুকলি কৰি মুখ্যমন্ত্ৰী ড° শৰ্মাই নলবাৰীৰ চিকিৎসা মহাবিদ্যালয় পথত এখন উৰণ সেতু নিৰ্মাণ কৰাৰ কথাও ঘোষণা কৰে। এই ভ্ৰমণৰ সময়ছোৱাতে সাংবাদিকক সম্বোধন কৰি কেইবাটাও গুৰুত্বপূৰ্ণ মন্তব্য কৰে। মুখ্যমন্ত্ৰীগৰাকীয়ে কয় যে যোৱা ৪ বছৰত ৰাজ্যৰ প্ৰতিখন...

March 19, 2025 9:18 PM

views 62

কুমাৰ ভাস্কৰ বৰ্মা সংস্কৃত বিশ্ববিদ্যালয়ৰ শিক্ষাৰ্থীসকলৰ যাতায়াতৰ বাবে বাছ সেৱা মুকলি মন্ত্ৰী জয়ন্ত মল্লবৰুৱাৰ

জনস্বাস্থ্য কাৰিকৰী মন্ত্ৰী জয়ন্ত মল্লবৰুৱাই আজি নলবাৰীৰ গৰ্ডন চৰকাৰী হাইস্কুলৰ খেলপথাৰত কুমাৰ ভাস্কৰ বৰ্মা সংস্কৃত বিশ্ববিদ্যালয়ৰ শিক্ষাৰ্থীসকলৰ যাতায়াতৰ বাবে বাছ সেৱা মুকলি কৰে। মন্ত্ৰীগৰাকীয়ে এই বাছসেৱা আৰম্ভ কৰাৰ বাবে ছাত্ৰ-ছাত্ৰীসকলৰ তৰফৰ পৰা মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাক ধন্যবাদ জ্ঞাপন কৰে। তেওঁ লগতে নলবাৰী চহৰত যান-বাহন ৰখাৰ সুবিধার্থে হাজো ৰোডৰ জিলিকনি চ’কত নৱনিৰ্মিত পার্কিং জ’নৰো উদ্বোধন কৰে। এই ব্যৱস্থাই নলবাৰী চহৰত যান-জঁট দূৰ কৰাত সহায় কৰিব। আজিৰ অনুষ্ঠানত জিলা আয়ুক্ত বৰ্...

January 31, 2025 10:56 AM

views 83

বিশিষ্ট লোক সংস্কৃতিৰ সাধক নাগাৰা নামৰ শিল্পী বিজয় মেধিলৈ ২০২৫ বৰ্ষৰ মোহন ভাইৰা স্মাৰক বঁটা

● নলবাৰী জিলাৰ বিশিষ্ট লোক সংস্কৃতিৰ সাধক নাগাৰা নামৰ শিল্পী বিজয় মেধিলৈ নলবাৰী জিলা ছাত্ৰ সন্থা আৰু নলবাৰী জিলা উন্নতি সভাই ২০২৫ বৰ্ষৰ মোহন ভাইৰা স্মাৰক বঁটা প্ৰদান কৰাৰ কথা ঘোষণা কৰিছে। নলবাৰী জিলা প্রেক্ষগৃহত অহা ১ ফেব্ৰুৱাৰীত অনুষ্ঠিত হ'বলগা অনুষ্ঠানত শিল্পীগৰাকীলৈ এই বঁটা প্ৰদান কৰা হ'ব বুলি জিলা ছাত্ৰ সন্থাৰ বিষয়ববীয়াই এখন সংবাদমেলযোগে জানিবলৈ দিছে।