October 30, 2026 12:06 PM | cancer medicine

printer

অহা ৯ নৱেম্বৰৰ পৰা কৰ্কট ৰোগৰ ভালেমান ঔষধৰ মূল্য ৯০ শতাংশতকৈও অধিক হ্ৰাস পোৱাৰ সম্ভাৱনা

অহা ৯ নৱেম্বৰৰ পৰা দেশত কৰ্কট ৰোগৰ ভালেমান ঔষধৰ মূল্য ৯০ শতাংশতকৈও অধিক হ্ৰাস পোৱাৰ সম্ভাৱনা আছে। ৰাষ্ট্ৰীয় ঔষধ মূল্য নির্ধাৰণ প্ৰাধিকৰণে প্ৰকাশ কৰা তালিকা অনুসৰি কৰ্কট ৰোগৰ চিকিৎসাত ব্যৱহৃত ১৩৭ প্ৰকাৰৰ ৫৪৩ বিধ ঔষধৰ মূল্য সংশোধন কৰা হ’ব। উল্লেখযোগ্য যে পূৰ্বে স্তনৰ কৰ্কট ৰোগৰ চিকিৎসাত ব্যৱহৃত এবিধ ঔষধত পূৰ্বৰ ৪০ হাজাৰ ৪২১ টকাৰ পৰা হ্ৰাস পাই সংশোধিত মূল্য অনুসৰি সম্প্ৰতি দুহেজাৰ ৭২০ টকা হৈছে। চেমটেপা নামৰ বেজীৰ মূল্য পূৰ্বৰ ৮০ হাজাৰ ৭১ টকাৰ পৰা ৭ হাজাৰ ১৫০ টকালৈ হ্ৰাসৰ সিদ্ধান্ত লোৱা হৈছে। একেদৰে BEVACIZAB নামৰ ঔষধবিধৰ মূল্য পূৰ্বৰ ২১ হাজাৰ ৭৬৭ টকাৰ পৰা হ্ৰাস হৈ ৫ হাজাৰ ৯৩০ টকা হৈছে বুলি ৰসায়ন আৰু সাৰ মন্ত্ৰালয়ৰ এখন চৰকাৰী বিবৃতিত প্ৰকাশ পাইছে। ইয়াৰ ফলত কৰ্কট ৰোগৰ চিকিৎ‍সাৰ ব্যয় হ্ৰাস পোৱাৰ লগতে ৰোগীসকল উপকৃত হ’ব বুলি আশা কৰা হৈছে। অৱশ্যে ১৪৬ টা ঔষধৰ দাম সলনি কৰা হোৱা নাই। যোৱা ১৭ অক্টোবৰত ঔষধ মূল্য প্ৰাধিকৰণে জাৰি কৰা জাননী অনুসৰি অসমতো ৯ নৱেম্বৰৰ পৰা এই সংশোধিত মূল্য প্রযোজ্য হ’ব বুলি ঔষধ নিয়ন্ত্ৰক ব’ৰ্ডৰ মূল্য নিয়ন্ত্ৰণ বিষয়া ভাৰ্গৱ গৌৰৱে প্ৰকাশ কৰে।

উল্লেখযোগ্য যে জীৱনদায়িনী ঔষধৰ সৰ্বাধিক খুচুৰা বিক্ৰী মূল্য আৰু প্ৰকৃত যোগান মূল্যৰ মাজত থকা ব্যৱধানক লৈ উচ্চতম ন্যায়ালয়ত এটা গোচৰৰ শুনানি চলি আছে। যোৱা ২২ ছেপ্তেম্বৰত ন্যায়াধীশ সন্দীপ মেহতা আৰু ন্যায়াধীশ বিক্ৰম নাথৰ বিচাৰপীঠে গোচৰটোৰ শুনানিৰ সময়ত কৰ্কট ৰোগৰ ঔষধৰ অস্বাভাৱিক মূল্যক লৈ অসন্তুষ্টি প্ৰকাশ কৰিছিল।