শাৰদীয় দুর্গোৎসৱৰ বতৰত অৰুণোদয় আঁচনিৰ হিতাধিকাৰীসকলে অক্টোবৰত নিয়মীয়া এহেজাৰ ২৫০ টকাৰ পৰিৱৰ্তে পূজাৰ বিশেষ ধন হিচাপে এহেজাৰ ৫০০ টকাকৈ লাভ কৰিব। দিছপুৰৰ লোকসেৱা ভৱনত অনুষ্ঠিত মন্ত্ৰীসভাৰ বৈঠকত আজি এই সিদ্ধান্ত লোৱা হয়।
বৈঠকৰ অন্তত এখন সংবাদ মেলত মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাই এই বিষয়ে সদৰি কৰি কয় যে পূজাৰ বতৰত অসম চাহ নিগম লিমিটেডৰ সমূহ কৰ্মচাৰী আৰু চাহ শ্রমিকক ২০ শতাংশ বনাচ প্ৰদান কৰা হ’ব। তদুপৰি দুৰ্গা পূজা উপলক্ষে নিৰ্ধাৰিত বন্ধৰ ভিতৰত ১৮ অক্টোবৰ দিনটোত দেওবাৰ হোৱা বাবে ১৭ অক্টোবৰত চৰকাৰী বন্ধৰ দিন হিচাপে ঘোষণা কৰা হৈছে বুলি মুখ্যমন্ত্ৰীয়ে প্ৰকাশ কৰে।
ৰাজ্যিক মন্ত্রীসভাই অহা মাহৰ বাবে সুলভ মূল্যৰ দোকানত ৰাজসাহায্যযুক্ত চেনি আৰু মচুৰ দাইল ১০০ টকাত বিতৰণ কৰিবলৈ অনুমোদন জনায়। তদুপৰি মহিলা আত্ম-সহায়ক গোটৰ সদস্যাসকলৰ আধাৰ পঞ্জীয়ন সম্পূৰ্ণ কৰাৰ বাবে ২০২৭ বৰ্ষৰ ৩১ মাৰ্চলৈ এককালীন ৰেহাইত অনুমোদন জনোৱা হয়। ইপিনে, ৰাজ্যত উৎপাদিত মছলাৰ পৰীক্ষণ আৰু প্ৰমাণিকৰণৰ সুবিধা প্রদানেৰে ইয়াৰ বিপণন আৰু ৰপ্তানি সহজ কৰি তোলাৰ লক্ষ্যৰে গুৱাহাটীত মছলা পৰিষদৰ অত্যাধুনিক মছলা পৰীক্ষাগাৰ স্থাপনৰ বাবেও মন্ত্রীসভাই অনুমোদন জনায় বুলি মুখ্যমন্ত্ৰীয়ে জানিবলৈ দিয়ে।
তেওঁ লগতে কয় যে কামৰূপত ঔদ্যোগিক ক্ষেত্র স্থাপনৰ বাবে হাজো ৰাজহ চক্ৰৰ ৫০৪ বিঘা মাটি আবণ্টনৰ প্ৰস্তাৱত মন্ত্ৰীসভাই অনুমোদন জনাইছে। ড০ শৰ্মাই সমাগত মিচিং আৰু সোণোৱাল কছাৰী স্বায়ত্ত শাসিত পৰিষদৰ নিৰ্বাচনৰ বিষয়ে উল্লেখ কৰি কয় যে এই নিৰ্বাচনত ৰাজনৈতিক দলৰ প্ৰতীক ব্যৱহাৰ নহ’ব ।