মুখ্যমন্ত্ৰীৰ নিযুত মইনা আৰু নিযুত বাবু আঁচনিৰ আবেদন পত্ৰ বিতৰণ কাৰ্যসূচীৰ শুভাৰম্ভ

মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শৰ্মাই আজি দুপৰীয়া ১২.৩০ বজাত গুৱাহাটীৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত আয়োজিত কেন্দ্ৰীয় অনুষ্ঠানত মুখ্যমন্ত্ৰীৰ নিযুত মইনা আৰু নিযুত বাবু আঁচনিৰ আবেদন পত্ৰ বিতৰণ কাৰ্যসূচীৰ শুভাৰম্ভ কৰে। ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ ৪৫২ খন প্ৰতিষ্ঠানত এই আবেদন পত্ৰ বিতৰণ কৰা হয়।

শিক্ষা গ্ৰহণৰ বিত্তীয় বাধা দূৰ কৰাৰ উদ্দেশ্যে প্ৰৱৰ্তন কৰা এই আঁচনিৰ অধীনত একাদশ, দ্বাদশ তথা পলিটেকনিকৰ ডিপ্ল’মা পাঠ্যক্ৰমৰ প্ৰথম আৰু দ্বিতীয় বৰ্ষৰ শিক্ষাৰ্থীসকলক প্ৰতিমাহে ৮০০ টকাকৈ, স্নাতক পর্যায়, সংহত শিক্ষক শিক্ষণ কাৰ্যসূচী তথা পলিটেকনিকৰ তৃতীয় বৰ্ষৰ শিক্ষাৰ্থীসকলক ১,২৫০ টকাকৈ আৰু স্নাতকোত্তৰ তথা বি এড পাঠ্যক্ৰমৰ ছাত্ৰ-ছাত্ৰীসকলক মাহে ২,৫০০ হাজাৰ টকাকৈ প্ৰদান কৰা হ’ব।

শিক্ষাৰ্থীসকলক সৰ্বাধিক ১০ মাহৰ বাবে এই সুবিধা প্ৰদান কৰা হ’ব। অনুষ্ঠানত শিক্ষার্থী সহায়ক প্ৰয়াসৰো শুভাৰম্ভ কৰা হ’ব। এই আঁচনিৰ অধীনত উচ্চতৰ মাধ্যমিকৰ শিক্ষার্থীসকলক অধ্যয়ন সামগ্ৰী ক্ৰয় কৰাৰ বাবে এহেজাৰ, স্নাতক পৰ্যায়ৰ শিক্ষাৰ্থীসকলক ৩ হাজাৰ আৰু স্নাতকোত্তৰ পৰ্যায়ৰ ছাত্ৰ-ছাত্ৰীসকলক ৫ হাজাৰ টকা প্ৰদান কৰা হ’ব। অনুষ্ঠানত শিক্ষামন্ত্ৰী ডাঃ ৰণোজ পেগু উপস্থিত থাকে।

আজিৰ অনুষ্ঠানতে সাম্প্ৰতিক বানত বেয়াকৈ ক্ষতিগ্ৰস্ত শিৱসাগৰ, চৰাইদেউ, যোৰহাট আৰু গোলাঘাট জিলাৰ ৭৯৩খন বিদ্যালয়লৈ প্ৰত্যক্ষ লাভ হস্তান্তৰ প্ৰক্ৰিয়াৰে আৰ্থিক সাহায্য প্ৰদান কৰা হয়। ৰাজ্যিক দুৰ্যোগ সঁহাৰি পুঁজিৰ নীতি অনুসৰি জিলা চাৰিখনৰ বানত ক্ষতিগ্ৰস্ত বিদ্যালয়সমূহক ১৫ কোটি ৮৬ লাখ টকাৰ আৰ্থিক সাহায্য আগবঢ়োৱা হয়। লগতে শিৱসাগৰ আৰু চৰাইদেউ জিলাৰ ২১ হাজাৰ ২৫ গৰাকী শিক্ষাৰ্থীৰ শিক্ষা সামগ্ৰী ক্ৰয়ৰ বাবে মুখ্যমন্ত্ৰীৰ সাহায্য পুঁজিৰ পৰা ৪ কোটি ২৬ লাখতকৈও অধিক টকা সাহায্য বিতৰণৰো শুভাৰম্ভ কৰা হয়।