August 12, 2026 12:09 PM | cm cabinet

printer

লোকসেৱা ভৱনত অনুষ্ঠিত মন্ত্রীসভাৰ বৈঠকত কেইবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ

লোকসেৱা ভৱনত অনুষ্ঠিত মন্ত্রীসভাৰ বৈঠকত আধাৰ কাৰ্ডৰ ক্ষেত্ৰত নতুন সিদ্ধান্ত গ্ৰহণ কৰিছে। সেই অনুসৰি আধাৰ কাৰ্ড উলিওৱাৰ সময়-সীমা অহা বছৰৰ ৩১ মাৰ্চলৈ বৃদ্ধি কৰা হৈছে। মৰাণ, মটক জনগোষ্ঠীৰ লোকসকলে ৩১ মাৰ্চৰ ভিতৰত আধাৰ কাৰ্ড লব পাৰিব।

জাগীৰোডত অসম ঔদ্যোগিক উন্নয়ন নিগমৰ অধীনত হোটেল নিৰ্মাণ কৰা হব বুলি মুখ্যমন্ত্ৰীগৰাকীয়ে জানিবলৈ দিয়ে।

চৰকাৰী সেৱাত নিযুক্তিপ্রাপ্ত লোকসকলৰ বাবে নথিপত্ৰৰ পৰীক্ষণত আৰক্ষীৰ সত্যাসত্য নিৰূপণ ব্যৱস্থা সৰলীকৰণত কালি মন্ত্রীসভাই অনুমোদন জনায়। তদুপৰি অসমৰ ৰাজ্যিক অন্যান্য পিছপৰা শ্ৰেণীৰ তালিকাত অন্তর্ভুক্ত, কিন্তু অসমৰ বাবে কেন্দ্ৰীয় অন্যান্য পিছপৰা শ্ৰেণীৰ তালিকাত অন্তৰ্ভুক্ত নোহোৱা ছটা জনগোষ্ঠীৰ যোগ্য লোকসকলক নিৰ্ধাৰিত ৰাজ্যিক আর্হিত অবি চি নন ক্ৰিমি লেয়াৰ প্ৰমাণপত্ৰ প্ৰদানৰ বাবে কেবিনেটে অনুমোদন জনাইছে।

মন্ত্রীসভাই অসম কাৰাগাৰ বিধি আৰু অসম অধীক্ষক আৰু কাৰাগাৰৰ ব্যৱস্থাপনা বিধি, ২০২২-ৰ অধীনত কাৰাগাৰসমূহৰ তদাৰকী আৰু ব্যৱস্থাপনাৰ নিয়ম সংশোধনতো অনুমোদন জনাইছে। মন্ত্রীসভাই লগতে এ পি ডি চি এল আৰু এ পি জি চি এল অইল গ্রীণ পাৱাৰ লিমিটেডৰ মাজত ২৫ বছৰৰ বাবে ২৫ মেগাৱাটৰ বিদ্যুৎ নামৰূপ সৌৰ পি ভি প্ৰকল্পৰ পৰা প্ৰতি ইউনিটত ৩ টকা ৪৫ পইচা দৰত ক্ৰয় কৰাৰ বাবে বিদ্যুৎ ক্রয় চুক্তি সম্পাদনতো অনুমোদন জনাইছে।