September 25, 2026 7:59 PM | Sivasagar

printer

দ্বিতীয় এডভান্টেজ অসমৰ অধীনত শিৱসাগৰ জিলাত বৈঠক অনুষ্ঠিত

দ্বিতীয় এডভান্টেজ অসমৰ অধীনত শিৱসাগৰ জিলাৰ যিসকল বিনিয়োগকাৰী আৰু উদ্যোগী ব্যক্তিয়ে নিজ নিজ উদ্যোগ স্থাপন আৰু সম্প্ৰসাৰণত বিশেষ অগ্ৰগতি লাভ কৰিব পৰা নাই তেওঁলোকৰ সৈতে আজি জিলা আয়ুক্ত মৃদুল যাদৱ এখন বৈঠকত মিলিত হয়। জিলা আয়ুক্ত কাৰ্যালয়ৰ সভাকক্ষত আয়োজিত এই বৈঠকত শ্রী যাদৱে জিলাখনৰ ৩৮ গৰাকী বিনিয়োগৰাকী উদ্যোগীৰ সৈতে মত বিনিময় কৰি তেওঁলোকৰ সমস্যাৰ বুজ লয়। জিলা আয়ুক্তগৰাকীয়ে ভূমি সংক্ৰান্তীয় সমস্যাকে ধৰি অন্যান্য অসুবিধাসমূহ দূৰ কৰাৰ বাবে শীঘ্ৰে কাৰ্যকৰী ব্যৱস্থা ল’বলৈ বিভাগীয় কর্তৃপক্ষক আহ্বান জনায়। তেওঁ লগতে জিলা উদ্যোগ আৰু বাণিজ্য কেন্দ্ৰৰ উপৰি সংশ্লিষ্ট বিভাগীয় বিষয়াসকলক ঔদ্যোগিক এলেকাসমূহ পৰিদৰ্শন কৰি সামগ্ৰিক ব্যৱস্থাপনাৰ বুজ লোৱাৰ লগতে কাৰ্য ক্ষেত্ৰত সন্মুখীন হোৱা অসুবিধাসমূহ বিশ্লেষণ কৰি প্ৰয়োজনীয় ব্যৱস্থা ল’বলৈ পৰামৰ্শ দিয়ে। বৈঠকত জিলা উন্নয়ন আয়ুক্ত পৱিত্ৰ কুমাৰ দাস, জিলা উদ্যোগ আৰু বাণিজ্য কেন্দ্ৰৰ ভাৰপ্ৰাপ্ত সাধাৰণ প্ৰবন্ধক মৃণাল দাসকে ধৰি কেইবাগৰাকী বিষয়া উপস্থিত থাকে ।