ৰাজ্যজুৰি কৰ্কট ৰোগৰ ঔষধৰ সংশোধিত মূল্য নিৰীক্ষণৰ বাবে প্ৰশাসনে কমিটী গঠন কৰিছে। উল্লেখযোগ্য যে কৰ্কটৰোগৰ চিকিৎসাত ব্যৱহৃত ১৩৭ বিধ ঔষধৰ হ্ৰাস পোৱা মূল্য কালিৰেপৰা প্ৰযোজ্য হৈছে। হ্ৰাস কৰা মূল্যত যাতে ৰোগীসকলে ঔষধ লাভ কৰিব পাৰে, তাৰবাবে ৰাজ্য চৰকাৰৰ স্বাস্থ্য সেৱা সঞ্চালকালয়ৰ অধীনস্থ ঔষধ নিয়ন্ত্ৰণ প্রশাসনে এখন নিৰীক্ষণ সমিতি গঠন কৰাৰ লগতে ৯০ দিনীয়া পৰিদৰ্শন অভিযান ৰূপায়ণ কৰিছে। কামৰূপ মহানগৰ জিলাৰ ঔষধ পৰিদৰ্শক কিউৰি কিৰণ হাজৰিকাক ন’ডেল বিষয়া হিচাপে লৈ সমিতিখন গঠন কৰা হৈছে। উল্লেখযোগ্য যে ৰাষ্ট্ৰীয় ঔষধ মূল্য নিৰ্ধাৰণ প্ৰাধিকৰণ, NPPA-ই ইতিমধ্যে এই ঔষধসমূহৰ সৰ্বাধিক খুচুৰা মূল্যত থকা লাভৰ সীমা নির্ধাৰণ কৰি দিছিল। উল্লেখযোগ্য যে স্বাস্থ্য সেৱা মহানিৰ্দেশালয়ৰ বিশেষজ্ঞ সমিতিৰ পৰামৰ্শ অনুসৰি এই সিদ্ধান্ত গ্ৰহণ কৰা হৈছে।
Assamese | November 11, 2026 10:42 AM | cancer medicine
কালিৰে পৰা কৰ্কট ৰোগৰ ১৩৭ বিধ ঔষধৰ সংশোধিত মূল্য প্ৰযোজ্য