February 10, 2025 12:59 PM

views 52

কৰ্কট ৰোগৰ প্ৰতিষেধক উদ্ভাৱনৰ গৱেষণাৰে আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত উজলিছে ড° দেবীভাষা বৰদলৈ

কৰ্কট ৰোগৰ প্ৰতিষেধক উদ্ভাৱনৰ গৱেষণাৰে ৰাজ্যৰ যুৱ বিজ্ঞানী ড° দেবীভাষা বৰদলৈ আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত উজলি উঠিছে। কৰ্কট আৰু আন সংক্ৰমণক প্ৰাথমিক পৰ্যায়তে প্ৰতিৰোধ কৰিব পৰাকৈ প্ৰতিষেধক উদ্ভাৱন কৰাৰ ক্ষেত্ৰত ড° বৰদলৈৰ গৱেষণাই আশাৰ বতৰা কঢ়িয়াই আনিছে। এই সন্দৰ্ভত তেওঁৰ কেইবাখনো গৱেষণা পত্ৰ আগশাৰীৰ আন্তঃৰাষ্ট্ৰীয় গৱেষণা পত্ৰিকাত প্ৰকাশ হৈছে। বৰ্তমান তেওঁ ভূপালৰ ভাৰতীয় বিজ্ঞান শিক্ষা আৰু গৱেষণা প্ৰতিষ্ঠানত জীৱ বিজ্ঞান বিভাগৰ সহকাৰী প্ৰবক্তা হিচাপে কাম কৰি আছে।