শিৱসাগৰৰ ঐতিহাসিক যমুনা জলাশয়ত হোৱা অবাধ দখলৰ বিৰুদ্ধে শিৱসাগৰ জিলা প্ৰশাসনৰ উচ্ছেদ অভিযান কালিৰ তৃতীয় দিনাও অব্যাহত থাকে। প্রশাসনে শনিবাৰে আৰম্ভ হোৱা অভিযানত জলাশয়টো অবৈধ দখলমুক্ত কৰাৰ লক্ষ্যৰে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰিছে। অভিযানৰ অধীনত কালি শিৱসাগৰৰ ষ্টেচন চাৰিআলিৰ লোহাৰ দলঙৰ সমীপত অবৈধভাৱে নিৰ্মাণ কৰা এখন প্ৰতিষ্ঠান আৰু বাসগৃহ উচ্ছেদ কৰে। প্ৰশাসনৰ সূত্ৰই জলাশয়টোৰ প্ৰকৃত স্বৰূপ পুনৰুদ্ধাৰ আৰু ঐতিহ্য সংৰক্ষণৰ স্বাৰ্থত অনাগত দিনতো উচ্ছেদ অভিযান অব্যাহত থাকিব বুলি প্ৰকাশ কৰে।
উল্লেখযোগ্য যে যমুনা জলাশয় দখলমুক্ত কৰাৰ দাবীত চলিত মাহত আটাছুৱে একেৰাহে তিনিদিন ধৰি নিজাববীয়াকৈ উচ্ছেদ অভিযান চলাইছিল। এই সময়ছোৱাত সংগঠনটোৱে দখলকাৰীসকলে জলাশয়ৰ ভিতৰত নিৰ্মাণ কৰা একাধিক ঘৰ-দুৱাৰ ভাঙি দিছিল। সংগঠনটোৰ সভাপতি বসন্ত গগৈয়ে কয়, যে প্রায় ৪০ বিঘা ভূমি সামৰি থকা ঐতিহাসিক জলাশয় সম্পূৰ্ণৰূপে দখলমুক্ত কৰাটো অতি প্ৰয়োজনীয়। এই অভিযান দুই-এদিনত সম্পূৰ্ণ হ’ব বুলি তেওঁ আশা কৰে।