September 22, 2026 8:18 PM

views 6

কাৰ্বি আংলঙৰ উন্নয়নৰ গতি ত্বৰান্বিত কৰাৰ লক্ষ্যৰে আজি ডিফুত কাৰ্বি আংলং স্বায়ত্ব শাসিত পৰিষদৰ প্ৰতিনিধি বৰ্গৰ সৈতে মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শৰ্মাৰ বৈঠক

মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শৰ্মাই কাৰ্বি আংলঙৰ উন্নয়নৰ গতি ত্বৰান্বিত কৰাৰ লক্ষ্যৰে আজি ডিফুত কাৰ্বি আংলং স্বায়ত্ব শাসিত পৰিষদৰ প্ৰতিনিধি বৰ্গৰ সৈতে বৈঠকত মিলিত হয়। বৈঠকত মুখ্যমন্ত্ৰীগৰাকীয়ে অঞ্চলটোত ৰূপায়িত বিভিন্ন উন্নয়নমূলক প্রকল্প আৰু আঁচনিৰ অগ্ৰগতিৰ পৰ্যালোচনা কৰে। তেওঁ জনসাধাৰণৰ আশা-আকাংক্ষা অনুসৰি প্ৰকল্পসমূহৰ দ্ৰুত আৰু ফলপ্ৰসূ ৰূপায়ণৰ গুৰুত্ব আৰোপ কৰে। তেওঁ কয়, যে কাৰ্বি আংলঙৰ অপাৰ সম্ভাৱনাক বাস্তৱ ৰূপ দিয়াৰ বাবে ৰাজ্য চৰকাৰ আৰু স্বায়ত্ব শাসিত পৰিষদে সমন্বিতভাৱে কাম কৰি আহিছে...

September 10, 2026 3:02 PM

views 49

অসম সম্প্ৰতি উন্নয়নৰ নতুন পৰ্যায়ত উপনীত হৈছেঃ মুখ্যমন্ত্ৰী

অসম সম্প্ৰতি উন্নয়নৰ নতুন পৰ্যায়ত উপনীত হৈছে বুলি মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই প্রকাশ কৰিছে। ভাৰতীয় প্ৰযুক্তি বিদ্যা প্রতিষ্ঠান, আই আই টি গুৱাহাটীৰ এটা অনুষ্ঠানত অংশগ্ৰহণ কৰি মুখ্যমন্ত্ৰীগৰাকীয়ে কয়, যে বিগত বছৰকেইটাত ৰাজ্যৰ আন্তঃগাঁথনি, যোগাযোগ ব্যৱস্থা আৰু ঔদ্যোগিক ভেটি সুদৃঢ় হৈছে আৰু ইয়াৰ ফলত ৰাষ্ট্ৰীয়-আন্তঃৰাষ্ট্ৰীয় বজাৰৰ সৈতে যোগাযোগ শক্তিশালী হৈ উঠিছে। ৰাজ্যৰ জনসাধাৰণ আৰু উদ্যোগ প্ৰতিষ্ঠানসমূহৰ উৎপাদন ক্ষমতা বৃদ্ধি কৰি উন্নয়নৰ এই প্ৰক্ৰিয়া আগুৱাই নিব লাগিব বুলি মুখ্যমন্ত্ৰ...

August 13, 2026 4:39 PM

views 20

উজনি অসমত হোৱা প্ৰলয়ংকৰী বানত এহেজাৰ কোটিৰো অধিক টকাৰ ক্ষতি হৈছেঃ মুখ্যমন্ত্ৰী

উজনি অসমত হোৱা প্ৰলয়ংকৰী বানত এহেজাৰ কোটিৰো অধিক টকাৰ ক্ষতি হৈছে বুলি মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই প্রকাশ কৰিছে। দিছপুৰত কালি এখন সংবাদমেলত শিৱসাগৰ, চৰাইদেউ, যোৰহাট আৰু গোলাঘাট জিলাত বানত হোৱা ক্ষয়-ক্ষতি আৰু চৰকাৰে লোৱা পদক্ষেপৰ সবিশেষ সদৰি কৰি মুখ্যমন্ত্ৰীগৰাকীয়ে কয়, যে শিৱসাগৰ আৰু চৰাইদেউক নতুন ৰূপত সজাই তোলাৰ পৰিকল্পনা লোৱা হৈছে। তেওঁ কয়, যে ৰাজ্য চৰকাৰে বানত সৰ্বাধিক ক্ষতি হোৱা নেপালী খুঁটি, মাজগাঁও, বামুণপুখুৰী, কমলাবস্তি এলেকাত প্ৰভাৱিত লোকসকলক দীৰ্ঘম্যাদী আঁচনিৰ জৰিয়তে সহায় ...

August 11, 2026 1:45 PM

views 23

সোণাপুৰৰ কমাৰকুছিস্থিত জুবিন ক্ষেত্ৰৰ নিৰ্মাণকাৰ্যৰ বুজ মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শৰ্মাৰ

মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শৰ্মাই কালি সোণাপুৰৰ কমাৰকুছিস্থিত জুবিন ক্ষেত্ৰৰ নিৰ্মাণকাৰ্যৰ বুজ লয়। চৌহদৰ চাৰিবেৰৰ কাম সোনকালে সম্পন্ন কৰিবলৈ মুখ্যমন্ত্ৰীয়ে সংশ্লিষ্ট লোকসকলক নির্দেশনা দিয়ে, যাতে মুকলি মঞ্চ তথা অন্য প্রয়োজনীয় কামসমূহ শীঘ্ৰেই আৰম্ভ কৰিব পৰা যায়৷ মুখ্যমন্ত্ৰীৰ এই পৰিদৰ্শনকালত কৃষিমন্ত্রী পীযূষ হাজৰিকাই সংগ দিয়াৰ লগতে লোকনির্মাণ বিভাগ তথা অন্যান্য সংশ্লিষ্ট বিভাগৰ বিষয়াসকলৰ সৈতে নিৰ্মাণৰ অগ্ৰগতিৰ দিশটো পৰ্যালোচনা কৰে।

August 6, 2026 6:21 PM

views 68

মুখ্যমন্ত্ৰীৰ নিযুত মইনা আৰু নিযুত বাবু আঁচনিৰ আবেদন পত্ৰ বিতৰণ কাৰ্যসূচীৰ শুভাৰম্ভ

মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শৰ্মাই আজি দুপৰীয়া ১২.৩০ বজাত গুৱাহাটীৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত আয়োজিত কেন্দ্ৰীয় অনুষ্ঠানত মুখ্যমন্ত্ৰীৰ নিযুত মইনা আৰু নিযুত বাবু আঁচনিৰ আবেদন পত্ৰ বিতৰণ কাৰ্যসূচীৰ শুভাৰম্ভ কৰে। ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ ৪৫২ খন প্ৰতিষ্ঠানত এই আবেদন পত্ৰ বিতৰণ কৰা হয়। শিক্ষা গ্ৰহণৰ বিত্তীয় বাধা দূৰ কৰাৰ উদ্দেশ্যে প্ৰৱৰ্তন কৰা এই আঁচনিৰ অধীনত একাদশ, দ্বাদশ তথা পলিটেকনিকৰ ডিপ্ল’মা পাঠ্যক্ৰমৰ প্ৰথম আৰু দ্বিতীয় বৰ্ষৰ শিক্ষাৰ্থীসকলক প্ৰতিমাহে ৮০০ টকাকৈ, স্নাতক পর্যায়, সংহত শিক্...

August 6, 2026 11:56 AM

views 25

ডিব্ৰুগড়ৰ খনিকৰত নিৰ্মীয়মান অসম বিধানসভা চৌহদ আৰু বিধায়ক আবাস পৰিদৰ্শন কৰি নিৰ্মাণকাৰ্যৰ অগ্ৰগতিৰ বুজ মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শৰ্মাৰ

ডিব্ৰুগড়ৰ খনিকৰত নিৰ্মীয়মান অসম বিধানসভা চৌহদ আৰু বিধায়ক আবাস কালি মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শৰ্মাই পৰিদৰ্শন কৰি নিৰ্মাণকাৰ্যৰ অগ্ৰগতিৰ বুজ লয়। মুখ্যমন্ত্ৰীয়ে ভৱিষ্যতৰ প্ৰয়োজন পূৰণ কৰিব পৰাকৈ উচ্চ মান বজাই ৰাখি নিৰ্মাণকাৰ্য কৰিবলৈ সংশ্লিষ্টসকলক নিৰ্দেশ দিয়ে। তদুপৰি নিৰ্ধাৰিত সময়ত এই কাম সম্পূৰ্ণ কৰিবলৈও মুখ্যমন্ত্ৰীয়ে বিষয়াসকলক নির্দেশ দিয়ে।

July 29, 2026 1:26 PM

views 35

গৃহমন্ত্ৰী অমিত শ্বাহৰ বানৰ শেহতীয়া বান পৰিস্থিতি সন্দৰ্ভত মুখ্যমন্ত্ৰীৰ সৈতে মত-বিনিময়

ৰাজ্যৰ বান পৰিস্থিতি সামান্য সুস্থিৰ হৈছে যদিও ৭ খন জিলাৰ বিস্তীর্ণ অঞ্চল এতিয়াও প্লাৱিত হৈ আছে। শেহতীয়া চৰকাৰী প্ৰতিবেদন অনুসৰি শিৱসাগৰ, গোলাঘাট, চৰাইদেউ, শোণিতপুৰ, যোৰহাট, নগাঁও আৰু কামৰূপ মহানগৰ জিলাৰ বহু অঞ্চল এতিয়াও বান প্ৰভাৱিত হৈ আছে। কালি শিৱসাগৰ জিলাত ৭ জন লোকৰ মৃতদেহ উদ্ধাৰ হোৱাৰ ফলত বানত প্রাণহানি হোৱা লোকৰ সংখ্যা ৭৫ লৈ বৃদ্ধি পাইছে। কেন্দ্রীয় গৃহমন্ত্রী অমিত শ্বাহে আজি টেলিফোনযোগে মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাৰ সৈতে কথা পাতি বান পৰিস্থিতিৰ বুজ লয়। গৃহমন্ত্ৰীগৰাকীয়ে ৰাজ্য শ...

July 17, 2026 6:17 PM

views 35

ৰাজ্যত অহা ৩ আগষ্টৰ পৰা অৰুণোদয় আঁচনি পুনৰ আৰম্ভ কৰা হ’ব

ৰাজ্যত অহা ৩ আগষ্টৰ পৰা অৰুণোদয় আঁচনি পুনৰ আৰম্ভ কৰা হ'ব। সেইদিনা ৰাজ্যৰ প্ৰতিখন পঞ্চায়ততে ৰাজহুৱা সভাৰ আয়োজন কৰি হিতাধিকাৰীসকলক আনুষ্ঠানিকভাৱে এই আঁচনিৰ প্ৰথম কিস্তিৰ ধন বিতৰণ কৰা হ'ব। ৰাজ্য চৰকাৰে সাময়িকভাৱে বন্ধ কৰি ৰখা কেইবাখনো জনকল্যাণমূলক আঁচনি অহা মাহৰ পৰা পুনৰ আৰম্ভ কৰিব বুলি মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শর্মাই কালি সামাজিক মাধ্যমযোগে ঘোষণা কৰিছিল। সেই অনুসৰি, ছাত্ৰ-ছাত্ৰীসকলৰ নামভৰ্তিৰ প্ৰক্ৰিয়া সমাপ্ত হোৱাৰ পাছতে অহা ৬ আগষ্টৰ পৰা নিযুত মইনা আৰু ৭ আগষ্টৰ পৰা নিযুত বাবু আঁচনিও আৰম্ভ...

July 4, 2026 7:58 PM

views 25

শোণিতপুৰৰ বৰজুলিক ৰাষ্ট্ৰীয় জৈৱ বৈচিত্ৰ্য প্ৰাধিকৰণৰ ঐতিহ্য ক্ষেত্ৰৰ স্বীকৃতি প্রদানক লৈ মুখ্যমন্ত্ৰীৰ সন্তুষ্টি প্রকাশ

শোণিতপুৰ জিলাৰ বৰজুলিক ৰাষ্ট্ৰীয় জৈৱ বৈচিত্ৰ প্ৰাধিকৰণে ঐতিহ্য ক্ষেত্ৰৰ স্বীকৃতি প্ৰদান কৰা বিষয়ত মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই সন্তুষ্টি প্ৰকাশ কৰিছে। সামাজিক মাধ্যমযোগে এই বিষয়ে প্ৰকাশ কৰি তেওঁ কয় যে, বৰজুলিক জৈৱ বৈচিত্ৰ প্ৰাধিকৰণে ঐতিহ্য ক্ষেত্ৰ হিচাপে স্বীকৃতি দিয়াটো ৰাজ্যখনৰ বাবে গৌৰৱৰ বতৰা। অসমৰ থলুৱা বনৰীয়া ধানৰ প্ৰজাতি সংৰক্ষণৰ ক্ষেত্ৰত গ্ৰহণ কৰা এই পদক্ষেপৰ স্বীকৃতিয়ে ৰাজ্যৰ সমৃদ্ধ কৃষি ঐতিহ্য, জৈৱ বৈচিত্ৰ সংৰক্ষণ আৰু বহনক্ষম উন্নয়নৰ প্ৰতি দায়বদ্ধতাক প্ৰতিষ্ঠা কৰিছে বুলি ...

July 3, 2026 5:34 PM

views 31

৪ গৰাকী কেন্দ্ৰীয় মন্ত্ৰীৰ সৈতে ড° হিমন্ত বিশ্ব শৰ্মা সুকীয়া সুকীয়া বৈঠকত মিলিত

 মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শৰ্মাই ৰাজ্যৰ সৰ্বাংগীন উন্নয়নৰ লক্ষ্যৰে কালি নতুন দিল্লীত ৪ গৰাকী কেন্দ্ৰীয় মন্ত্ৰীৰ সৈতে সুকীয়া সুকীয়া বৈঠকত মিলিত হয়। মুখ্যমন্ত্ৰীয়ে সাক্ষাৎকালত মন্ত্ৰীকেইগৰাকীৰ সৈতে মীন, দুগ্ধ উৎপাদন আৰু বিমান পৰিবহণ খণ্ডৰ বিকাশৰ বাবে দীৰ্ঘম্যাদি পৰিকল্পনা প্ৰস্তুত কৰা লগতে ৰাজ্যৰ শেহতীয়া বানত ক্ষতিগ্ৰস্ত লোকসকলৰ পুনৰ সংস্থাপন প্ৰক্ৰিয়া ক্ষিপ্ৰ কৰি তোলাৰ বিষয়ে আলোচনা কৰে। মুখ্যমন্ত্ৰীগৰাকীয়ে পুৱাৰ ভাগত মীন, পশুপালন আৰু দুগ্ধ উৎপাদন দপ্তৰৰ কেন্দ্ৰীয় মন্ত্ৰী ৰাজীৱ ৰঞ্জ...