August 12, 2026 7:42 PM | Nalbari

printer

নলবাৰী জিলা আয়ুক্তৰ কাৰ্যালয়ত গাঁৱে গাঁৱে যোগ মহা অভিযান সন্দৰ্ভত সভা অনুষ্ঠিত

ৰাজ্যপালৰ ধবজাবাহী আঁচনি গাঁৱে গাঁৱে যোগ মহা অভিযান সন্দৰ্ভত আজি নলবাৰী জিলা আয়ুক্ত নিবেদন দাস পাটোৱাৰী জিলাখনৰ বিভিন্ন বিভাগৰ পৰা মনোনীত কৰ্মচাৰীসকলৰ সৈতে এখন সভাত অংশগ্রহণ কৰে। নলবাৰী জিলা পৰিষদৰ মুখ্য কাৰ্যবাহী বিষয়া ড০ ধ্রুবজ্যোতি হাজৰিকা, অতিৰিক্ত জিলা আয়ুক্ত কৌস্তভ কলিতাৰ লগতে যুটীয়া স্বাস্থ্য সঞ্চালক ডাঃ মানৱ কুমাৰ চৌধুৰী আৰু জিলা ক্ৰীড়া বিষয়াৰ উপস্থিতিত জিলা আয়ুক্তৰ কাৰ্যালয়ৰ সভাকক্ষত অনুষ্ঠিত এই সভাত আয়ুক্ত পাটোৱাৰীয়ে জিলাখনৰ বিভিন্ন বিভাগৰ পৰা অহা এশ গৰাকী কৰ্মচাৰীক ১৮ আগষ্টৰ পৰা প্ৰশিক্ষণ দিয়া হ’ব বুলি প্ৰকাশ কৰে। ৩১ আগষ্টলৈ চলিবলগীয়া এই প্ৰশিক্ষণৰ অন্তত এইসকল কৰ্মচাৰীয়ে মাষ্টাৰ প্ৰশিক্ষক হিচাপে নিজৰ কাৰ্যালয়ৰ আন কৰ্মচাৰীসকলক প্ৰশিক্ষণ দিব।