শিৱসাগৰ জিলাত গৰুৰ খাদ্য হিচাপে ব্যৱহাৰ কৰা লালী গুৰৰ মজুত আৰু বিক্ৰীৰ ক্ষেত্ৰত জিলা প্ৰশাসনে নিষেধাজ্ঞা আৰোপ কৰিছে। লালীগুৰ ব্যৱহাৰ কৰি অবৈধভাৱে প্ৰস্তুত কৰা দেশী সুৰাই জনস্বাস্থ্য লৈ গুৰুতৰ ভাৱুকি সৃষ্টি কৰাৰ উপৰি শান্তি-শৃংখলা বিঘ্নিত হোৱাৰ আশংকা কৰি জিলা প্ৰশাসনে এই নিষেধাজ্ঞা জাৰি কৰিছে। নিৰ্দেশটোত লগতে গৰুৰ খাদ্য হিচাপে লালীগুৰ ক্ৰয়ৰ বাবে জিলা দণ্ডাধীশ অথবা পশুপালন বিভাগৰ পৰা আগতীয়া অনুমতি ল’ব লাগিব বুলি উল্লেখ কৰা হৈছে।
Assamese | January 13, 2026 5:39 PM | Aakashbani Guwahati | Akashvani | Local news | Sivasagar
শিৱসাগৰ জিলাত লালী গুৰৰ মজুত আৰু বিক্ৰীৰ ক্ষেত্ৰত জিলা প্ৰশাসনৰ নিষেধাজ্ঞা