October 1, 2026 4:20 PM

views 11

বৰাক উপত্যকাৰ কুম্ভ চাহ বাগিছাত এটা ৫৯৫ কিলোৱাট শক্তিসম্পন্ন সৌৰ বিদ্যুৎ প্রকল্প উদ্বোধন মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শৰ্মাৰ

মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শৰ্মাই আজি পুৱা বৰাক উপত্যকাৰ কুম্ভ চাহ বাগিছাত এটা ৫৯৫ কিলোৱাট শক্তিসম্পন্ন সৌৰ বিদ্যুৎ প্রকল্প উদ্বোধন কৰে। ৩.১১ মেগাৱাটৰ গুডৰিক চাহ বাগিছা সৌৰ শক্তি কাৰ্যসূচীৰ অংশস্বৰূপ এই প্ৰকল্পই ৰাজ্যৰ চাহ উদ্যোগক নিকা আৰু নবীকৰণযোগ্য শক্তিৰে শক্তিশালী কৰাৰ লগতে সেউজ অসমৰ লক্ষ্যকো গতি প্ৰদান কৰিব বুলি আশা কৰা হৈছে। মুখ্যমন্ত্ৰী ড০ শৰ্মাই সামাজিক মাধ্যমযোগে দিয়া এটা বাৰ্তাত কয় যে ৰাজ্য চৰকাৰে অসমৰ চাহ বাগিছাসমূহক সৌৰ শক্তিৰে স্বনিৰ্ভৰশীল কৰি তোলাৰ বাবে কাম কৰি আছে, যাতে ভৱিষ্...

September 26, 2026 9:29 PM

views 20

অসম আৰু গুজৰাটৰ অংশীদাৰিত্বৰে আজি গুজৰাটৰ কাণ্ডলাত ই-মিথানল প্ৰকল্পৰ আধাৰশিলা স্থাপন

অসম আৰু গুজৰাটৰ অংশীদাৰিত্বৰে আজি গুজৰাটৰ কাণ্ডলাত এটা ই-মিথানল প্ৰকল্পৰ আধাৰশিলা স্থাপন কৰা হয়। এই প্রকল্পই প্রতিদিনে ১৫০ টন ই-মিথানল উৎপাদন কৰিব। আজি এই উপলক্ষে আয়োজিত অনুষ্ঠানত অসমৰ মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মা, গুজৰাটৰ মুখ্যমন্ত্ৰী ভূপেন্দ্ৰ পেটেল আৰু কেন্দ্ৰীয় বন্দৰ, জাহাজ পৰিবহণ তথা জলপথ মন্ত্রী সর্বানন্দ সোণোৱাল উপস্থিত থাকে। ২ হেজাৰ ৩শ কোটি টকা ব্যয় নিৰ্ধাৰণ কৰা এই প্ৰকল্পটোৰ প্ৰথম পৰ্যায়ত এহেজাৰ ২০০ কোটি টকাৰো অধিক মূলধন বিনিয়োগ কৰা হ’ব৷ এই সন্দৰ্ভত সংবাদ মাধ্যমৰ আগত মুখ্যমন...

September 24, 2026 12:37 PM

views 23

২০৩১ চনৰ ভিতৰত ৰাজ্যত চিকিৎসা মহাবিদ্যালয়ৰ সংখ্যা ৩০লৈ বৃদ্ধি পাবঃ মুখ্যমন্ত্ৰী

মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শৰ্মাই কালি ঝাৰখণ্ডৰ দেওঘৰত বাবা বৈদ্যনাথ মেডিকেল ন্যাস হাস্পতালৰ শুভ উদ্বোধন কৰে। ৭৫০ খন বিছনাযুক্ত এই অত্যাধুনিক হাস্পতালে অঞ্চলটোৰ স্বাস্থ্য সেৱাৰ ক্ষেত্ৰত এক নতুন অধ্যায়ৰ সূচনা কৰিব বুলি আশা কৰা হৈছে। বাবা বৈদ্যনাথলৈ শ্রদ্ধা নিবেদন কৰি আৰম্ভ কৰা ভাষণত মুখ্যমন্ত্রী ড০ শর্মাই কয় যে বাবা বৈদ্যনাথ মেডিকেল ন্যাস আৰু পি ডি হিন্দুজা হাস্পতাল এণ্ড মেডিকেল ৰিছাৰ্চ চেণ্টাৰৰ যৌথ উদ্যোগত হাস্পতালখন আৰম্ভ কৰা হৈছে। ইয়াত পৰৱৰ্তী সময়ত মেডিকেল কলেজো নিৰ্মাণ কৰা হ'ব বুলিও তেও...

September 22, 2026 8:18 PM

views 6

কাৰ্বি আংলঙৰ উন্নয়নৰ গতি ত্বৰান্বিত কৰাৰ লক্ষ্যৰে আজি ডিফুত কাৰ্বি আংলং স্বায়ত্ব শাসিত পৰিষদৰ প্ৰতিনিধি বৰ্গৰ সৈতে মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শৰ্মাৰ বৈঠক

মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শৰ্মাই কাৰ্বি আংলঙৰ উন্নয়নৰ গতি ত্বৰান্বিত কৰাৰ লক্ষ্যৰে আজি ডিফুত কাৰ্বি আংলং স্বায়ত্ব শাসিত পৰিষদৰ প্ৰতিনিধি বৰ্গৰ সৈতে বৈঠকত মিলিত হয়। বৈঠকত মুখ্যমন্ত্ৰীগৰাকীয়ে অঞ্চলটোত ৰূপায়িত বিভিন্ন উন্নয়নমূলক প্রকল্প আৰু আঁচনিৰ অগ্ৰগতিৰ পৰ্যালোচনা কৰে। তেওঁ জনসাধাৰণৰ আশা-আকাংক্ষা অনুসৰি প্ৰকল্পসমূহৰ দ্ৰুত আৰু ফলপ্ৰসূ ৰূপায়ণৰ গুৰুত্ব আৰোপ কৰে। তেওঁ কয়, যে কাৰ্বি আংলঙৰ অপাৰ সম্ভাৱনাক বাস্তৱ ৰূপ দিয়াৰ বাবে ৰাজ্য চৰকাৰ আৰু স্বায়ত্ব শাসিত পৰিষদে সমন্বিতভাৱে কাম কৰি আহিছে...

September 22, 2026 6:23 PM

views 9

আত্মনিৰ্ভৰ অসমৰ সপোন পূৰণ কৰিবলৈ হ’লে ৰাজ্যৰ শিক্ষাৰ্থী আৰু যুৱ সমাজক বিজ্ঞান, প্রযুক্তিবিদ্যা তথা মহাকাশ বিজ্ঞানৰ প্ৰতি আগ্ৰহী কৰি তুলিব লাগিবঃ মুখ্যমন্ত্ৰী

আত্মনিৰ্ভৰ অসমৰ সপোন পূৰণ কৰিবলৈ হ'লে ৰাজ্যৰ শিক্ষাৰ্থী আৰু যুৱ সমাজক বিজ্ঞান, প্রযুক্তিবিদ্যা তথা মহাকাশ বিজ্ঞানৰ প্ৰতি আগ্ৰহী কৰি তুলিব লাগিব। মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই কালি চন্দ্ৰপুৰত ভাৰতীয় মহাকাশ গৱেষণা প্ৰতিষ্ঠান- ইছৰ'ৰ উন্নত ৰাডাৰ গৱেষণা কেন্দ্ৰৰ আধাৰশিলা স্থাপন কৰি এইদৰে কয়। তেওঁ ৰাজ্যৰ শিক্ষাৰ্থীসকলক বিজ্ঞানৰ প্ৰতি আগ্ৰহী হোৱাৰ আহ্বান জনায়। ইছৰ’ৰ অধ্যক্ষ ড° ভি নাৰায়ণনৰ উপস্থিতিত গৱেষণা কেন্দ্ৰৰ আধাৰশিলা স্থাপন কৰি মুখ্যমন্ত্ৰীগৰাকীয়ে কয়, যে সোণাপুৰৰ ছায়েন্স চিটী আৰু মহা...

September 10, 2026 3:34 PM

views 17

বানেকুছিৰ শ’লমাৰীত স্থাপন কৰা পেপছিক উদ্যোগটোৰ উৎপাদন কার্যৰ শুভাৰম্ভ

মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শৰ্মাই আজি নলবাৰী জিলাৰ টিহু সমষ্টিৰ বানেকুছিৰ শ'লমাৰীত স্থাপন কৰা পেপছিক উদ্যোগটোৰ উৎপাদন কার্যৰ শুভাৰম্ভ কৰে। উদ্বোধনী ভাষণ মুখ্যমন্ত্ৰীগৰাকীয়ে কয় যে এই উদ্যোগত ২০০ গৰাকী যুৱক-যুৱতী প্রত্যক্ষ সংস্থাপন দিয়াৰ লগতে আন ৫০০ গৰাকী লোকক পৰোক্ষভাৱে সংস্থাপনৰ সুযোগ আগবঢ়োৱা হৈছে। তেওঁ কয় যে বৰ্তমান সময়ত আলুৰ পৰা চিপছ উৎপাদন কৰা এই উদ্যোগটোৰ বাবে ৩০ হাজাৰ মেট্রিক টন আলুৰ প্ৰয়োজন হ'ব। ২০৩০ চনৰ ভিতৰত এই প্রয়োজন ৭০ হাজাৰ মেট্রিক টনলৈ বৃদ্ধি পাব বুলিও তেওঁ কয়। এই উদ্যোগট...

September 10, 2026 3:02 PM

views 48

অসম সম্প্ৰতি উন্নয়নৰ নতুন পৰ্যায়ত উপনীত হৈছেঃ মুখ্যমন্ত্ৰী

অসম সম্প্ৰতি উন্নয়নৰ নতুন পৰ্যায়ত উপনীত হৈছে বুলি মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই প্রকাশ কৰিছে। ভাৰতীয় প্ৰযুক্তি বিদ্যা প্রতিষ্ঠান, আই আই টি গুৱাহাটীৰ এটা অনুষ্ঠানত অংশগ্ৰহণ কৰি মুখ্যমন্ত্ৰীগৰাকীয়ে কয়, যে বিগত বছৰকেইটাত ৰাজ্যৰ আন্তঃগাঁথনি, যোগাযোগ ব্যৱস্থা আৰু ঔদ্যোগিক ভেটি সুদৃঢ় হৈছে আৰু ইয়াৰ ফলত ৰাষ্ট্ৰীয়-আন্তঃৰাষ্ট্ৰীয় বজাৰৰ সৈতে যোগাযোগ শক্তিশালী হৈ উঠিছে। ৰাজ্যৰ জনসাধাৰণ আৰু উদ্যোগ প্ৰতিষ্ঠানসমূহৰ উৎপাদন ক্ষমতা বৃদ্ধি কৰি উন্নয়নৰ এই প্ৰক্ৰিয়া আগুৱাই নিব লাগিব বুলি মুখ্যমন্ত্ৰ...

September 10, 2026 12:31 PM

views 18

বানেকুছিৰ শ’লমাৰীত স্থাপন কৰা পেপছিক’ উদ্যোগটোৰ উৎপাদন কার্যৰ শুভাৰম্ভ

CMOনলবাৰী জিলাৰ টিহু সমষ্টিৰ বানেকুছিৰ শ'লমাৰীত স্থাপন কৰা পেপছিক' উদ্যোগটোৰ উৎপাদন কার্য মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শৰ্মাই আজি শুভাৰম্ভ কৰিব। অনুষ্ঠানত নলবাৰী সমষ্টিৰ বিধায়ক তথা মন্ত্ৰী জয়ন্ত মল্লবৰুৱা আৰু টিহুৰ বিধায়ক তথা প্রাক্তন মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰীৰ লগতে ৰাজ্য চৰকাৰৰ কেইবাগৰাকীও শীর্ষ বিষয়া উপস্থিত থাকিব। এই অনুষ্ঠানৰ বাবে নলবাৰী জিলা প্ৰশাসনে যাৱতীয় প্রস্তুতি সম্পূৰ্ণ কৰিছে। নলবাৰীত এই বৃহৎ উদ্যোগ স্থাপনৰ জৰিয়তে জিলাখনৰ উদ্যোগিক বিকাশ, স্থানীয় অর্থনৈতিক উন্নয়ন আৰু কৰ্ম সংস...

September 2, 2026 6:19 PM

views 15

বিগত ৫ বছৰত অসম আৰক্ষীত ২১ হাজাৰ নিযুক্তি প্ৰদান কৰা হৈছিল আৰু পৰৱৰ্তী ৫ বছৰতো এই ধাৰাবাহিকতা অক্ষুন্ন থাকিবঃ মুখ্যমন্ত্ৰী

অসম আৰক্ষীত অনাগত সময়ত ১৫ ৰ পৰা ২০ হাজাৰ নতুন যুৱক-যুৱতীক নিযুক্তি দিয়া হ'ব বুলি মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই ঘোষণা কৰিছে। গোলাঘাট জিলাৰ দেৰগাঁৱৰ লাচিত বৰফুকন পুলিচ একাডেমীত দুদিনীয়া কাৰ্যসূচীৰে অনুষ্ঠিত জ্যেষ্ঠ আৰক্ষী অধীক্ষক সন্মিলনৰ আজি প্ৰথম দিনা দীক্ষান্ত সমাৰোহত অংশ লৈ মুখ্যমন্ত্ৰীগৰাকীয়ে এই কথা সদৰি কৰে। তেওঁ কয়, যে বিগত ৫ বছৰত অসম আৰক্ষীত ২১ হাজাৰ নিযুক্তি প্ৰদান কৰা হৈছিল আৰু পৰৱৰ্তী ৫ বছৰতো এই ধাৰাবাহিকতা অক্ষুন্ন থাকিব। ড° শৰ্মাই অনুষ্ঠানত দিয়া ভাষণত, প্ৰমাণপত্ৰ লাভ কৰিবল...

September 2, 2026 5:44 PM

views 15

অনাগত সময়ত আৰক্ষীত ১৫ ৰ পৰা ২০ হাজাৰ নতুন যুৱক-যুৱতীক নিযুক্তি দিয়া হ’বঃ মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ ঘোষণা

অনাগত সময়ত আৰক্ষীত ১৫ ৰ পৰা ২০ হাজাৰ নতুন যুৱক-যুৱতীক নিযুক্তি দিয়া হ'ব বুলি মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই ঘোষণা কৰিছে। গোলাঘাট জিলাৰ দেৰগাঁৱৰ লাচিত বৰফুকন পুলিচ একাডেমীত দুদিনীয়া কাৰ্যসূচীৰে জেষ্ঠ্য আৰক্ষী অধীক্ষক সন্মিলনৰ আজি প্ৰথম দিনা দীক্ষান্ত সমাৰোহত অংশলৈ মুখ্যমন্ত্ৰীগৰাকীয়ে এই কথা সদৰি কৰে। তেওঁ কয়, যে আধুনিক নিৰাপত্তা সঁজুলি আৰু চাইবাৰ নিৰাপত্তাৰ ওপৰত এই আৰক্ষীসকলে প্রশিক্ষণ লাভ কৰিছে। এই অভিজ্ঞতাই তেওঁলোকক আধুনিক প্রযুক্তিগতভাৱে সু-সজ্জিত কৰি তুলিব। মুখ্যমন্ত্ৰীগৰাকীয়ে কয় ...