মিচিং আৰু সোণোৱাল কছাৰী স্বায়ত্তশাসিত পৰিষদৰ ৭২টা সমষ্টিৰ নিৰ্বাচনৰ বাবে মুঠ ৪২১ গৰাকী প্ৰাৰ্থীয়ে মনোনয়ন দাখিল কৰিছে। ৰাজ্যিক নির্বাচন আয়োগৰ পৰা লাভ কৰা তথ্য অনুসৰি মিচিং স্বায়ত্তশাসিত পৰিষদৰ ৪০টা সমষ্টিৰ বাবে ২৫৮ গৰাকী প্ৰাৰ্থীয়ে আৰু সোণোৱাল কছাৰী স্বায়ত্তশাসিত পৰিষদৰ ৩২টা সমষ্টিৰ বাবে ১৬৩ গৰাকী প্রার্থীয়ে মনোনয়ন দাখিল কৰিছে। মিচিং স্বায়ত্তশাসিত পৰিষদৰ বাবে বিশ্বনাথ জিলাত ৯, ধেমাজিত ১০২, ডিব্ৰুগড়ত ৬, গোলাঘাটত ৩২, যোৰহাট ১৬, লখিমপুৰত ৫২, মাজুলীত ২৩, শিৱসাগৰত ৮, শোণিতপুৰ ৪ আৰু তিনিচুকীয়াত ৬ গৰাকী প্ৰাৰ্থীয়ে মনোনয়ন দাখিল কৰিছে। একেদৰে সোণোৱাল কছাৰী স্বায়ত্তশাসিত পৰিষদৰ বাবে ধেমাজিত ১৯, ডিব্ৰুগড়ত ৬৭, গোলাঘাটত ১০, যোৰহাটত ২৬, শিৱসাগৰত ৫ আৰু তিনিচুকীয়াত ২৪ গৰাকী প্ৰাৰ্থীয়ে মনোনয়ন পত্ৰ দাখিল কৰিছে।
এইবাৰ মিচিং স্বায়ত্তশাসিত পৰিষদ আৰু সোণোৱাল কছাৰী স্বায়ত্তশাসিত পৰিষদৰ নিৰ্বাচনত কোনোধৰণৰ দলীয় প্রতীক নাথাকে। পঞ্চায়ত নিৰ্বাচনৰ দৰেই স্বায়ত্তশাসিত পৰিষদৰ নিৰ্বাচন অনুষ্ঠিত হ’ব। কাইলৈ মনোনয়ন পত্ৰসমূহ পৰীক্ষা কৰাৰ লগতে বৈধ প্রার্থীৰ তালিকা প্ৰকাশ কৰা হ’ব। ১৬ নৱেম্বৰ মনোনয়ন পত্ৰ প্ৰত্যাহাৰৰ অন্তিম দিন আৰু সেইদিনাই প্ৰাৰ্থীৰ চূড়ান্ত তালিকা প্রকাশ কৰা হ’ব। ৩০ নৱেম্বৰৰ পুৱা চাৰে ৭ বজাৰ পৰা বিয়লি ৪ বজালৈ ভোটগ্রহণ অনুষ্ঠিত হ’ব। প্রয়োজন সাপেক্ষে ১ ডিচেম্বৰত পুনৰ ভোট গ্ৰহণ কৰা হ’ব। ৩ ডিচেম্বৰৰ পুৱা ৮ বজাৰ পৰা ভোটগণনা অনুষ্ঠিত হ’ব। নির্বাচনী প্রক্রিয়া সম্পূৰ্ণ কৰাৰ অন্তিম দিন ৫ ডিচেম্বৰ ধাৰ্য্য কৰা হৈছে।
মিচিং স্বায়ত্তশাসিত পৰিষদৰ নিৰ্বাচনত ৬ লাখ ৩৫ হাজাৰ ৪৯৩ গৰাকী ভোটদাতাই ভোটৰ অধিকাৰ সাব্যস্ত কৰিব পাৰিব। ইয়াৰে ৩ লাখ ১৭ হাজাৰ ২৯৭ গৰাকী পুৰুষ আৰু ৩ লাখ ১৮ হাজাৰ ১৯৪ গৰাকী মহিলা ভোটদাতা। নিৰ্বাচনৰ বাবে এহেজাৰ ৩২টা ভোটগ্রহণ কেন্দ্ৰ স্থাপন কৰা হ’ব।
সোণোৱাল কছাৰী স্বায়ত্তশাসিত পৰিষদৰ বাবে ১ লাখ ৬৩ হাজাৰ ৯৬৬ গৰাকী ভোটদাতাই গণতান্ত্রিক অধিকাৰ সাব্যস্ত কৰিব পাৰিব। ইয়াৰে ৭৯ হাজাৰ ২৯৫ জন পুৰুষ আৰু ৮৪ হাজাৰ ৬৬৭ গৰাকী মহিলা ভোটাদাতা ।