August 12, 2026 12:09 PM

views 4

লোকসেৱা ভৱনত অনুষ্ঠিত মন্ত্রীসভাৰ বৈঠকত কেইবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ

লোকসেৱা ভৱনত অনুষ্ঠিত মন্ত্রীসভাৰ বৈঠকত আধাৰ কাৰ্ডৰ ক্ষেত্ৰত নতুন সিদ্ধান্ত গ্ৰহণ কৰিছে। সেই অনুসৰি আধাৰ কাৰ্ড উলিওৱাৰ সময়-সীমা অহা বছৰৰ ৩১ মাৰ্চলৈ বৃদ্ধি কৰা হৈছে। মৰাণ, মটক জনগোষ্ঠীৰ লোকসকলে ৩১ মাৰ্চৰ ভিতৰত আধাৰ কাৰ্ড ল'ব পাৰিব। জাগীৰোডত অসম ঔদ্যোগিক উন্নয়ন নিগমৰ অধীনত হোটেল নিৰ্মাণ কৰা হ'ব বুলি মুখ্যমন্ত্ৰীগৰাকীয়ে জানিবলৈ দিয়ে। চৰকাৰী সেৱাত নিযুক্তিপ্রাপ্ত লোকসকলৰ বাবে নথিপত্ৰৰ পৰীক্ষণত আৰক্ষীৰ সত্যাসত্য নিৰূপণ ব্যৱস্থা সৰলীকৰণত কালি মন্ত্রীসভাই অনুমোদন জনায়। তদুপৰি অসমৰ ৰাজ্যিক অন্যান্য...

August 27, 2025 8:00 PM

views 48

দুটা ভিন্ন ধৰ্মৰ ব্যক্তিৰ মাজত ভূমি ক্রয় বিক্ৰয়ৰ নতুন এছ অ’ পিত অসম মন্ত্ৰীসভাৰ অনুমোদন

অসম মন্ত্রীসভাই দুটা ভিন্ন ধৰ্মৰ ব্যক্তিৰ মাজত ভূমি ক্রয় বিক্ৰয়ৰ নতুন বিশেষ কার্যবিধি অর্থাৎ এছ অ' পিত অনুমোদন জনাইছে। মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শৰ্মাৰ অধ্যক্ষতাত দিশপুৰত আয়োজিত মন্ত্ৰীসভাৰ বৈঠকৰ পাছত এখন সংবাদমেলত তেওঁ এইকথা প্ৰকাশ কৰে। ড° শৰ্মাই কয় যে এতিয়াৰে পৰা অন্য ধৰ্মৰ লোকক ভূমি ক্রয়-বিক্রয় কৰাৰ ক্ষেত্ৰত আৰক্ষীৰ অনুমোদনৰ প্ৰয়োজন হ'ব। তেওঁ লগতে কয় যে ভূমি বিক্ৰীৰ ক্ষেত্ৰত ৰাষ্ট্ৰীয় নিৰাপত্তাৰ বিষয়টো গুৰুত্ব আৰোপ কৰা হ'ব। ভূমি ক্ৰয় কৰা বা বিক্ৰী কৰা লোকৰ আয়ৰ উৎসৰ ওপৰতো দৃষ্ট...