মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শৰ্মাই আজি নলবাৰীৰ বৰক্ষেত্ৰী সমষ্টিৰ ৩০ হাজাৰ ৮০৬ গৰাকী আত্মসহায়ক গোটৰ সদস্যাৰ মাজত মহিলা উদ্যমিতা আঁচনিৰ অধীনত ১০ হাজাৰ টকাকৈ চেক বিতৰণ কৰে। নপ্তিপাৰাত এই উপলক্ষে আয়োজিত অনুষ্ঠানত মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰী, জিলা আয়ুক্ত নিবেদন দাসকে ধৰি কেইবাগৰাকী বিশিষ্ট ব্যক্তি উপস্থিত থাকে। জিলাখনত ইতিমধ্যে নলবাৰী আৰু টিহু বিধানসভা সমষ্টিৰ মহিলাসকলৰ মাজত চেক বিতৰণ কৰা হৈছে। অনুষ্ঠানৰ পাছত সাংবাদিকৰ সৈতে হোৱা কথা বতৰাত মুখ্যমন্ত্ৰীগৰাকীয়ে সমাগত বিধানসভা নিৰ্বাচনত বিজেপি মিত্রজোঁটে ১০৬ খন আসন লাভ কৰিব বুলি মন্তব্য কৰে। তেওঁ লগতে অগপ আৰু বিজেপিৰ মিত্ৰতা প্রায় চূড়ান্ত আৰু আসনৰ সংখ্যাও প্রায় পূৰ্বৰ দৰেই থাকিব বুলি প্ৰকাশ কৰে।
Assamese | January 24, 2026 9:28 PM | Akashvani Guwahati | Akashvani News | Chief Minister Himanta Biswa Sarma | CMO Assam | Nalbari
নলবাৰীৰ বৰক্ষেত্ৰী সমষ্টিৰ ৩০,৮০৬ গৰাকী আত্মসহায়ক গোটৰ সদস্যাৰ মাজত মহিলা উদ্যমিতা আঁচনিৰ চেক বিতৰণ