October 21, 2026 8:24 PM

views 6

আজি বিশ্ব আয়’ডিন স্বল্পতা দিৱস

আজি বিশ্ব আয়’ডিন স্বল্পতা দিৱস। এই উপলক্ষে স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰালয়ে নাগৰিকসকলক আয়’ডিনযুক্ত নিমখ খাদ্যাভ্যাসত পৰিমিতভাৱে ব্যৱহাৰৰ বাবে পৰামৰ্শ দিছে। সামাজিক মাধ্যমৰ এটা বাৰ্তাত মন্ত্ৰালয়ে কয়, যে থাইৰয়ডৰ কাৰ্যক্ষমতা, মগজুৰ বিকাশ আৰু সামগ্রিক বৃদ্ধিৰ বাবে আয়’ডিনৰ প্ৰয়োজনীয়তা আছে। মন্ত্ৰালয়ে লগতে কয়, যে আয়’ডিনযুক্ত নিমখৰ ব্যৱহাৰৰ জৰিয়তে আয়’ডিনৰ অভাৱ আৰু ইয়াৰ লগত জড়িত স্বাস্থ্যজনিত সমস্যাসমূহ সমাধান কৰিব পাৰি।

October 21, 2026 7:49 PM

views 3

নেটিভ পিপল কমিটি মণিপুৰে আহ্বান জনোৱা ৪৮ ঘণ্টীয়া ধৰ্মঘটৰ দ্বিতীয় দিনত ৰাজ্যখনৰ স্বাভাৱিক জীৱন যাত্ৰা ব্যাহত

নেটিভ পিপল কমিটি মণিপুৰ চমুকৈ এন পি চি এমে আহ্বান জনোৱা ৪৮ ঘণ্টীয়া ধৰ্মঘটৰ আজি দ্বিতীয় দিনা ৰাজ্যখনৰ স্বাভাৱিক জীৱন যাত্ৰা ব্যাহত হয়। বন্ধৰ সময়ছোৱাত দোকান-পোহাৰ, ব্যৱসায় প্ৰতিষ্ঠান আৰু স্কুল- কলেজসমূহ বন্ধ থাকে। প্ৰতিবাদকাৰীসকলে ঠায়ে ঠায়ে পথ অৱৰোধ কৰে আৰু খংবাল ছানুৰোকত সংঘটিত আক্ৰমণত প্ৰাণ হেৰুওৱা ৩ জন খৰিকটীয়াৰ বাবে ন্যায়ৰ দাবী জনায়। তেওঁলোকে লগতে উপ মুখ্যমন্ত্রী নেমচা কিপগেনৰ পদত্যাগ আৰু ঘটনাৰ সৈতে জড়িত সশস্ত্ৰ গোটসমূহৰ সৈতে নির্ণায়ক ব্যৱস্থা গ্ৰহণৰ দাবী উত্থাপন কৰে৷

September 22, 2026 6:51 PM

views 18

ৰাজ্যত নতুনকৈ ৮ হাজাৰ আদৰ্শ অঙ্গনবাড়ী কেন্দ্ৰ নিৰ্মাণ কৰা হ’বঃ মন্ত্ৰী অজন্তা নেওগ

ৰাজ্যত নতুনকৈ ৮ হাজাৰ আদৰ্শ অঙ্গনবাড়ী কেন্দ্ৰ নিৰ্মাণ কৰা হ'ব বুলি মহিলা আৰু শিশু উন্নয়ন বিভাগৰ মন্ত্ৰী অজন্তা নেওগে প্রকাশ কৰিছে। বজালী জিলা আয়ুক্ত কাৰ্যালয়ত আজি মহিলা আৰু শিশু উন্নয়ন বিভাগৰ বিভিন্ন আঁচনি আৰু কাম-কাজৰ অগ্ৰগতি পর্যালোচনা কৰি মন্ত্ৰীগৰাকীয়ে এইদৰে মন্তব্য কৰে। পৰ্যালোচনা সভাখনত মন্ত্ৰীগৰাকীয়ে বজালী জিলা অঙ্গনবাড়ী কেন্দ্ৰৰ আন্তগাথনি উন্নয়ন, শিশু আৰু মাতৃৰ বাবে ৰূপায়িত বিভিন্ন আঁচনিৰ অগ্ৰগতিৰ বুজ লয়। মন্ত্ৰী নেওগে জিলাখনত অঙ্গনবাড়ী কেন্দ্ৰৰ কামৰ অগ্ৰগতিত সন্তুষ্টি প্ৰকাশ...

September 2, 2026 6:17 PM

views 17

ডিফুৰ জিলা আয়ুক্তৰ কাৰ্যালয়ৰ সভাকক্ষত ‘আমাৰ মাটি আমাৰ নায়ক’ শীৰ্ষক কাৰ্যসূচী ৰূপায়ণ সন্দৰ্ভত বৈঠক

কাৰ্বি আংলঙৰ জিলা আয়ুক্ত আৰণ্যক শ‍ইকীয়াৰ সভাপতিত্বত ডিফুৰ জিলা আয়ুক্তৰ কাৰ্যালয়ৰ সভাকক্ষত আজি আমাৰ মাটি আমাৰ নায়ক শীৰ্ষক কাৰ্যসূচী ৰূপায়ণ সন্দৰ্ভত এখন বৈঠক অনুষ্ঠিত হয়। বৈঠকত জিলাখনৰ এই কাৰ্যসূচীৰ সঠিক ৰূপায়ণ, পৰ্যবেক্ষণ, আৰু পৰিকল্পনা সুনিশ্চিত কৰাৰ বাবে জিলা পৰ্যায়ৰ সমিতিৰ সদস্যসকলক সহযোগিতাৰে কাম কৰিবলৈ জিলা আয়ুক্তগৰাকীয়ে আহ্বান জনায়। তেওঁ অহা ১৫ অক্টোবৰৰ ভিতৰত জিলাখনৰ আমাৰ মাটি আমাৰ নায়ক কাৰ্যসূচীৰ বাবে বাচনি কৰিবলগীয়া লোকসকলৰ বিষয়ে সবিশেষ দাখিল কৰিবলৈ আহ্বান জনায়। বৈঠকত পদ্ম...

July 17, 2026 8:44 PM

views 33

বিয়লিৰ ভাগত অহা এজাক বৰষুণৰ ফলত মহানগৰীৰ যোৰাবাটৰ নমাইল আৰু দহমাইলত কৃত্ৰিম বানৰ সৃষ্টি

বিয়লিৰ ভাগত অহা এজাক বৰষুণৰ ফলত মহানগৰীৰ যোৰাবাটৰ নমাইল আৰু দহমাইলত কৃত্ৰিম বানৰ সৃষ্টি হৈছে। এই কৃত্রিম বানৰ ফলত গুৱাহাটী যান বাহন আৰক্ষীয়ে জৰুৰী পথ নিৰ্দেশনা জাৰি কৰিছে। এই নির্দেশনা অনুযায়ী উজনি অসমৰ পৰা গুৱাহাটী অভিমুখী আহিবলগীয়া বাহনসমূহ সোনাপুৰৰ ডিগাৰু হৈ আহিবলৈ কোৱা হৈছে। একেদৰে গুৱাহাটীৰ পৰা উজনিলৈ যাবলগীয়া বাহনসমূহ নাৰেঙ্গী হৈ যাবলৈ এই নিৰ্দেশনা উল্লেখ কৰা হৈছে। কৃত্রিম বানৰ ফলত যোৰাবাটত যান-জটৰ সমস্যা হৈছে আৰু বহু বাহন কৃত্ৰিম বানৰ বাবে আৱদ্ধ হৈ আছে।

July 17, 2026 6:19 PM

views 23

দক্ষিণ শালমাৰা জিলাৰ মানকাচৰৰ সুখচৰ থানাৰ অন্তৰ্গত ফাত্তাপাৰা গাঁৱত বিদ্যুৎপৃষ্ট হৈ এটি ৯ বছৰীয়া শিশুৰ মৃত্যু

দক্ষিণ শালমাৰা জিলাৰ মানকাচৰৰ সুখচৰ থানাৰ অন্তৰ্গত ফাত্তাপাৰা গাঁৱত বিদ্যুৎপৃষ্ট হৈ এটি ৯ বছৰীয়া শিশুৰ মৃত্যু হোৱাৰ লগতে শিশুটিৰ পিতৃ গুৰুতৰভাৱে আহত হয়। বিদ্যুৎপৃষ্ট হৈ মৃত্যু হোৱা শিশুটি আর্মান হুছেইন বুলি জানিব পৰা গৈছে। ইফালে আহত শিশুটিৰ পিতৃ জুলফিকাৰ হুছেইন হাতশিঙিমাৰী জিলা চিকিৎসালয়ত চিকিৎসাধীন হৈ আছে। খেলি থকা অৱস্থাতে চিগি থকা বিদ্যুৎ তাঁৰৰ সংস্পৰ্শলৈ আহি শিশুটি বিদ্যুৎপৃষ্ট হয় আৰু শিশুটিক বচাবলৈ গৈ বিদ্যুত্ৰ সংস্পৰ্শলৈ অহাত পিতৃয়েও আহত হয়।

July 17, 2026 12:36 PM

views 42

বিয়লি ৩.৩০ বজাত অসমৰ মাজবাটসহ দেশৰ বিভিন্ন প্ৰান্তৰ ৭৫টা অমৃত ষ্টেচন মুকলি

প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি বিয়লি ৩.৩০ বজাত পাঞ্জাবৰ জলন্ধৰৰ পৰা ভিডিঅ’ কনফাৰেন্সিং ব্যৱস্থাৰে অসমৰ মাজবাটসহ দেশৰ বিভিন্ন প্ৰান্তৰ ৭৫টা অমৃত ষ্টেচন মুকলি কৰিব। ৰাজ্যপাল লক্ষ্মণপ্রসাদ আচার্য, মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শৰ্মা, কেন্দ্ৰীয় ৰে'ল মন্ত্ৰী অশ্বিনী বৈষ্ণৱ, কেন্দ্ৰীয় বন্দৰ, জাহাজ চলাচল আৰু জলপথ মন্ত্ৰী সৰ্বানন্দ সোণোৱাল, কেন্দ্ৰীয় বস্ত্ৰ আৰু বৈদেশিক পৰিক্ৰমা দপ্তৰৰ ৰাজ্যমন্ত্ৰী পৱিত্ৰ মাৰ্ঘেৰিটা, ৰে'ল আৰু খাদ্য প্ৰ-সংস্কৰণ উদ্যোগ ৰাজ্য মন্ত্ৰী ৰৱনীট সিং আৰু সাংসদ দিলীপ শ‍ইকীয়...

July 13, 2026 6:19 PM

views 48

যোৰাবাটৰ ন-মাইল আৰু দহ-মাইলত ধাৰাসাৰ বৰষুণৰ ফলত কালি হোৱা কৃত্রিম বানৰ পাছত আজি অঞ্চলটোত তীব্র যান-জঁটৰ সৃষ্টি

যোৰাবাটৰ ন-মাইল আৰু দহ-মাইলত ধাৰাসাৰ বৰষুণৰ ফলত কালি হোৱা কৃত্রিম বানৰ পাছত আজি অঞ্চলটোত তীব্র যান-জঁটৰ সৃষ্টি হৈছে। দূৰণিলৈ যাবলগীয়া যান-বাহনসমূহ বোকাময় পথত কেইবাঘণ্টা ধৰি আৱদ্ধ হৈ আছে। বানৰ পাছত যোৰাবাটৰ পৰা খানাপাৰালৈকে অঞ্চলটো বোকাৰে ভৰি পৰিছে। উল্লেখযোগ্য যে কৃত্রিম বানৰ ফলত কালি উজনি উত্তৰ আৰু মধ্য অসমলৈ যাবলগীয়া বহু যাত্ৰীয়ে কালি যাত্রা বাতিল কৰিবলগীয়া হয়। আৰক্ষীয়ে যোৰাবাটেৰে আহিবলগীয়া যান-বাহনৰ দিশো সলনি কৰে। গুৱাহাটী অভিমুখে অহা যান-বাহনসমূহ ডিগাৰু হৈ গুৱাহাটীলৈ আৰু গুৱাহাটীৰ পৰ...

July 11, 2026 8:11 PM

views 37

‘‘বিশ্ব জনসংখ্যা দিৱসে স্বেচ্ছামূলক পৰিয়াল পৰিকল্পনা, স্বাস্থ্যৱান পৰিয়ালৰ অন্তৰ্ভুক্তি আৰু বহনক্ষম বিকাশৰ ভেটি হিচাপে গুৰুত্ব আৰোপ কৰে’’-জে পি নাড্ডা

কেন্দ্ৰীয় স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্রী জে পি নাড্ডাই কয়, যে বিশ্ব জনসংখ্যা দিৱসে স্বেচ্ছামূলক পৰিয়াল পৰিকল্পনা, স্বাস্থ্যৱান পৰিয়ালৰ অন্তৰ্ভুক্তি আৰু বহনক্ষম বিকাশৰ ভেটি হিচাপে গুৰুত্ব আৰোপ কৰে। সামাজিক মাধ্যমৰ এটা বাৰ্তাত শ্ৰীনাড্ডাই কয়, যে সন্তানৰ মাজত যদি সঠিক অন্তৰাল থাকে তেতিয়া পৰিয়ালসমূহ সুস্থ আৰু সুখী হৈ পৰে। তেওঁ গুণগত স্বাস্থ্যসেৱা নিশ্চিত কৰা, এখন সুস্থ, শক্তিশালী আৰু সমৃদ্ধিশালী ভাৰত গঢ়ি তোলাৰ বাবে সকলোৰে প্ৰতি আহ্বান জনায়। প্ৰতিবছৰে স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্...

July 10, 2026 6:49 PM

views 23

ৰাজ্যত ২০১৬ চনৰ পৰা বৰ্তমানলৈকে ব্ৰহ্মপুত্ৰ আৰু ইয়াৰ উপনৈসমূহৰ খহনীয়াত ২ লাখ ৩১ হাজাৰ ১০০ বিঘা ভূমি ক্ষতিগ্ৰস্ত

ৰাজ্যত ২০১৬ চনৰ পৰা বৰ্তমানলৈকে ব্ৰহ্মপুত্ৰ আৰু ইয়াৰ উপনৈসমূহৰ খহনীয়াত দুই লাখ ৩১ হাজাৰ ১০০ বিঘা ভূমি ক্ষতিগ্ৰস্ত হৈছে। অসম বিধানসভাৰ বাজেট অধিৱেশনত আজি বিধায়ক আব্দুৰ ৰহিম আহমেদৰ খহনীয়া সন্দৰ্ভত এটা প্ৰশ্নৰ লিখিত উত্তৰত ৰাজহ আৰু দুৰ্যোগ ব্যৱস্থাপনা বিভাগৰ মন্ত্ৰী কেশৱ মহন্তই এই কথা প্ৰকাশ কৰে। তেওঁ কয়, যে জিলা আয়ুক্তসকলৰ কাৰ্যালয়ৰ পৰা লাভ কৰা তথ্য অনুসৰি খহনীয়াৰ ফলত প্ৰায় ১০০ খন গাঁও সম্পূৰ্ণৰূপে আৰু ২৩০ খন গাঁও আংশিকভাৱে নদীত যাহ গৈছে। তদুপৰি প্ৰায় ৩৯ হাজাৰ লোকক খহনীয়াৰ বাবে স্থানান্...