কাইলৈ গান্ধী জয়ন্তীঃ শিৱসাগৰ পৌৰসভাৰ উদ্যোগত আজি শিৱসাগৰত ‘এদিন, এঘণ্টা, একে লগ’ শীৰ্ষক স্বচ্ছতা আৰু শ্ৰমদান কার্যসূচী

জাতিৰ পিতা মহাত্মা গান্ধীৰ কাইলৈ জয়ন্তী উপলক্ষে শিৱসাগৰ পৌৰসভাৰ উদ্যোগত আজি শিৱসাগৰত এদিন, এঘণ্টা, একে লগ শীৰ্ষক স্বচ্ছতা আৰু শ্ৰমদান কার্যসূচী অনুষ্ঠিত হয়।

এই কাৰ্যসূচীৰ অধীনত পুৱা ৮ বজাত শিৱদৌলৰ পৰা মুক্তিনাথ চাৰিআলিলৈ পৌৰসভাৰ পৌৰপতি, উপ-পৌৰপতি, ৱাৰ্ড সদস্য, ছাফাই কৰ্মী, আত্মসহায়ক গোট আৰু বিভিন্ন সামাজিক সংগঠনৰ সদস্যসকলে অংশগ্ৰহণ কৰে।

ঐতিহ্যপূৰ্ণ শিৱসাগৰ চহৰখন পৰিষ্কাৰ-পৰিচ্ছন্ন কৰি ৰখাৰ লগতে পৰ্যটন আৰু জনস্বাস্থ্যৰ স্বাৰ্থত প্ৰতিগৰাকী নাগৰিকক নিয়মিতভাৱে স্বচ্ছতা বজাই ৰাখিবলৈ এই কাৰ্যসূচীৰ জৰিয়তে আহ্বান জনোৱা হয়। দৰং জিলাৰ খাৰুপেটীয়াতো আজি স্বচ্ছতা কাৰ্যসূচী ৰূপায়ণ কৰা হয়।