উত্তৰ গুৱাহাটী পৌৰসভাৰ অধীনত আৱৰ্জনা সংগ্ৰহৰ বাবে ৭ খন বাহন মুকলি

উত্তৰ গুৱাহাটীক স্বচ্ছ আৰু সেউজীকৰণ কৰাৰ উদ্দেশ্যে আজি উত্তৰ গুৱাহাটী পৌৰসভাৰ অধীনত আৱৰ্জনা সংগ্ৰহৰ বাবে ৭ খন বাহন মুকলি কৰা হয়।

ভিজা, শুকান, অনাময় আৰু ঘৰুৱা আৱৰ্জনা চাৰিটা ভাগত পৃথক কৰি এই জাৱৰসমূহ সংগ্ৰহ কৰাৰ পৰিকল্পনা লোৱা হৈছে।

উত্তৰ গুৱাহাটী পৌৰসভাৰ উপ-পৌৰপতি অনিল দাস আৰু পৌৰসভাৰ কাৰ্যবাহী বিষয়া তৃষ্ণা মিলিয়ে এই বাহনকেইখন মুকলি কৰে।