খেল মহাৰণৰ তৃতীয় সংস্কৰণৰ প্ৰতীক, শুভংকৰ, জাৰ্চি আৰু শীৰ্ষ সংগীত উন্মোচন মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শৰ্মাৰ

মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শৰ্মাই আজি ৰাজ্যৰ খেল মহাৰণৰ তৃতীয় সংস্কৰণৰ প্ৰতীক, শুভংকৰ, জাৰ্চি আৰু শীৰ্ষ সংগীত উন্মোচন কৰে। গুৱাহাটীৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰৰ শ্ৰীশ্ৰী দামোদৰদেৱ আন্তঃৰাষ্ট্ৰীয় প্ৰেক্ষাগৃহত এই উপলক্ষে আয়োজিত অনুষ্ঠানত ক্রীড়া মন্ত্ৰী বিশ্বজিৎ দৈমাৰী উপস্থিত থাকে।

অনুষ্ঠানৰ পাছত সাংবাদিকৰ আগত মুখ্যমন্ত্ৰী ড০ শৰ্মাই কয়, যে এইবাৰৰ খেলমহাৰণৰ ১৩ বছৰ অনুৰ্ধৰ শাখাত কেইবাবিধো খেল অন্তৰ্ভুক্ত কৰা হৈছে। এই প্ৰতিযোগিতাৰ জৰিয়তে ক্রীড়া প্রতিভা অন্বেষণৰ লক্ষ্য লোৱা হৈছে বুলি উল্লেখ কৰি মুখ্যমন্ত্ৰীগৰাকীয়ে কয়, যে এই ক্ষেত্ৰত জে এছ ডব্লিউ স্পোর্টছৰ সৈতে ৰাজ্য চৰকাৰে এখন বুজাবুজিৰ চুক্তি স্বাক্ষৰ কৰিছে ।

উল্লেখযোগ্য যে, ৰাজ্যত খেল মহাৰণৰ তৃতীয় সংস্কৰণৰ খেলসমূহ অহা ৭ নৱেম্বৰৰ পৰা অনুষ্ঠিত হ’ব। গাঁৱৰ খেল-পথাৰৰ পৰা ৰাজ্যিক পৰ্যায়লৈ প্ৰতিভা সন্ধান, প্রতিভা বিকাশ আৰু ক্ৰীড়াৰ জৰিয়তে যুৱ সমাজক শক্তিশালী কৰাৰ বাবে এইবাৰ অধিক ব্যাপক আৰু ৰোমাঞ্চকৰ ৰূপত এই ক্ৰীড়াৰ আয়োজন কৰা হৈছে। এইবাৰ নতুনকৈ এথলেটিক্‌চ, যোগাসন, দবা, বক্সিং, একুৱাথলন, ফুটবল, ভলীবল আৰু সাঁতোৰ – এইকেইটা শিতানত খেল অনুষ্ঠিত হ’ব। উল্লেখযোগ্য যে যোৱাবাৰৰ খেল মহাৰণত ৩৯ লাখ ১৯ হাজাৰ ৬৫৯ গৰাকী খেলুৱৈয়ে অংশ লৈছিল আৰু ইয়াৰে ৫৫৪ গৰাকীক বাছনি কৰি প্ৰশিক্ষণ দিয়া হৈছিল৷ একেদৰে প্ৰথম সংস্কৰণত ৬১২ গৰাকী প্ৰতিভা চিনাক্ত কৰি ৩৫০ ৰো অধিক খেলুৱৈক প্ৰশিক্ষণ দিয়া হৈছিল।

অধিক পঢ়ক
সকলো চাওক arrow-right

কোনো পোষ্ট পোৱা নগ'ল।