বহিঃৰাজ্যত মৃত্যুক আঁকোৱালি লোৱা হিমাশ্ৰী বড়ো নামৰ যুৱতীগৰাকীৰ গুৱাহাটীৰ সমীপৰ চপাইদঙৰ বাসগৃহত আজি মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শর্মা উপস্থিত হৈ পৰিয়ালটোৰ সৈতে মত বিনিময় কৰে।
শোকসন্তপ্ত পৰিয়ালটোক সমবেদনা জ্ঞাপন কৰি মুখ্যমন্ত্ৰী ড০ শৰ্মাই কয়, যে যুৱতীগৰাকীৰ মৃত্যুৰ ঘটনাক লৈ পৰিয়ালৰ লগতে ৰাইজৰো সন্দেহ হৈছে সেয়েহে অসম আৰক্ষীৰ মহা পৰিদৰ্শকৰ নেতৃত্বত এটা দল তদন্তৰ বাবে অন্ধ্ৰপ্ৰদেশলৈ প্ৰেৰণ কৰা হৈছে। তেওঁ লগতে হিমাশ্ৰী বড়োৰ আৰ্থিকভাৱে অনগ্ৰসৰ পৰিয়ালটোক চৰকাৰে অৰ্থসাহায্য আগবঢ়াব বুলিও উল্লেখ কৰে। তেওঁ এই ঘটনাৰ আঁৰৰ সত্য পোহৰলৈ অহাৰ বাবে চলোৱা তদন্তত চৰকাৰে গুৰুত্ব আৰোপ কৰা বুলি প্ৰকাশ কৰে।
ইপিনে, হিমাশ্ৰীৰ মৃত্যুৰ উচিত তদন্ত তথা ন্যায় বিচাৰি ইউ পি পি এলৰ সাংসদ প্রমোদ বড়োৱে ৰে’ল মন্ত্ৰ্যালয়, গৃহমন্ত্ৰী আৰু দেশৰ প্ৰধানমন্ত্ৰীলৈ পত্ৰ প্ৰেৰণ কৰিছে।
তদুপৰি ৰে’ল আৰক্ষী, ৰে’ল মন্ত্ৰী অশ্বিনী বৈষ্ণৱ, মুখ্যমন্ত্রী ড° শর্মাকো এই ঘটনাৰ উচিত বিচাৰৰ বাবে দাবী জনোৱা হৈছে। এই অনুসৰি মুখ্যমন্ত্রী ড° শৰ্মাই অন্ধ্ৰপ্ৰদেশৰ মুখ্যমন্ত্ৰী এন চন্দ্রবাবু নাইডুলৈ এই সন্দৰ্ভত পত্ৰ প্ৰেৰণ কৰিছে বুলি শ্ৰী বড়োৱে প্ৰকাশ কৰে।