নেটিভ পিপল কমিটি মণিপুৰে আহ্বান জনোৱা ৪৮ ঘণ্টীয়া ধৰ্মঘটৰ দ্বিতীয় দিনত ৰাজ্যখনৰ স্বাভাৱিক জীৱন যাত্ৰা ব্যাহত

নেটিভ পিপল কমিটি মণিপুৰ চমুকৈ এন পি চি এমে আহ্বান জনোৱা ৪৮ ঘণ্টীয়া ধৰ্মঘটৰ আজি দ্বিতীয় দিনা ৰাজ্যখনৰ স্বাভাৱিক জীৱন যাত্ৰা ব্যাহত হয়।

বন্ধৰ সময়ছোৱাত দোকান-পোহাৰ, ব্যৱসায় প্ৰতিষ্ঠান আৰু স্কুল- কলেজসমূহ বন্ধ থাকে।

প্ৰতিবাদকাৰীসকলে ঠায়ে ঠায়ে পথ অৱৰোধ কৰে আৰু খংবাল ছানুৰোকত সংঘটিত আক্ৰমণত প্ৰাণ হেৰুওৱা ৩ জন খৰিকটীয়াৰ বাবে ন্যায়ৰ দাবী জনায়।

তেওঁলোকে লগতে উপ মুখ্যমন্ত্রী নেমচা কিপগেনৰ পদত্যাগ আৰু ঘটনাৰ সৈতে জড়িত সশস্ত্ৰ গোটসমূহৰ সৈতে নির্ণায়ক ব্যৱস্থা গ্ৰহণৰ দাবী উত্থাপন কৰে৷