October 1, 2026 3:48 PM

views 23

কাইলৈ গান্ধী জয়ন্তীঃ শিৱসাগৰ পৌৰসভাৰ উদ্যোগত আজি শিৱসাগৰত ‘এদিন, এঘণ্টা, একে লগ’ শীৰ্ষক স্বচ্ছতা আৰু শ্ৰমদান কার্যসূচী

জাতিৰ পিতা মহাত্মা গান্ধীৰ কাইলৈ জয়ন্তী উপলক্ষে শিৱসাগৰ পৌৰসভাৰ উদ্যোগত আজি শিৱসাগৰত এদিন, এঘণ্টা, একে লগ শীৰ্ষক স্বচ্ছতা আৰু শ্ৰমদান কার্যসূচী অনুষ্ঠিত হয়। এই কাৰ্যসূচীৰ অধীনত পুৱা ৮ বজাত শিৱদৌলৰ পৰা মুক্তিনাথ চাৰিআলিলৈ পৌৰসভাৰ পৌৰপতি, উপ-পৌৰপতি, ৱাৰ্ড সদস্য, ছাফাই কৰ্মী, আত্মসহায়ক গোট আৰু বিভিন্ন সামাজিক সংগঠনৰ সদস্যসকলে অংশগ্ৰহণ কৰে। ঐতিহ্যপূৰ্ণ শিৱসাগৰ চহৰখন পৰিষ্কাৰ-পৰিচ্ছন্ন কৰি ৰখাৰ লগতে পৰ্যটন আৰু জনস্বাস্থ্যৰ স্বাৰ্থত প্ৰতিগৰাকী নাগৰিকক নিয়মিতভাৱে স্বচ্ছতা বজাই ৰাখিবলৈ এই কাৰ্যসূচীৰ...

September 24, 2026 4:00 PM

views 30

দেশৰ অন্যান্য প্ৰান্তৰ লগতে ধেমাজিতো ১৭ ছেপ্তেম্বৰৰ পৰা অহা ২ অক্টোবৰলৈকে ‘স্বচ্ছতাই সেৱা’ শীৰ্ষক স্বচ্ছ ভাৰত মিছনৰ কাৰ্যসূচী ৰূপায়িত

দেশৰ অন্যান্য প্ৰান্তৰ লগতে ধেমাজি জিলাতো যোৱা ১৭ ছেপ্তেম্বৰৰ পৰা অহা ২ অক্টোবৰলৈকে স্বচ্ছতাই সেৱা শীৰ্ষক স্বচ্ছ ভাৰত মিছনৰ কাৰ্যসূচী ৰূপায়িত হৈ আছে। প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ জন্মবার্ষিকী আৰু মোদীৰ সুশাসনৰ ২৫ বছৰীয়া কাৰ্যকালৰ লগত সংগতি ৰাখি সেৱা সংকল্প অভিযান উপলক্ষে স্বচ্ছতা কার্যসূচী ব্যাপক কৰি তোলাৰ উদ্দেশ্যে জিলাখনৰ বিভিন্ন বিভাগে ভালেসংখ্যক কাৰ্যসূচী গ্ৰহণ কৰিছে। জিলাখনৰ পঞ্চায়ত আৰু গ্রামোন্নয়ন বিভাগ, জনস্বাস্থ্য কাৰিকৰী বিভাগ, ধেমাজি পৌৰ সভা, শিক্ষা, স্বাস্থ্য আদি সকলো বিভাগেই এই ক...

September 24, 2026 12:24 PM

views 20

উত্তৰ গুৱাহাটী পৌৰসভাৰ অধীনত আৱৰ্জনা সংগ্ৰহৰ বাবে ৭ খন বাহন মুকলি

উত্তৰ গুৱাহাটীক স্বচ্ছ আৰু সেউজীকৰণ কৰাৰ উদ্দেশ্যে আজি উত্তৰ গুৱাহাটী পৌৰসভাৰ অধীনত আৱৰ্জনা সংগ্ৰহৰ বাবে ৭ খন বাহন মুকলি কৰা হয়। ভিজা, শুকান, অনাময় আৰু ঘৰুৱা আৱৰ্জনা চাৰিটা ভাগত পৃথক কৰি এই জাৱৰসমূহ সংগ্ৰহ কৰাৰ পৰিকল্পনা লোৱা হৈছে। উত্তৰ গুৱাহাটী পৌৰসভাৰ উপ-পৌৰপতি অনিল দাস আৰু পৌৰসভাৰ কাৰ্যবাহী বিষয়া তৃষ্ণা মিলিয়ে এই বাহনকেইখন মুকলি কৰে।

September 17, 2025 6:54 PM

views 65

প্রধানমন্ত্ৰী মোদীৰ ৭৫ সংখ্যক জন্মদিনৰ সৈতে সংগতি ৰাখি স্বচ্ছতাই সেৱা আৰু সেৱাই সমৰ্পণ ২০২৫ শীৰ্ষক ৰাজ্যিক অনুষ্ঠানৰ শুভাৰম্ভ

প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ ৭৫ সংখ্যক জন্মদিনৰ সৈতে সংগতি ৰাখি আয়োজন কৰা স্বচ্ছতাই সেৱা আৰু সেৱাই সমৰ্পণ ২০২৫ শীৰ্ষক ৰাজ্যিক অনুষ্ঠানৰ গুৱাহাটী বশিষ্ঠ মন্দিৰ প্ৰাংগণত আজি গৃহ নিৰ্মাণ আৰু নগৰ পৰিক্ৰমা মন্ত্ৰী জয়ন্ত মল্লবৰুৱাই শুভাৰম্ভ কৰে। স্বচ্ছ ভাৰত অভিযান, গ্রামীণ আৰু স্বচ্ছ ভাৰত অভিযান নগৰৰ সহযোগত গুৱাহাটী পৌৰ নিগমে আয়োজন কৰা এই অনুষ্ঠানৰ শুভাৰম্ভ কৰি মন্ত্ৰী শ্ৰীমল্লবৰুৱাই কয়, যে প্রধানমন্ত্রী মোদীয়ে কার্যভাৰ গ্ৰহণ কৰাৰ পৰাই স্বচ্ছতাৰ প্ৰতি গুৰুত্ব প্ৰদান কৰি আহিছে। সেয়েহে প্রধানমন্ত্...