November 11, 2026 10:44 AM

views 4

যমুনা জলাশয়ত হোৱা অবাধ দখলৰ বিৰুদ্ধে শিৱসাগৰ জিলা প্ৰশাসনৰ উচ্ছেদ অভিযান

শিৱসাগৰৰ ঐতিহাসিক যমুনা জলাশয়ত হোৱা অবাধ দখলৰ বিৰুদ্ধে শিৱসাগৰ জিলা প্ৰশাসনৰ উচ্ছেদ অভিযান কালিৰ তৃতীয় দিনাও অব্যাহত থাকে। প্রশাসনে শনিবাৰে আৰম্ভ হোৱা অভিযানত জলাশয়টো অবৈধ দখলমুক্ত কৰাৰ লক্ষ্যৰে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰিছে। অভিযানৰ অধীনত কালি শিৱসাগৰৰ ষ্টেচন চাৰিআলিৰ লোহাৰ দলঙৰ সমীপত অবৈধভাৱে নিৰ্মাণ কৰা এখন প্ৰতিষ্ঠান আৰু বাসগৃহ উচ্ছেদ কৰে। প্ৰশাসনৰ সূত্ৰই জলাশয়টোৰ প্ৰকৃত স্বৰূপ পুনৰুদ্ধাৰ আৰু ঐতিহ্য সংৰক্ষণৰ স্বাৰ্থত অনাগত দিনতো উচ্ছেদ অভিযান অব্যাহত থাকিব বুলি প্ৰকাশ কৰে। উল্লেখযোগ্য যে যমু...

November 9, 2026 9:27 PM

views 3

শিৱসাগৰ জিলা প্ৰশাসনে আজি পুনৰ উচ্ছেদ অভিযান

শিৱসাগৰৰ ঐতিহাসিক যমুনা জলাশয়ত হোৱা অবাধ দখলৰ বিৰুদ্ধে আজি শিৱসাগৰ জিলা প্ৰশাসনে আজি পুনৰ উচ্ছেদ অভিযান চলায়। দীপাৱলী উপলক্ষে প্রশাসনে কালি উচ্ছেদ অভিযান বন্ধ ৰাখিছিল যদিও আজি পুৱাৰ পৰা পুনৰ উচ্ছেদ অভিযান আৰম্ভ হয়। প্রশাসনে জলাশয়ৰ ভূমিত অবৈধভাৱে গঢ়ি উঠা বাসগৃহ, ব্যৱসায়ীক প্ৰতিষ্ঠানত উচ্ছেদ চলায়। ধোৱাপট্টিত যোৱা শনিবাৰে উচ্ছেদ চলোৱাৰ পাছত আজি শিৱদৌলৰ সন্মুখৰ পৰা উচ্ছেদ অভিযান আৰম্ভ হয়। সদৌ টাই-আহোম ছাত্ৰ সন্থা আৰু শিৱসাগৰ জিলা প্ৰশাসনৰ মাজত শেহতীয়াকৈ অনুষ্ঠিত বৈঠকৰ অন্তত এই উচ্ছেদ অভিযান...

October 1, 2026 3:48 PM

views 31

কাইলৈ গান্ধী জয়ন্তীঃ শিৱসাগৰ পৌৰসভাৰ উদ্যোগত আজি শিৱসাগৰত ‘এদিন, এঘণ্টা, একে লগ’ শীৰ্ষক স্বচ্ছতা আৰু শ্ৰমদান কার্যসূচী

জাতিৰ পিতা মহাত্মা গান্ধীৰ কাইলৈ জয়ন্তী উপলক্ষে শিৱসাগৰ পৌৰসভাৰ উদ্যোগত আজি শিৱসাগৰত এদিন, এঘণ্টা, একে লগ শীৰ্ষক স্বচ্ছতা আৰু শ্ৰমদান কার্যসূচী অনুষ্ঠিত হয়। এই কাৰ্যসূচীৰ অধীনত পুৱা ৮ বজাত শিৱদৌলৰ পৰা মুক্তিনাথ চাৰিআলিলৈ পৌৰসভাৰ পৌৰপতি, উপ-পৌৰপতি, ৱাৰ্ড সদস্য, ছাফাই কৰ্মী, আত্মসহায়ক গোট আৰু বিভিন্ন সামাজিক সংগঠনৰ সদস্যসকলে অংশগ্ৰহণ কৰে। ঐতিহ্যপূৰ্ণ শিৱসাগৰ চহৰখন পৰিষ্কাৰ-পৰিচ্ছন্ন কৰি ৰখাৰ লগতে পৰ্যটন আৰু জনস্বাস্থ্যৰ স্বাৰ্থত প্ৰতিগৰাকী নাগৰিকক নিয়মিতভাৱে স্বচ্ছতা বজাই ৰাখিবলৈ এই কাৰ্যসূচীৰ...

September 25, 2026 7:59 PM

views 25

দ্বিতীয় এডভান্টেজ অসমৰ অধীনত শিৱসাগৰ জিলাত বৈঠক অনুষ্ঠিত

দ্বিতীয় এডভান্টেজ অসমৰ অধীনত শিৱসাগৰ জিলাৰ যিসকল বিনিয়োগকাৰী আৰু উদ্যোগী ব্যক্তিয়ে নিজ নিজ উদ্যোগ স্থাপন আৰু সম্প্ৰসাৰণত বিশেষ অগ্ৰগতি লাভ কৰিব পৰা নাই তেওঁলোকৰ সৈতে আজি জিলা আয়ুক্ত মৃদুল যাদৱ এখন বৈঠকত মিলিত হয়। জিলা আয়ুক্ত কাৰ্যালয়ৰ সভাকক্ষত আয়োজিত এই বৈঠকত শ্রী যাদৱে জিলাখনৰ ৩৮ গৰাকী বিনিয়োগৰাকী উদ্যোগীৰ সৈতে মত বিনিময় কৰি তেওঁলোকৰ সমস্যাৰ বুজ লয়। জিলা আয়ুক্তগৰাকীয়ে ভূমি সংক্ৰান্তীয় সমস্যাকে ধৰি অন্যান্য অসুবিধাসমূহ দূৰ কৰাৰ বাবে শীঘ্ৰে কাৰ্যকৰী ব্যৱস্থা ল'বলৈ বিভাগীয় কর্তৃপক্ষ...

July 11, 2026 6:51 PM

views 27

শিৱসাগৰৰ ডিমৌ পৌৰসভাৰ উদ্যোগত ‘প্ৰতিঘৰ স্বচ্ছ, প্ৰতিঘৰ সুস্থ’ শীৰ্ষক ৪ মাহজোৰা স্বচ্ছতা অভিযান মুকলি

শিৱসাগৰ জিলাৰ ডিমৌ পৌৰসভাৰ উদ্যোগত ‘প্ৰতিঘৰ স্বচ্ছ, প্ৰতিঘৰ সুস্থ’ শীৰ্ষক ৪ মাহজোৰা স্বচ্ছতা অভিযান আজি জলসম্পদ আৰু ন্যায়িক বিভাগৰ মন্ত্ৰী সুশান্ত বৰগোহাঁইয়ে মুকলি কৰে। মন্ত্ৰীগৰাকীয়ে নগৰখন পৰিষ্কাৰ-পৰিচ্ছন্ন কৰি ৰখাৰ ক্ষেত্ৰত জনসাধাৰণৰ সক্ৰিয় সহযোগিতা কামনা কৰে। তেওঁ কয়, যে এই অভিযানৰ জৰিয়তে পৌৰসভাৰ প্ৰতিটো ৱাৰ্ড আৰু প্ৰতিটো ঘৰ পৰিষ্কাৰ-পৰিচ্ছন্ন কৰি ৰখাৰ বাবে সু-সংগঠিত পৰিকল্পনা ৰূপায়ণ কৰা হ'ব। অভিযানৰ অন্তত স্বচ্ছতাৰ মানৰ ভিত্তিত শ্ৰেষ্ঠ ৱাৰ্ড আৰু শ্ৰেষ্ঠ পৰিয়ালক ডিমৌ পৌৰসভাৰ তৰফৰ পৰা...

January 22, 2026 11:47 AM

views 85

শিৱসাগৰত অহা ৩০ জানুৱাৰীৰ পৰা ১ ফেব্ৰুৱাৰীলৈ আন্তঃৰাষ্ট্ৰীয় মে-ডাম-মে-ফিৰ আয়োজন

শিৱসাগৰ জিলাত বৃহত্তৰ ৰংপুৰ মে-ডাম-মে-ফি উদযাপন সমিতিৰ উদ্যোগত আৰু আটাছু জিলা সমিতিৰ সহযোগত অহা ৩০ জানুৱাৰীৰ পৰা ১ ফেব্ৰুৱাৰীলৈ আন্তঃৰাষ্ট্ৰীয় মে-ডাম-মে-ফিৰ আয়োজন কৰা হৈছে। উদযাপন সমিতিয়ে আজি এই সন্দৰ্ভত এখন সংবাদমেলৰ আয়োজন কৰি কয়, যে প্ৰতিবছৰে মে-ডাম-মে-ফিৰ সৈতে সংগতি ৰাখি অনুষ্ঠিত হোৱা ৰাষ্ট্ৰীয় পৰ্যায়ৰ মাৰাথন এইবাৰ বাতিল কৰা হৈছে। ইয়াৰ পৰিৱৰ্তে ১ ফেব্ৰুৱাৰীত শিৱসাগৰৰ বৰপুখুৰীৰ পাৰত ৰাজ্যিক ভিত্তিত হেৰিটেজ ৰানৰ আয়োজন কৰা হ'ব। পুৰুষ আৰু মহিলাৰ তিনিটা শাখাত হ'বলগীয়া এই প্রতিযোগিতাত বিজ...

January 13, 2026 5:39 PM

views 60

শিৱসাগৰ জিলাত লালী গুৰৰ মজুত আৰু বিক্ৰীৰ ক্ষেত্ৰত জিলা প্ৰশাসনৰ নিষেধাজ্ঞা

শিৱসাগৰ জিলাত গৰুৰ খাদ্য হিচাপে ব্যৱহাৰ কৰা লালী গুৰৰ মজুত আৰু বিক্ৰীৰ ক্ষেত্ৰত জিলা প্ৰশাসনে নিষেধাজ্ঞা আৰোপ কৰিছে। লালীগুৰ ব্যৱহাৰ কৰি অবৈধভাৱে প্ৰস্তুত কৰা দেশী সুৰাই জনস্বাস্থ্য লৈ গুৰুতৰ ভাৱুকি সৃষ্টি কৰাৰ উপৰি শান্তি-শৃংখলা বিঘ্নিত হোৱাৰ আশংকা কৰি জিলা প্ৰশাসনে এই নিষেধাজ্ঞা জাৰি কৰিছে। নিৰ্দেশটোত লগতে গৰুৰ খাদ্য হিচাপে লালীগুৰ ক্ৰয়ৰ বাবে জিলা দণ্ডাধীশ অথবা পশুপালন বিভাগৰ পৰা আগতীয়া অনুমতি ল'ব লাগিব বুলি উল্লেখ কৰা হৈছে।

December 26, 2025 9:10 PM

views 81

শিৱসাগৰ দৰবাৰ খেলপথাৰত কালিৰে পৰা পূব মণ্ডল দিবা-নৈশ মহিলা ক্রিকেট প্রতিযোগিতা অনুষ্ঠিত হৈছে

শিৱসাগৰ জিলাৰ ক্ৰীড়া আৰু সামাজিক অনুষ্ঠান গ্রীফনৰ উদ্যোগত আৰু জিলা ক্রীড়া সন্থাৰ সহযোগত দৰবাৰ খেলপথাৰত কালিৰে পৰা পূব মণ্ডল দিবা-নৈশ মহিলা ক্রিকেট প্রতিযোগিতা অনুষ্ঠিত হৈছে। এই প্রতিযোগিতাত পশ্চিম বংগ, ত্ৰিপুৰাকে ধৰি মুঠ ৯টা দলে অংশগ্ৰহণ কৰিছে। জিলা আয়ুক্ত পৱিত্ৰ কুমাৰ দাসে এই প্রতিযোগিতাৰ শুভ উদ্বোধন কৰে।

December 26, 2025 8:34 PM

views 62

শিৱসাগৰৰ খেমকা মাতৃ সদনত বিনামূলীয়া বহুমূত্ৰ পৰীক্ষা শিৱিৰৰ আয়োজন

৯১ সংখ্যক মাৰোৱাৰী সন্মিলনৰ প্ৰতিষ্ঠা দিৱসৰ সৈতে সংগতি ৰাখি আজি শিৱসাগৰৰ খেমকা মাতৃ সদনত এক বিনামূলীয়া বহুমূত্ৰ পৰীক্ষা শিৱিৰৰ আয়োজন কৰা হয়। মাৰোৱাৰী সন্মিলনৰ উদ্যোগত তথা কেডিয়া মেডিকেলৰ সহযোগত অনুষ্ঠিত এই শিৱিৰত স্থানীয় বহু বহুমূত্ৰ ৰোগীয়ে স্বাস্থ্য পৰীক্ষাৰ সুবিধা গ্ৰহণ কৰে। এই অনুষ্ঠানত কেইবাজনো বিশিষ্ট ব্যক্তিক সম্বৰ্ধনা জনোৱাৰ লগতে নগৰৰ পদপথবাসীসকলৰ মাজত গৰম কাপোৰ বিতৰণৰ ব্যৱস্থা কৰা হয়৷

December 18, 2025 4:22 PM

views 70

শিৱসাগৰৰ ৰূপহীমুখত ৩৭ নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথত সংঘটিত পথ দূৰ্ঘটনাত দুজন লোক নিহত

শিৱসাগৰ জিলাৰ ৰূপহীমুখত ৩৭ নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথত সংঘটিত এটা পথ দূৰ্ঘটনাত আজি দুজন লোক নিহত হোৱাৰ লগতে এটি শিশুসহ আন এজন গুৰুতৰভাৱে আহত হয়। আজি পুৱা ঘন কুঁৱলীৰ মাজেৰে শিৱসাগৰৰ পৰা যোৰহাট অভিমুখে গৈ থকা এখন ডাম্পাৰত বিপৰীত দিশৰ পৰা আহি থকা এখন বাহনে খুন্দা মৰাৰ ফলতে এই দূর্ঘটনা সংঘটিত হয়। দূৰ্ঘটনাত শিৱসাগৰৰ বেতবাৰী তিনিআলিৰ মৌ বন নামৰ ব্যৱসায়িক প্ৰতিষ্ঠানটোৰ স্বত্তাধিকাৰী বিপুল হাতীমূৰীয়া নিহত হয়। গুৰুতৰভাৱে আহত বিপুল হাতীমূৰীয়াৰ পত্নী নমিতা শ‍ইকীয়াক চিকিৎসাৰ বাবে ডিব্ৰুগড়লৈ নিয়াৰ অৱস্থ...