August 21, 2026 6:38 PM

views 34

কেন্দ্রীয় মন্ত্রী প্রহ্লাদ যোশীক সাক্ষাৎ মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শৰ্মাৰ

মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শৰ্মাই আজি কেন্দ্রীয় মন্ত্রী প্রহ্লাদ যোশীক তেওঁৰ নতুন দিল্লীস্থিত বাসভৱনত সাক্ষাৎ কৰি শিক্ষা, খাদ্য, অসামৰিক যোগান আৰু নৱীকৰণযোগ্য শক্তিকে ধৰি ৰাজ্যৰ অগ্ৰাধিকাৰপ্ৰাপ্ত বিষয়সমূহক লৈ আলোচনা কৰে। সামাজিক মাধ্যমৰ এটা বাৰ্তাত মুখ্যমন্ত্ৰী ড০ শৰ্মাই কেন্দ্ৰীয় মন্ত্ৰীগৰাকীৰ সৈতে হোৱা এই আলোচনা ফলপ্রসূ আছিল বুলি প্ৰকাশ কৰে। মুখ্যমন্ত্ৰী ড০ শৰ্মাই কেন্দ্ৰীয় মন্ত্ৰী প্ৰহ্লাদ যোশীৰ অসমৰ প্ৰতি ইতিবাচক মনোভাৱ আৰু সমর্থনৰ বাবে প্ৰশংসা কৰে। মন্ত্ৰী শ্ৰী যোশীয়ে এছ এন এ- স্পৰ্শ...

August 19, 2026 7:55 PM

views 32

ৰাজ্য চৰকাৰে অতিৰিক্ত জিলা আয়ুক্ত আৰু নিম্ন পৰ্যায়ৰ প্ৰশাসনিক বিষয়াসকলক অধিক ক্ষমতা প্ৰদানৰ সম্ভাৱনাৰ অন্বেষণ কৰিবঃ মুখ্যমন্ত্ৰী

ৰাজ্য চৰকাৰে অতিৰিক্ত জিলা আয়ুক্ত আৰু নিম্ন পৰ্যায়ৰ প্ৰশাসনিক বিষয়াসকলক অধিক ক্ষমতা প্ৰদানৰ সম্ভাৱনাৰ অন্বেষণ কৰিব বুলি মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই প্ৰকাশ কৰিছে। ৰূপনগৰত আজি কামৰূপ মহানগৰ জিলা সংহত আয়ুক্তৰ কাৰ্যালয় মুকলি কৰি সাংবাদিকৰ সৈতে হোৱা কথা-বতৰাত ড০ শৰ্মাই কয়, যে জনসাধাৰণৰ হিতার্থে প্রশাসনিক ক্ষমতাৰ অধিক বিকেন্দ্ৰীকৰণ জৰুৰী হৈ পৰিছে। তেওঁ কয়, যে অতিৰিক্ত জিলা আয়ুক্তসকলক সৰ্বাধিক ক্ষমতা প্ৰদানৰ সম্ভাৱনাৰ বিষয়ে চালি জাৰি চোৱাৰ বাবে অহা মাহত জিলা আয়ুক্তসকলৰ এখন বৈঠক আহ্বান ...

August 13, 2026 5:28 PM

views 29

লোকসেৱা ভৱনত লাভলীনা বৰগোঁহাইক সম্বর্ধনা মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শৰ্মাৰ

মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শৰ্মাই আজি লোকসেৱা ভৱনত লাভলীনা বৰগোঁহাইক সম্বর্ধনা জনায়। গ্লাছগোত অনুষ্ঠিত কমনৱেলথ গেমছত লাভলীনাই বক্সিঙৰ ৭৫ কিলোগ্রাম শাখাত ৰূপৰ পদক জয় কৰি দেশ তথা ৰাজ্যলৈ গৌৰৱ কঢ়িয়াই আনিছিল। ড০ শৰ্মাই লাভলীনাৰ সাফল্যৰ বাবে ৰাজ্য চৰকাৰৰ তৰফৰ পৰা ৩০ লাখ টকাৰ চেক প্ৰদান কৰে। খেলুৱৈগৰাকীয়ে কমনৱেলথ গেমছৰ স্মাৰক হিচাপে মুখ্যমন্ত্ৰী ড০ শৰ্মাক দুটা জাৰ্ছী উপহাৰস্বৰূপে প্ৰদান কৰে।

August 13, 2026 4:39 PM

views 18

উজনি অসমত হোৱা প্ৰলয়ংকৰী বানত এহেজাৰ কোটিৰো অধিক টকাৰ ক্ষতি হৈছেঃ মুখ্যমন্ত্ৰী

উজনি অসমত হোৱা প্ৰলয়ংকৰী বানত এহেজাৰ কোটিৰো অধিক টকাৰ ক্ষতি হৈছে বুলি মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই প্রকাশ কৰিছে। দিছপুৰত কালি এখন সংবাদমেলত শিৱসাগৰ, চৰাইদেউ, যোৰহাট আৰু গোলাঘাট জিলাত বানত হোৱা ক্ষয়-ক্ষতি আৰু চৰকাৰে লোৱা পদক্ষেপৰ সবিশেষ সদৰি কৰি মুখ্যমন্ত্ৰীগৰাকীয়ে কয়, যে শিৱসাগৰ আৰু চৰাইদেউক নতুন ৰূপত সজাই তোলাৰ পৰিকল্পনা লোৱা হৈছে। তেওঁ কয়, যে ৰাজ্য চৰকাৰে বানত সৰ্বাধিক ক্ষতি হোৱা নেপালী খুঁটি, মাজগাঁও, বামুণপুখুৰী, কমলাবস্তি এলেকাত প্ৰভাৱিত লোকসকলক দীৰ্ঘম্যাদী আঁচনিৰ জৰিয়তে সহায় ...

August 11, 2026 1:45 PM

views 21

সোণাপুৰৰ কমাৰকুছিস্থিত জুবিন ক্ষেত্ৰৰ নিৰ্মাণকাৰ্যৰ বুজ মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শৰ্মাৰ

মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শৰ্মাই কালি সোণাপুৰৰ কমাৰকুছিস্থিত জুবিন ক্ষেত্ৰৰ নিৰ্মাণকাৰ্যৰ বুজ লয়। চৌহদৰ চাৰিবেৰৰ কাম সোনকালে সম্পন্ন কৰিবলৈ মুখ্যমন্ত্ৰীয়ে সংশ্লিষ্ট লোকসকলক নির্দেশনা দিয়ে, যাতে মুকলি মঞ্চ তথা অন্য প্রয়োজনীয় কামসমূহ শীঘ্ৰেই আৰম্ভ কৰিব পৰা যায়৷ মুখ্যমন্ত্ৰীৰ এই পৰিদৰ্শনকালত কৃষিমন্ত্রী পীযূষ হাজৰিকাই সংগ দিয়াৰ লগতে লোকনির্মাণ বিভাগ তথা অন্যান্য সংশ্লিষ্ট বিভাগৰ বিষয়াসকলৰ সৈতে নিৰ্মাণৰ অগ্ৰগতিৰ দিশটো পৰ্যালোচনা কৰে।

August 11, 2026 1:29 PM

views 17

সাম্প্ৰতিক বানত ক্ষয়ক্ষতিৰ জৰীপ আৰু মূল্যায়নৰ কাম নিখুঁত আৰু ক্ষীপ্ৰতাৰে সম্পূৰ্ণ কৰিবলৈ জিলা প্রশাসনক মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শৰ্মাৰ নিৰ্দেশ

মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শৰ্মাই ৰাজ্যৰ সাম্প্ৰতিক বানত ক্ষতিগ্রস্ত বিভিন্ন অঞ্চলত চলি থকা সাহায্য আৰু পুনসংস্থাপনৰ কামকাজৰ এখন পৰ্যালোচনা বৈঠকত ভাগ লৈ ক্ষয়ক্ষতিৰ জৰীপ আৰু মূল্যায়নৰ কাম নিখুঁত আৰু ক্ষীপ্ৰতাৰে সম্পূৰ্ণ কৰিবলৈ নিৰ্দেশ দিয়ে। শিৱসাগৰ, চৰাইদেউ, গোলাঘাট আৰু যোৰহাট জিলাৰ সংশ্লিষ্ট বিভাগ তথা জিলা আয়ুক্তৰ সৈতে ভিডিঅ' কনফাৰেন্স যোগে ভাগ লোৱা পৰ্যালোচনা বৈঠকখনতে মুখ্যমন্ত্ৰীয়ে বানত ক্ষতিগ্রস্ত হোৱা কোনো পৰিয়ালে যাতে সাহায্য লাভৰ পৰা বাদ পৰি নাযায় সেয়া নিশ্চিত কৰিবলৈও নিৰ্দেশ দিয...

August 6, 2026 6:21 PM

views 65

মুখ্যমন্ত্ৰীৰ নিযুত মইনা আৰু নিযুত বাবু আঁচনিৰ আবেদন পত্ৰ বিতৰণ কাৰ্যসূচীৰ শুভাৰম্ভ

মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শৰ্মাই আজি দুপৰীয়া ১২.৩০ বজাত গুৱাহাটীৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত আয়োজিত কেন্দ্ৰীয় অনুষ্ঠানত মুখ্যমন্ত্ৰীৰ নিযুত মইনা আৰু নিযুত বাবু আঁচনিৰ আবেদন পত্ৰ বিতৰণ কাৰ্যসূচীৰ শুভাৰম্ভ কৰে। ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ ৪৫২ খন প্ৰতিষ্ঠানত এই আবেদন পত্ৰ বিতৰণ কৰা হয়। শিক্ষা গ্ৰহণৰ বিত্তীয় বাধা দূৰ কৰাৰ উদ্দেশ্যে প্ৰৱৰ্তন কৰা এই আঁচনিৰ অধীনত একাদশ, দ্বাদশ তথা পলিটেকনিকৰ ডিপ্ল’মা পাঠ্যক্ৰমৰ প্ৰথম আৰু দ্বিতীয় বৰ্ষৰ শিক্ষাৰ্থীসকলক প্ৰতিমাহে ৮০০ টকাকৈ, স্নাতক পর্যায়, সংহত শিক্...

August 6, 2026 12:07 PM

views 51

মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শর্মাই আজি নিযুত ম‍ইনা আৰু নিযুত বাবু আঁচনিৰ আবেদন পত্ৰ বিতৰণ কাৰ্যসূচীৰ শুভাৰম্ভ কৰিব

মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শর্মাই আজি দুপৰীয়া ১২.৩০ বজাত গুৱাহাটীৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত আয়োজিত কেন্দ্ৰীয় অনুষ্ঠানত মুখ্যমন্ত্ৰীৰ নিযুত ম‍ইনা আৰু নিযুত বাবু আঁচনিৰ আবেদন পত্ৰ বিতৰণ কাৰ্যসূচীৰ শুভাৰম্ভ কৰিব। ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ ৪৫২ খন প্ৰতিষ্ঠানত এই আবেদন পত্ৰ বিতৰণ কৰা হ'ব। শিক্ষা গ্ৰহণৰ বিত্তীয় বাধা দূৰ কৰাৰ উদ্দেশ্যে প্ৰৱৰ্তন কৰা এই আঁচনিৰ অধীনত একাদশ, দ্বাদশ তথা পলিটেকনিকৰ ডিপ্ল’মা পাঠ্যক্ৰমৰ প্ৰথম আৰু দ্বিতীয় বৰ্ষৰ শিক্ষাৰ্থীসকলক প্ৰতিমাহে ৮০০ টকাকৈ, স্নাতক পর্যায়, সংহত শি...

August 6, 2026 11:56 AM

views 23

ডিব্ৰুগড়ৰ খনিকৰত নিৰ্মীয়মান অসম বিধানসভা চৌহদ আৰু বিধায়ক আবাস পৰিদৰ্শন কৰি নিৰ্মাণকাৰ্যৰ অগ্ৰগতিৰ বুজ মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শৰ্মাৰ

ডিব্ৰুগড়ৰ খনিকৰত নিৰ্মীয়মান অসম বিধানসভা চৌহদ আৰু বিধায়ক আবাস কালি মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শৰ্মাই পৰিদৰ্শন কৰি নিৰ্মাণকাৰ্যৰ অগ্ৰগতিৰ বুজ লয়। মুখ্যমন্ত্ৰীয়ে ভৱিষ্যতৰ প্ৰয়োজন পূৰণ কৰিব পৰাকৈ উচ্চ মান বজাই ৰাখি নিৰ্মাণকাৰ্য কৰিবলৈ সংশ্লিষ্টসকলক নিৰ্দেশ দিয়ে। তদুপৰি নিৰ্ধাৰিত সময়ত এই কাম সম্পূৰ্ণ কৰিবলৈও মুখ্যমন্ত্ৰীয়ে বিষয়াসকলক নির্দেশ দিয়ে।

July 17, 2026 6:17 PM

views 34

ৰাজ্যত অহা ৩ আগষ্টৰ পৰা অৰুণোদয় আঁচনি পুনৰ আৰম্ভ কৰা হ’ব

ৰাজ্যত অহা ৩ আগষ্টৰ পৰা অৰুণোদয় আঁচনি পুনৰ আৰম্ভ কৰা হ'ব। সেইদিনা ৰাজ্যৰ প্ৰতিখন পঞ্চায়ততে ৰাজহুৱা সভাৰ আয়োজন কৰি হিতাধিকাৰীসকলক আনুষ্ঠানিকভাৱে এই আঁচনিৰ প্ৰথম কিস্তিৰ ধন বিতৰণ কৰা হ'ব। ৰাজ্য চৰকাৰে সাময়িকভাৱে বন্ধ কৰি ৰখা কেইবাখনো জনকল্যাণমূলক আঁচনি অহা মাহৰ পৰা পুনৰ আৰম্ভ কৰিব বুলি মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শর্মাই কালি সামাজিক মাধ্যমযোগে ঘোষণা কৰিছিল। সেই অনুসৰি, ছাত্ৰ-ছাত্ৰীসকলৰ নামভৰ্তিৰ প্ৰক্ৰিয়া সমাপ্ত হোৱাৰ পাছতে অহা ৬ আগষ্টৰ পৰা নিযুত মইনা আৰু ৭ আগষ্টৰ পৰা নিযুত বাবু আঁচনিও আৰম্ভ...