শিৱসাগৰ জিলাত বৃহত্তৰ ৰংপুৰ মে-ডাম-মে-ফি উদযাপন সমিতিৰ উদ্যোগত আৰু আটাছু জিলা সমিতিৰ সহযোগত অহা ৩০ জানুৱাৰীৰ পৰা ১ ফেব্ৰুৱাৰীলৈ আন্তঃৰাষ্ট্ৰীয় মে-ডাম-মে-ফিৰ আয়োজন কৰা হৈছে। উদযাপন সমিতিয়ে আজি এই সন্দৰ্ভত এখন সংবাদমেলৰ আয়োজন কৰি কয়, যে প্ৰতিবছৰে মে-ডাম-মে-ফিৰ সৈতে সংগতি ৰাখি অনুষ্ঠিত হোৱা ৰাষ্ট্ৰীয় পৰ্যায়ৰ মাৰাথন এইবাৰ বাতিল কৰা হৈছে। ইয়াৰ পৰিৱৰ্তে ১ ফেব্ৰুৱাৰীত শিৱসাগৰৰ বৰপুখুৰীৰ পাৰত ৰাজ্যিক ভিত্তিত হেৰিটেজ ৰানৰ আয়োজন কৰা হ’ব। পুৰুষ আৰু মহিলাৰ তিনিটা শাখাত হ’বলগীয়া এই প্রতিযোগিতাত বিজয়ীসকলক নগদ ধনেৰে পুৰস্কৃত কৰা হ’ব বুলি উদযাপন সমিতিয়ে প্ৰকাশ কৰে।
Assamese | January 22, 2026 11:47 AM | Akashvani | Akashvani Guwahati | Local news | Me-Dam-Me-Phi | Sivasagar
শিৱসাগৰত অহা ৩০ জানুৱাৰীৰ পৰা ১ ফেব্ৰুৱাৰীলৈ আন্তঃৰাষ্ট্ৰীয় মে-ডাম-মে-ফিৰ আয়োজন