September 10, 2026 3:34 PM

views 21

বানেকুছিৰ শ’লমাৰীত স্থাপন কৰা পেপছিক উদ্যোগটোৰ উৎপাদন কার্যৰ শুভাৰম্ভ

মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শৰ্মাই আজি নলবাৰী জিলাৰ টিহু সমষ্টিৰ বানেকুছিৰ শ'লমাৰীত স্থাপন কৰা পেপছিক উদ্যোগটোৰ উৎপাদন কার্যৰ শুভাৰম্ভ কৰে। উদ্বোধনী ভাষণ মুখ্যমন্ত্ৰীগৰাকীয়ে কয় যে এই উদ্যোগত ২০০ গৰাকী যুৱক-যুৱতী প্রত্যক্ষ সংস্থাপন দিয়াৰ লগতে আন ৫০০ গৰাকী লোকক পৰোক্ষভাৱে সংস্থাপনৰ সুযোগ আগবঢ়োৱা হৈছে। তেওঁ কয় যে বৰ্তমান সময়ত আলুৰ পৰা চিপছ উৎপাদন কৰা এই উদ্যোগটোৰ বাবে ৩০ হাজাৰ মেট্রিক টন আলুৰ প্ৰয়োজন হ'ব। ২০৩০ চনৰ ভিতৰত এই প্রয়োজন ৭০ হাজাৰ মেট্রিক টনলৈ বৃদ্ধি পাব বুলিও তেওঁ কয়। এই উদ্যোগট...

September 10, 2026 3:02 PM

views 51

অসম সম্প্ৰতি উন্নয়নৰ নতুন পৰ্যায়ত উপনীত হৈছেঃ মুখ্যমন্ত্ৰী

অসম সম্প্ৰতি উন্নয়নৰ নতুন পৰ্যায়ত উপনীত হৈছে বুলি মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই প্রকাশ কৰিছে। ভাৰতীয় প্ৰযুক্তি বিদ্যা প্রতিষ্ঠান, আই আই টি গুৱাহাটীৰ এটা অনুষ্ঠানত অংশগ্ৰহণ কৰি মুখ্যমন্ত্ৰীগৰাকীয়ে কয়, যে বিগত বছৰকেইটাত ৰাজ্যৰ আন্তঃগাঁথনি, যোগাযোগ ব্যৱস্থা আৰু ঔদ্যোগিক ভেটি সুদৃঢ় হৈছে আৰু ইয়াৰ ফলত ৰাষ্ট্ৰীয়-আন্তঃৰাষ্ট্ৰীয় বজাৰৰ সৈতে যোগাযোগ শক্তিশালী হৈ উঠিছে। ৰাজ্যৰ জনসাধাৰণ আৰু উদ্যোগ প্ৰতিষ্ঠানসমূহৰ উৎপাদন ক্ষমতা বৃদ্ধি কৰি উন্নয়নৰ এই প্ৰক্ৰিয়া আগুৱাই নিব লাগিব বুলি মুখ্যমন্ত্ৰ...

September 10, 2026 12:31 PM

views 21

বানেকুছিৰ শ’লমাৰীত স্থাপন কৰা পেপছিক’ উদ্যোগটোৰ উৎপাদন কার্যৰ শুভাৰম্ভ

CMOনলবাৰী জিলাৰ টিহু সমষ্টিৰ বানেকুছিৰ শ'লমাৰীত স্থাপন কৰা পেপছিক' উদ্যোগটোৰ উৎপাদন কার্য মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শৰ্মাই আজি শুভাৰম্ভ কৰিব। অনুষ্ঠানত নলবাৰী সমষ্টিৰ বিধায়ক তথা মন্ত্ৰী জয়ন্ত মল্লবৰুৱা আৰু টিহুৰ বিধায়ক তথা প্রাক্তন মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰীৰ লগতে ৰাজ্য চৰকাৰৰ কেইবাগৰাকীও শীর্ষ বিষয়া উপস্থিত থাকিব। এই অনুষ্ঠানৰ বাবে নলবাৰী জিলা প্ৰশাসনে যাৱতীয় প্রস্তুতি সম্পূৰ্ণ কৰিছে। নলবাৰীত এই বৃহৎ উদ্যোগ স্থাপনৰ জৰিয়তে জিলাখনৰ উদ্যোগিক বিকাশ, স্থানীয় অর্থনৈতিক উন্নয়ন আৰু কৰ্ম সংস...

September 2, 2026 6:19 PM

views 19

বিগত ৫ বছৰত অসম আৰক্ষীত ২১ হাজাৰ নিযুক্তি প্ৰদান কৰা হৈছিল আৰু পৰৱৰ্তী ৫ বছৰতো এই ধাৰাবাহিকতা অক্ষুন্ন থাকিবঃ মুখ্যমন্ত্ৰী

অসম আৰক্ষীত অনাগত সময়ত ১৫ ৰ পৰা ২০ হাজাৰ নতুন যুৱক-যুৱতীক নিযুক্তি দিয়া হ'ব বুলি মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই ঘোষণা কৰিছে। গোলাঘাট জিলাৰ দেৰগাঁৱৰ লাচিত বৰফুকন পুলিচ একাডেমীত দুদিনীয়া কাৰ্যসূচীৰে অনুষ্ঠিত জ্যেষ্ঠ আৰক্ষী অধীক্ষক সন্মিলনৰ আজি প্ৰথম দিনা দীক্ষান্ত সমাৰোহত অংশ লৈ মুখ্যমন্ত্ৰীগৰাকীয়ে এই কথা সদৰি কৰে। তেওঁ কয়, যে বিগত ৫ বছৰত অসম আৰক্ষীত ২১ হাজাৰ নিযুক্তি প্ৰদান কৰা হৈছিল আৰু পৰৱৰ্তী ৫ বছৰতো এই ধাৰাবাহিকতা অক্ষুন্ন থাকিব। ড° শৰ্মাই অনুষ্ঠানত দিয়া ভাষণত, প্ৰমাণপত্ৰ লাভ কৰিবল...

September 2, 2026 5:44 PM

views 25

অনাগত সময়ত আৰক্ষীত ১৫ ৰ পৰা ২০ হাজাৰ নতুন যুৱক-যুৱতীক নিযুক্তি দিয়া হ’বঃ মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ ঘোষণা

অনাগত সময়ত আৰক্ষীত ১৫ ৰ পৰা ২০ হাজাৰ নতুন যুৱক-যুৱতীক নিযুক্তি দিয়া হ'ব বুলি মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই ঘোষণা কৰিছে। গোলাঘাট জিলাৰ দেৰগাঁৱৰ লাচিত বৰফুকন পুলিচ একাডেমীত দুদিনীয়া কাৰ্যসূচীৰে জেষ্ঠ্য আৰক্ষী অধীক্ষক সন্মিলনৰ আজি প্ৰথম দিনা দীক্ষান্ত সমাৰোহত অংশলৈ মুখ্যমন্ত্ৰীগৰাকীয়ে এই কথা সদৰি কৰে। তেওঁ কয়, যে আধুনিক নিৰাপত্তা সঁজুলি আৰু চাইবাৰ নিৰাপত্তাৰ ওপৰত এই আৰক্ষীসকলে প্রশিক্ষণ লাভ কৰিছে। এই অভিজ্ঞতাই তেওঁলোকক আধুনিক প্রযুক্তিগতভাৱে সু-সজ্জিত কৰি তুলিব। মুখ্যমন্ত্ৰীগৰাকীয়ে কয় ...

August 21, 2026 6:38 PM

views 40

কেন্দ্রীয় মন্ত্রী প্রহ্লাদ যোশীক সাক্ষাৎ মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শৰ্মাৰ

মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শৰ্মাই আজি কেন্দ্রীয় মন্ত্রী প্রহ্লাদ যোশীক তেওঁৰ নতুন দিল্লীস্থিত বাসভৱনত সাক্ষাৎ কৰি শিক্ষা, খাদ্য, অসামৰিক যোগান আৰু নৱীকৰণযোগ্য শক্তিকে ধৰি ৰাজ্যৰ অগ্ৰাধিকাৰপ্ৰাপ্ত বিষয়সমূহক লৈ আলোচনা কৰে। সামাজিক মাধ্যমৰ এটা বাৰ্তাত মুখ্যমন্ত্ৰী ড০ শৰ্মাই কেন্দ্ৰীয় মন্ত্ৰীগৰাকীৰ সৈতে হোৱা এই আলোচনা ফলপ্রসূ আছিল বুলি প্ৰকাশ কৰে। মুখ্যমন্ত্ৰী ড০ শৰ্মাই কেন্দ্ৰীয় মন্ত্ৰী প্ৰহ্লাদ যোশীৰ অসমৰ প্ৰতি ইতিবাচক মনোভাৱ আৰু সমর্থনৰ বাবে প্ৰশংসা কৰে। মন্ত্ৰী শ্ৰী যোশীয়ে এছ এন এ- স্পৰ্শ...

August 19, 2026 7:55 PM

views 38

ৰাজ্য চৰকাৰে অতিৰিক্ত জিলা আয়ুক্ত আৰু নিম্ন পৰ্যায়ৰ প্ৰশাসনিক বিষয়াসকলক অধিক ক্ষমতা প্ৰদানৰ সম্ভাৱনাৰ অন্বেষণ কৰিবঃ মুখ্যমন্ত্ৰী

ৰাজ্য চৰকাৰে অতিৰিক্ত জিলা আয়ুক্ত আৰু নিম্ন পৰ্যায়ৰ প্ৰশাসনিক বিষয়াসকলক অধিক ক্ষমতা প্ৰদানৰ সম্ভাৱনাৰ অন্বেষণ কৰিব বুলি মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই প্ৰকাশ কৰিছে। ৰূপনগৰত আজি কামৰূপ মহানগৰ জিলা সংহত আয়ুক্তৰ কাৰ্যালয় মুকলি কৰি সাংবাদিকৰ সৈতে হোৱা কথা-বতৰাত ড০ শৰ্মাই কয়, যে জনসাধাৰণৰ হিতার্থে প্রশাসনিক ক্ষমতাৰ অধিক বিকেন্দ্ৰীকৰণ জৰুৰী হৈ পৰিছে। তেওঁ কয়, যে অতিৰিক্ত জিলা আয়ুক্তসকলক সৰ্বাধিক ক্ষমতা প্ৰদানৰ সম্ভাৱনাৰ বিষয়ে চালি জাৰি চোৱাৰ বাবে অহা মাহত জিলা আয়ুক্তসকলৰ এখন বৈঠক আহ্বান ...

August 13, 2026 5:28 PM

views 34

লোকসেৱা ভৱনত লাভলীনা বৰগোঁহাইক সম্বর্ধনা মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শৰ্মাৰ

মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শৰ্মাই আজি লোকসেৱা ভৱনত লাভলীনা বৰগোঁহাইক সম্বর্ধনা জনায়। গ্লাছগোত অনুষ্ঠিত কমনৱেলথ গেমছত লাভলীনাই বক্সিঙৰ ৭৫ কিলোগ্রাম শাখাত ৰূপৰ পদক জয় কৰি দেশ তথা ৰাজ্যলৈ গৌৰৱ কঢ়িয়াই আনিছিল। ড০ শৰ্মাই লাভলীনাৰ সাফল্যৰ বাবে ৰাজ্য চৰকাৰৰ তৰফৰ পৰা ৩০ লাখ টকাৰ চেক প্ৰদান কৰে। খেলুৱৈগৰাকীয়ে কমনৱেলথ গেমছৰ স্মাৰক হিচাপে মুখ্যমন্ত্ৰী ড০ শৰ্মাক দুটা জাৰ্ছী উপহাৰস্বৰূপে প্ৰদান কৰে।

August 13, 2026 4:39 PM

views 27

উজনি অসমত হোৱা প্ৰলয়ংকৰী বানত এহেজাৰ কোটিৰো অধিক টকাৰ ক্ষতি হৈছেঃ মুখ্যমন্ত্ৰী

উজনি অসমত হোৱা প্ৰলয়ংকৰী বানত এহেজাৰ কোটিৰো অধিক টকাৰ ক্ষতি হৈছে বুলি মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই প্রকাশ কৰিছে। দিছপুৰত কালি এখন সংবাদমেলত শিৱসাগৰ, চৰাইদেউ, যোৰহাট আৰু গোলাঘাট জিলাত বানত হোৱা ক্ষয়-ক্ষতি আৰু চৰকাৰে লোৱা পদক্ষেপৰ সবিশেষ সদৰি কৰি মুখ্যমন্ত্ৰীগৰাকীয়ে কয়, যে শিৱসাগৰ আৰু চৰাইদেউক নতুন ৰূপত সজাই তোলাৰ পৰিকল্পনা লোৱা হৈছে। তেওঁ কয়, যে ৰাজ্য চৰকাৰে বানত সৰ্বাধিক ক্ষতি হোৱা নেপালী খুঁটি, মাজগাঁও, বামুণপুখুৰী, কমলাবস্তি এলেকাত প্ৰভাৱিত লোকসকলক দীৰ্ঘম্যাদী আঁচনিৰ জৰিয়তে সহায় ...

August 11, 2026 1:45 PM

views 27

সোণাপুৰৰ কমাৰকুছিস্থিত জুবিন ক্ষেত্ৰৰ নিৰ্মাণকাৰ্যৰ বুজ মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শৰ্মাৰ

মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শৰ্মাই কালি সোণাপুৰৰ কমাৰকুছিস্থিত জুবিন ক্ষেত্ৰৰ নিৰ্মাণকাৰ্যৰ বুজ লয়। চৌহদৰ চাৰিবেৰৰ কাম সোনকালে সম্পন্ন কৰিবলৈ মুখ্যমন্ত্ৰীয়ে সংশ্লিষ্ট লোকসকলক নির্দেশনা দিয়ে, যাতে মুকলি মঞ্চ তথা অন্য প্রয়োজনীয় কামসমূহ শীঘ্ৰেই আৰম্ভ কৰিব পৰা যায়৷ মুখ্যমন্ত্ৰীৰ এই পৰিদৰ্শনকালত কৃষিমন্ত্রী পীযূষ হাজৰিকাই সংগ দিয়াৰ লগতে লোকনির্মাণ বিভাগ তথা অন্যান্য সংশ্লিষ্ট বিভাগৰ বিষয়াসকলৰ সৈতে নিৰ্মাণৰ অগ্ৰগতিৰ দিশটো পৰ্যালোচনা কৰে।