ৰাজ্যিক মন্ত্রীসভাই ৰাজ্যৰ ৪০ লাখৰো অধিক পৰিয়াললৈ বিনামূলীয়া উন্নত স্বাস্থ্য সেৱা অব্যাহত ৰখাৰ উদ্দেশ্যে আয়ুষ্মান অসম যোজনাৰ অধীনত ২০০ কোটি টকাৰ বিশেষ বাজেটত অনুমোদন জনাইছে। মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শৰ্মাৰ অধ্যক্ষতাত কালি দিছপুৰৰ লোকসেৱা ভৱনত অনুষ্ঠিত মন্ত্ৰীসভাৰ বৈঠকৰ পাছত এখন সংবাদমেলত তেওঁ এই বিষয়ে সদৰি কৰে। বৈঠকত শিক্ষা, স্বাস্থ্য খণ্ডৰ বিকাশ আৰু কৰ্মচাৰীসকলৰ কল্যাণৰ বাবে কেইবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰা হয়। সমগ্ৰ শিক্ষা অভিযানৰ কোনো বিষয়া-কৰ্মচাৰীৰ কৰ্তব্যৰত অৱস্থাত বা দুর্ভাগ্যবশতঃ মৃত্যু হ’লে কৰ্মচাৰীগৰাকীৰ পৰিয়ালক প্ৰদান কৰা এককালীন সাহায্য ৫ লাখ টকাৰ পৰা চাৰে ৭ লাখ টকালৈ বৃদ্ধি কৰাৰ বাবে বৈঠকত সিদ্ধান্ত লোৱা হয় ৷
তদুপৰি আৰ্থিকভাৱে পিছপৰা আৰু দুখীয়া শিক্ষাৰ্থীসকলৰ উচ্চ শিক্ষাৰ পথ সুগম কৰাৰ উদ্দেশ্যে ২০২৬-২৭ বৰ্ষৰ প্ৰজ্ঞান ভাৰতী আঁচনিৰ অধীনত ডেৰ লাখৰো অধিক স্নাতক প্রথম বৰ্ষৰ শিক্ষাৰ্থীৰ নামভৰ্তিৰ মাচুল ৰেহাইৰ বাবদ ৰাজ্যৰ মহাবিদ্যালয়সমূহলৈ ১০৮ কোটি ৮১ লাখ টকা মোকলাই দিয়াৰ প্ৰস্তাৱতো অনুমোদন দিয়া হয়। গুৱাহাটীৰ ঐতিহ্যমণ্ডিত কৃষ্ণকান্ত সন্দিকৈ সংস্কৃত মহাবিদ্যালয়খনক নলবাৰীস্থিত কুমাৰ ভাস্কৰ বৰ্মা সংস্কৃত আৰু পুৰাতন অধ্যয়ন বিশ্ববিদ্যালয়ৰ সৈতে একত্ৰিকৰণৰ সিদ্ধান্তও কালি গ্ৰহণ কৰা হয়। একত্ৰিকৰণৰ পাছত প্ৰতিষ্ঠানটোৰ চৌহদ নলবাৰীলৈ স্থানান্তৰিত কৰা হ’ব বুলি তেওঁ জানিবলৈ দিয়ে।
মন্ত্রীসভাই আই আই টি গুৱাহাটীৰ গৱেষণা উদ্যানৰ জৰিয়তে শিক্ষণ-শিকন সামগ্ৰী কিট ক্রয়ৰ বাবে অনুমোদন দিছে বুলিও ড০ শৰ্মাই সদৰি কৰে।